--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কালি সন্ধিয়া ৬-৩০ বজাত লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোক সমৱেত হৈ জনজাতিকৰণৰ দাবীত গণহুংকাৰ দি ত্যাগক্ষেত্ৰৰ পৰাই বৃহৎ জোঁৰ সমদল উলিয়ায়।

ডিজিটেল ডেস্ক : হাজাৰ হাজাৰ টাই আহোমৰ গৰ্জনত কালি সন্ধিয়া কঁপি উঠিল লখিমপুৰ। আহোমকে ধৰি ছয় জনগোষ্ঠীক শীঘ্রে জনজাতিকৰণৰ দাবীত কালি লখিমপুৰৰ ৰাজপথত হাতে হাতে জোঁৰ শিখা লৈ হাজাৰ হাজাৰ টাই আহোমে কেন্দ্ৰ-ৰাজ্য চৰকাৰলৈ তীব্র সকীয়নিৰে গর্জন তুলি যিকোনো পৰিস্থিতিত আহোমক জনজাতিকৰণ দিয়াৰ দাবী তুলি ৰাজপথ উত্তাল কৰি তোলে।


কালি সন্ধিয়া ৬-৩০ বজাত লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোক সমৱেত হৈ জনজাতিকৰণৰ দাবীত গণহুংকাৰ দি ত্যাগক্ষেত্ৰৰ পৰাই বৃহৎ জোঁৰ সমদল উলিয়ায়। টাই আহোম ছাত্র সন্থা কেন্দ্রীয় সমিতিৰ আহ্বানত লখিমপুৰ জিলা সমিতি আৰু ঐক্যবদ্ধ আহোম ৰাইজৰ উদ্যোগত জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত হাতে হাতে জোঁৰ লৈ লখিমপুৰ নগৰৰ মাজেৰে উত্তাল ধ্বনিৰে চৌদিশ কঁপাই তোলে। 


'আহোম আজি জাগিছে', 'আহোম আজি ৰাজপথত', 'হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই', 'শুনি ল শুনি ল, নৰেন্দ্ৰ মোদীয়ে শুনি ল', 'আহ ঐ আহ ওলাই আহ', 'আমাক জনজাতিকৰণ লাগিবই', 'বিজেপি গ' বেক', 'কোনে কয় লাচিত নাই, হাজাৰ লাচিত আগুৱাই' আদি ধ্বনিৰে 'বিজেপি গ' বেক, 'আমাক এছ টি লাগিবই', 'ন' এছ টি ন' ৰেষ্ট', 'ন' এছ টি ন' ভোট' ধবনিৰে প্রায় ৩ কিল'মিটাৰ দৈৰ্ঘ্যৰ সমদল উলিয়াই নগৰৰ মাজমজিয়াৰ টেক্সি ষ্টেণ্ডত এক প্রতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত আটাছুৰ কেন্দ্ৰীয় নেতা মনোজ গগৈয়ে কয়, 'আমাৰ স্পষ্ট কথা, ২০১৯ চনৰ ৯ জানুৱাৰীত ৰাজ্য সভাত যিখন বিল উত্থাপন হ'ল তাৰ পৰৱৰ্তী অংশহে আমাক লাগে। অৰ্থাৎ ৰাজ্য সভা, লোক সভাত বিল উত্থাপন হ'ব লাগে, পাছ হ'ব লাগে, ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হ'ব লাগে, গেজেটে নটিফিকেশ্যন ওলাব লাগে আৰু টাই আহোম জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিব লাগে। ইয়াৰ পাছতো যদি মন্ত্রীগোটে প্রতিবেদন দিয়াত হীন-ডেঢ়ি কৰে তেতিয়াহ'লে টাই আহোমসকল হাত সাবটি বহি নাথাকে। বিগত কংগ্রেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন ওফৰাবলৈ যিদৰে প্রতিশ্রুতিবদ্ধ হৈছিলোঁ, সেইদৰে বিজেপি চৰকাৰকো ওফৰাবলৈ আমি সাজু হৈছোঁ। ইয়াৰ পাছতো যদি বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰে চামধৰা গড়ৰ পৰা শদিয়ালৈকে সুকীয়া ৰাজ্য বিচৰাৰ কথা চিন্তা কৰাৰ বাবে বাধ্য হ'ব বুলি সকীয়াই দিয়ে। 


আনহাতে, আটাছুৰ আন এজন কেন্দ্ৰীয় নেতা তথা সভাপতি বসন্ত গগৈয়ে কয়- 'জনজাতিকৰণৰ জাতিৰ দলিলখন যদি ৰাজনীতিৰ মেৰপেঁচত বন্দী হয়, ৰাজনৈতিক গিনিপিগ সজোৱাৰ কামবিলাক কৰে, তেতিয়া জাতি জাগ্রত হ'ব, জাতিয়ে তাৰ প্ৰত্যুত্তৰ দিব বুলি কয়। কালিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, যুটীয়া সম্পাদক দিগন্ত চাংমাই, টাই সাহিত্য সভাৰ সভাপতি তেলিৰাম দুৱৰাৰ লগতে আটাছু নেতা অচ্যুৎ বুঢ়াগোহাঁই, লক্ষ্য কোঁৱৰ, হিলটন কোঁৱৰ আদিয়ে।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?