--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অভিযোগ অনুসৰি ঘিলাধাৰী আৰক্ষী থানাৰ তিনিজন আৰক্ষীয়ে নিশা এক বিবাহ অনুস্থানত বৰ্বৰোচিত লাঠিচালনা কৰাত আঘাটপ্ৰাপ্ত হয় বহুকেইজন লোক।

ডিজিটেল ডেস্কঃ গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । আৰক্ষী থানাৰ চৌহদতে প্ৰতিবাদত বহিছে ক্ষোভিত ৰাইজ। অভিযোগ অনুসৰি ঘিলাধাৰী আৰক্ষী থানাৰ তিনিজন আৰক্ষীয়ে নিশা এক বিবাহ অনুস্থানত বৰ্বৰোচিত লাঠিচালনা কৰাত আঘাটপ্ৰাপ্ত হয় বহুকেইজন লোক। 


ইয়াৰ মাজৰে অজয় কৰ্মকাৰ,পূজা কৰ্মকাৰ, লক্ষীৰাম কৰ্মকাৰ, বিকাশ কৰ্মকাৰ, বিজয় কৰ্মকাৰ, সঞ্জয় কৰ্মকাৰ আৰু বিশ্বজিত কৰ্মকাৰৰ আঘাট গুৰুতৰ। ঘিলাধাৰী আৰক্ষী থানাৰ সমীপৰে ৰূপকলীয়া গাঁৱৰ এক বিবাহ অনুস্থানত সূত্ৰপাত ঘটা এক সামান্য কাজিয়া নিয়ন্ত্ৰণ কৰিবলৈ গৈছিল আৰক্ষীৰ তিনিজনীয়া দলটো। 


কিন্তু আৰক্ষীৰ দলটোৱে সোধপোছ নকৰাকৈ এফালৰ পৰা লাঠিচালনা কৰিবলৈ ধৰে। বহু পৰিয়ালৰ বাসগৃহৰ ভিতৰত সোমাই আৰক্ষীয়ে মহিলা আৰু শিশুকো বৰ্বৰভাৱে প্ৰহাৰ কৰে। আনকি গাঁওৰক্ষী বাহিনীৰ নায়কজনকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে। পিড়িত লোকসকলে কৰা অভিযোগ মতে আৰক্ষী তিনিগৰাকীয়ে সেই সময়ত সুৰাৰ ৰাগীত মাতাল হৈ আছিল। ইয়াৰ প্ৰতিবাদত আজি পিড়িত সকলৰ লগতে একাংশ স্থানীয় ৰাইজে ঘিলাধাৰী আৰক্ষী থানাৰ চৌহদত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। 


স্থানীয় ৰাইজে অভিযুক্ত আৰক্ষী জোৱান কেইজনৰ ওপৰচ বিহিত ব্যৱস্থা লোৱাৰ লগতে আঘাটপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু