--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই নিৰ্যাতনৰ ঘটনাত এজন অসমীয়া যুৱকৰ কৰুণ মৃত্যু ঘটাৰ লগতে কথমপি প্ৰাণ ৰক্ষা পৰে আন এজন যুৱকৰ।

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক নিৰ্যাতন চলোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে। এই নিৰ্যাতনৰ ঘটনাত এজন অসমীয়া যুৱকৰ কৰুণ মৃত্যু ঘটাৰ লগতে কথমপি প্ৰাণ ৰক্ষা পৰে আন এজন যুৱকৰ। 


বিগত চাৰিবছৰে বেংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত অৱস্থাত থকা গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ গাঁৱৰ এজন যুৱক আৰু যোৰহাট জিলাৰ বৰহোলা অঞ্চলৰ এজন যুৱকক ১২ নৱেম্বৰত বেংগালুৰুত অচিনাক্ত লোকৰ দলে মাৰপিট কৰি গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত কৰে।


বহিঃৰাজ্যত নিৰ্যাতনৰ বলি হৈ মেৰাপানী আদৰ্শ গাঁৱৰ প্ৰবিন গগৈ আৰু বৰহোলাৰ সমুজ্বল শইকীয়া নামৰ যুৱক দুজন বেংগালুৰুৰ পৰা ৰেলেৰে গুৱাহাটীলৈ আহে। ৰেলত আহি থাকোতে বিহাৰৰ বিজাপুৰ ৰেলষ্টেচনত পানী আনিবলৈ বুলি সমুজ্বল শইকীয়া নামৰ যুৱকজন ৰেলৰ পৰা নামি যায় আৰু তেনে সময়তে ৰেলগাড়ীখনে ষ্টেচন এৰে। 


পাছত সমুজ্বল শইকীয়াই ষ্টেচনতে থাকি অহাৰ বিষয়ে ফোনযোগে সহযোগী প্ৰবিন গগৈক জানিবলৈ দিয়ে। কিন্তু শুক্ৰবাৰে বিহাৰৰ এটা ৰেলষ্টেচনৰ পৰা ৰেলৱে আৰক্ষীয়ে ফোনযোগে প্ৰবিনক অৱগত কৰে যে সমুজ্জলৰ মৃতদেহ উদ্ধাৰ হৈছে ৰেল ষ্টেচনৰ সমীপত। পাছত প্ৰবিন গগৈয়ে যেনে-তেনে গুৱাহাটীত উপস্থিত হোৱাত অন্যলোকৰ সহায়ত গুৱাহাটীৰ পৰা ফৰকাটিং জংচনত উপস্থিত হয় ।


মুৰ, চকু আৰু পিঠিত গুৰুতৰ ভাবে আঘাট পোৱা প্ৰবিন গগৈ বৰ্তমানে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি কিছু সুস্থ হৈ উঠিছে। ইফালে, সমুজ্বল শইকীয়াৰ পৰিয়ালৰ লোকে সমুজ্বল শইকীয়াৰ মৃতদেহ ঘৰলৈ আনি সৎকাৰ কৰে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন