--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বর্ষাপাৰাৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখনে ইয়াৰ লগে লগে আন এক গৌৰৱৰ অধিকাৰী হ'ল।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বৰ্যাপাৰা ষ্টেডিয়ামে কালি বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত এটা নতুন টেষ্ট কেন্দ্র হিচাপে স্থান লাভ কৰে। কালি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুখনীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্ট আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটী ভাৰতৰ ৩০সংখ্যক টেষ্ট কেন্দ্র ৰূপে পৰিগণিত হয়।


বর্ষাপাৰাৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখনে ইয়াৰ লগে লগে আন এক গৌৰৱৰ অধিকাৰী হ'ল। মন কৰিবলগীয়া যে বিশ্বৰ ভিতৰত ভাৰততে টেষ্ট খেলা সর্বাধিক সংখ্যক ষ্টেডিয়াম আছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট কেন্দ্ৰ ৰূপে পৰিগণিত হোৱাত সন্তুষ্টি প্রকাশ কৰে আৰু কয় যে ইয়াৰ ফলত যুৱ প্ৰজন্মৰ খেলুৱৈসকলে প্ৰেৰণা লাভ কৰিব। 


মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'গুৱাহাটীয়ে ইতিহাসৰ সৃষ্টি কৰিলে। অসমৰ ক্ৰিকেটক শিখৰলৈ লৈ যোৱা এ চি এ ষ্টেডিয়াম ভাৰতৰ ৩০ সংখ্যক টেষ্ট কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাত আমি গৌৰৱান্বিত হৈছোঁ।' তেওঁ কয়, 'এই ক্ষণে অসংখ্য যুৱ প্রতিভাক প্ৰেৰণা যোগাব আৰু আমাৰ ক্ৰীড়া উচ্চাকাংক্ষাক আৰু অধিক ওপৰলৈ লৈ যাব। অসমৰ বাবে এক নতুন ইনিংছ।' 


গুৱাহাটীত অনুষ্ঠিত প্রথমখন টেষ্ট মেচৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সভাপতি মিথুন মিনহাছ আৰু সচিব দেৱজিৎ শইকীয়াই। তেওঁলোকে ষ্টেডিয়ামত উপস্থিত হৈ পৰম্পৰাগত ঘণ্টা বজাই মেচৰ আৰম্ভণি কৰে। গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা টেষ্টখন আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দলৰ অধিনায়ক ক্ৰমে ভাৰতৰ ঋষভ পন্ত আৰু দক্ষিণ আফ্ৰিকাৰ টেম্বা বাভুমাই ষ্টেডিয়ামৰ প্ৰতিকৃতিত স্বাক্ষৰ কৰে। ইয়াৰ পাছত গুৱাহাটীত প্রথম টেষ্ট অনুষ্ঠিত হোৱাৰ চিন স্বৰূপে দুয়োজন অধিনায়কক বিশেষভাৱে তৈয়াৰ কৰা সোণৰ মুদ্রা উপহাৰ দিয়া হয়। কালি প্ৰথম দিনাৰ খেল উপভোগ কৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। 


উল্লেখযোগ্য যে গুৱাহাটীত টেষ্ট ক্ৰিকেটৰ ১৪৮ বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে এক পৰম্পৰাও ভংগ হয়। টেষ্ট ক্রিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰথম দিনা মধ্যাহ্ন ভোজনৰ আগতে চাহ-বিৰতি লোৱা হয়। উত্তৰ-পূৰ্বাঞ্চলত সোনকালে সূর্যোদয় আৰু সূর্যাস্ত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হয়। ফলত কালি প্রথম ছেছন পুৱা ৯ বজাত আৰম্ভ হৈ ১১ বজাত শেষ হয়। ইয়াৰ পাছত ১১ বজাৰ পৰা ১১-২০ বজালৈ চাহ-বিৰতি লোৱা হয়। 


উল্লেখযোগ্য যে দ্বিতীয় টেষ্টৰ কালি প্রথম দিনা আলহী দল দক্ষিণ আফ্রিকাই ৬ উইকেট হেৰুৱাই ২৪৭ ৰান কৰে। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ টেষ্ট ক্রিকেট খেলোৱা হৈছিল ১৯৩৩ চনত মুম্বাইৰ জিমখানা ক্লাবত।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ