--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট জাতীয় ফল মূল সেৱনে ছালৰ সমস্যা ততালিকে দূৰ কৰিব পাৰে ।

ডিজিটেল ডেস্ক : আপুনি যদি ৩০ ৰ দেওনা পাৰ কৰিছে তেনেহলে যত্ন লওক নিজৰ ছালৰ । মানৱ দেহে বয়সৰ অনুপাতে ভিন্ন সমস্যাৰ মুখামুখি হয়, তাৰে ভিতৰত ছাল সুটোৰা সুটোৰ হোৱাও এক অন্যতম সমস্যা ৰূপে পৰিগণিত । কিন্তু কিছুমান খাদ্যৰ সেৱনে আমাৰ ছালৰ পুনৰ সুস্থ ৰূপায়নত অৰিহণা যোগাব পাৰে ।


এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি সুস্থ ডাইট মেইনটেইন কৰাৰ লগতে , ব্যায়াম , সুষম খাদ্য, ষ্ট্ৰেচজনিত কাৰণৰ পৰা দূৰত আৰু সুন্দৰ জীৱন যাপন কৰাটো শ্ৰেয়।


ভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট জাতীয় ফল মূল সেৱনে ছালৰ সমস্যা ততালিকে দূৰ কৰিব পাৰে । ফল মূলৰ ভিতৰত কমলা, ঋতুভিত্তিক ফল যেনে মৌচুমী টেঙা ,আৰু আপেলৰ দৰে ফলত ভিটামিন চি থাকে। যিবোৰ ছালৰ বাবে অত্যন্ত গুৰুতবপূৰ্ণ।


ভিন্ন সেউজীয়া শাক পাচলি যেনে মেথি, কচু, ব্ৰকলি, বন্ধাকবি বিভিন্ন ধৰণৰ ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টৰ সমৃদ্ধ উৎস যিয়ে শৰীৰক বিভিন্ন উপকাৰ সাধে।


ইয়াৰোপৰি ড্ৰাই ফ্ৰুইটছ, বাদাম আৰু গুটিৰ পৰা স্বাস্থ্যকৰ চৰ্বি আৰু ভিটামিন ই পোৱা যায় যিয়ে ছালখনক সুস্থ কৰি ৰাখে আৰু ইয়াক পুষ্টিকৰ কৰি তোলে। এইবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে । এনে খাদ্য সেৱনে আপোনাৰ ছালৰ সমস্যা ততালিকে নিৰাময় কৰি সুন্দৰ কৰি তুলিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ