--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমান বন্দৰ টার্মিনেল হিচাপে বিবেচিত হ'ব লগীয়া নতুন টার্মিনেল ভৱনত বাঁহ আৰু অর্কিড ব্যৱহাৰ কৰাৰ ফলত অসমৰ জৈৱ-বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে।

ডিজিটেল ডেস্ক: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল সন্দৰ্ভত সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈছে। ১.৪ লাখ বৰ্গমিটাৰ এলেকাৰ টাৰ্মিনেলটো আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। বাঁহ আৰু অৰ্কিডৰ বিনন্দীয়া প্ৰাকৃতিক শোভাৰ প্ৰতিফলন ঘটিছে টাৰ্মিনেলটোত।


মন কৰিব লগীয়া কথা যে প্রধানমন্ত্রীয়ে আজি ৰাইজৰ বাবে মুকলি কৰি দিব লগীয়া লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো যোগাযোগ ব্যৱস্থা, অর্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বব্যাপী সংযোগৰ ক্ষেত্ৰত এক ৰূপান্তৰশীল মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। প্রায় ১.৪ লাখ বর্গমিটাৰত বিস্তৃত নৱনির্মিত সংহত নতুন টার্মিনেল ভৱনটো বছৰি প্ৰায় ১.৩ কোটি যাত্রী বহন কৰিব পৰাকৈ নির্মাণ কৰা হৈছে। বিশেষভাৱে ৰানৱে', এয়াৰফিল্ড ছিষ্টেম, এপ্রন আৰু টেক্সিৱে' নির্মাণত আধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে।


অসমবাসীৰ লাভালাভ-


বছৰি যাত্ৰীসেৱা ৬৬ লাখৰ পৰা ১.৩ কোটিলৈ বৃদ্ধি

বিমানবন্দৰ উন্নয়নৰ জৰিয়তে আগন্তুক ৫ বছৰত ৬০০০ নিয়োগ সৃষ্টি

পৰ্যটন,বাণিজ্য, সা-সামগ্ৰী আৰু উদ্যোগ ক্ষেত্ৰৰ উন্নয়ন

আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিতকৰণ


যাত্ৰীকেন্দ্ৰিক সুবিধা-


ভাৰতত প্ৰথমবাৰৰ বাবে পাৰ্কিং এলেকা আৰু এৰাইভেল ফৰকৰ্টত চেক-ইনৰ সুবিধা

নিৰাপত্তাজনিত পৰীক্ষাৰ বাবে ক্ষিপ্ৰ তথা হস্তক্ষেপবিহীন সম্পূৰ্ণ শৰীৰৰ স্কেন

ডিজিযাত্ৰাৰ জৰিয়তে প্ৰত্যেকখন দ্বাৰতে মুখমণ্ডল চিনাক্তকৰণ ব্যৱস্থা


ইফালে, ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমান বন্দৰ টার্মিনেল হিচাপে বিবেচিত হ'ব লগীয়া নতুন টার্মিনেল ভৱনত বাঁহ আৰু অর্কিড ব্যৱহাৰ কৰাৰ ফলত অসমৰ জৈৱ-বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে।


টার্মিনেলটোত উত্তৰ-পূর্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্রায় ১৪০ মেট্রিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে। কাজিৰঙাৰ সেউজীয়া প্রাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্রতীক আৰু কপৌ ফুলক প্রতিফলিত কৰা ৫৭বিধ অর্কিড আধাৰিত স্তম্ভনির্মাণ কৰা হৈছে।


প্রায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য 'স্কাই ফৰেষ্টো' আছে যিয়ে যাত্রীসকলক এক অনন্য অভিজ্ঞতা প্রদান কৰিব। আনহাতে, টার্মিনেলটোত যাত্ৰীসকলৰ সা-সুবিধা, বিশেষকৈ ডিজিটেল দিশটোত সর্বাধিক গুৰুত্ব দিয়া হৈছে। এই প্রকল্পত প্রায় পাঁচ হাজাৰ কোটি টকা ব্যয় হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ