--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আৰক্ষীয়ে পিকনিকৰ আয়োজন কৰোঁতে পালন কৰিবলগীয়া আৰু কি কি কৰিব নালাগিব তাৰ স্পষ্ট নির্দেশনা জাৰি কৰিছে।

ডিজিটেল ডেস্ক: আহি গ'ল আকৌ পিকনিকৰ বতৰ। নতুন বছৰৰ আগমনৰ প্ৰাকমুহূৰ্তত ৰাইজ এতিয়া ব্যস্ত হ'ব আপোনজনৰ লগত একেলগে প্ৰকৃতিৰ বুকুত এসাঁজ খাই লগে ভাগে বনভোজ উদযাপন কৰাত। কিন্তু এইবাৰ পিকনিক খাবলৈ যাওঁতে সকলো বিশেষভাৱে সাৱধান হ'ব লাগিব। কাৰণ অসম আৰক্ষীয়ে জাৰি কৰিছে পিকনিকৰ কঠোৰ এছ অ' পি। এছ অ' পিৰ নিৰ্দেশনাৱলী ভংগ কৰিলে সন্মুখীন হ'ব লাগিব শাস্তিৰ। 


আৰক্ষীয়ে পিকনিকৰ আয়োজন কৰোঁতে পালন কৰিবলগীয়া আৰু কি কি কৰিব নালাগিব তাৰ স্পষ্ট নির্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত প্ৰতিটো পিকনিক পার্টিয়ে সুৰাপান নকৰা গাড়ীচালকেৰে গাড়ী চলোৱা, ভ্ৰমণৰ উপযোগী বাহন ব্যৱহাৰ কৰা, যাত্রীবাহী বাহন ব্যৱহাৰ কৰা, গাড়ীত ছীটবেল্ট আৰু মটৰচাইকেলত হেলমেট ব্যৱহাৰ কৰা, যান-বাহন আইন মানি গাড়ী চলোৱা, নিৰ্ধাৰিত বা সুৰক্ষিত স্থানতহে বাহন পার্কিং কৰা, জৰুৰীকালীন অত্যাৱশ্যকীয় ফাষ্ট এইড কীট লগত ৰখা নিশ্চিত কৰিবলৈ নির্দেশনা দিছে। 


আনহাতে, অতিমাত্রা বেগত গাড়ী নচলোৱা, সুৰাপান কৰি গাড়ী নচলোৱা, আসনৰ ক্ষমতাতকৈ অধিক লোক বাহনত নোযোৱা, মালবাহী গাড়ীত পিকনিকলৈ নোযোৱা, ডাঙৰ শব্দত গান নবজোৱা, ভ্ৰমণৰ অনুপযোগী বাহন ব্যৱহাৰ নকৰা, অনুমতিবিহীন স্থানত যান-বাহন পার্কিং নকৰা, ডাঠ কুঁৱলী বা প্রতিকূল বতৰত যাত্ৰা নকৰা, সূর্যোদয়ৰ আগত আৰু সূর্যাস্তৰ পাছত যাত্রা নকৰাটো নিশ্চিত কৰিবলৈ আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ