--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অভিযোগ অনুসৰি ঘিলাধাৰী আৰক্ষী থানাৰ তিনিজন আৰক্ষীয়ে নিশা এক বিবাহ অনুস্থানত বৰ্বৰোচিত লাঠিচালনা কৰাত আঘাটপ্ৰাপ্ত হয় বহুকেইজন লোক।

ডিজিটেল ডেস্কঃ গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । আৰক্ষী থানাৰ চৌহদতে প্ৰতিবাদত বহিছে ক্ষোভিত ৰাইজ। অভিযোগ অনুসৰি ঘিলাধাৰী আৰক্ষী থানাৰ তিনিজন আৰক্ষীয়ে নিশা এক বিবাহ অনুস্থানত বৰ্বৰোচিত লাঠিচালনা কৰাত আঘাটপ্ৰাপ্ত হয় বহুকেইজন লোক। 


ইয়াৰ মাজৰে অজয় কৰ্মকাৰ,পূজা কৰ্মকাৰ, লক্ষীৰাম কৰ্মকাৰ, বিকাশ কৰ্মকাৰ, বিজয় কৰ্মকাৰ, সঞ্জয় কৰ্মকাৰ আৰু বিশ্বজিত কৰ্মকাৰৰ আঘাট গুৰুতৰ। ঘিলাধাৰী আৰক্ষী থানাৰ সমীপৰে ৰূপকলীয়া গাঁৱৰ এক বিবাহ অনুস্থানত সূত্ৰপাত ঘটা এক সামান্য কাজিয়া নিয়ন্ত্ৰণ কৰিবলৈ গৈছিল আৰক্ষীৰ তিনিজনীয়া দলটো। 


কিন্তু আৰক্ষীৰ দলটোৱে সোধপোছ নকৰাকৈ এফালৰ পৰা লাঠিচালনা কৰিবলৈ ধৰে। বহু পৰিয়ালৰ বাসগৃহৰ ভিতৰত সোমাই আৰক্ষীয়ে মহিলা আৰু শিশুকো বৰ্বৰভাৱে প্ৰহাৰ কৰে। আনকি গাঁওৰক্ষী বাহিনীৰ নায়কজনকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে। পিড়িত লোকসকলে কৰা অভিযোগ মতে আৰক্ষী তিনিগৰাকীয়ে সেই সময়ত সুৰাৰ ৰাগীত মাতাল হৈ আছিল। ইয়াৰ প্ৰতিবাদত আজি পিড়িত সকলৰ লগতে একাংশ স্থানীয় ৰাইজে ঘিলাধাৰী আৰক্ষী থানাৰ চৌহদত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। 


স্থানীয় ৰাইজে অভিযুক্ত আৰক্ষী জোৱান কেইজনৰ ওপৰচ বিহিত ব্যৱস্থা লোৱাৰ লগতে আঘাটপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ