--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বর্ষাপাৰাৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখনে ইয়াৰ লগে লগে আন এক গৌৰৱৰ অধিকাৰী হ'ল।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বৰ্যাপাৰা ষ্টেডিয়ামে কালি বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত এটা নতুন টেষ্ট কেন্দ্র হিচাপে স্থান লাভ কৰে। কালি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুখনীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্ট আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটী ভাৰতৰ ৩০সংখ্যক টেষ্ট কেন্দ্র ৰূপে পৰিগণিত হয়।


বর্ষাপাৰাৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখনে ইয়াৰ লগে লগে আন এক গৌৰৱৰ অধিকাৰী হ'ল। মন কৰিবলগীয়া যে বিশ্বৰ ভিতৰত ভাৰততে টেষ্ট খেলা সর্বাধিক সংখ্যক ষ্টেডিয়াম আছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট কেন্দ্ৰ ৰূপে পৰিগণিত হোৱাত সন্তুষ্টি প্রকাশ কৰে আৰু কয় যে ইয়াৰ ফলত যুৱ প্ৰজন্মৰ খেলুৱৈসকলে প্ৰেৰণা লাভ কৰিব। 


মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'গুৱাহাটীয়ে ইতিহাসৰ সৃষ্টি কৰিলে। অসমৰ ক্ৰিকেটক শিখৰলৈ লৈ যোৱা এ চি এ ষ্টেডিয়াম ভাৰতৰ ৩০ সংখ্যক টেষ্ট কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাত আমি গৌৰৱান্বিত হৈছোঁ।' তেওঁ কয়, 'এই ক্ষণে অসংখ্য যুৱ প্রতিভাক প্ৰেৰণা যোগাব আৰু আমাৰ ক্ৰীড়া উচ্চাকাংক্ষাক আৰু অধিক ওপৰলৈ লৈ যাব। অসমৰ বাবে এক নতুন ইনিংছ।' 


গুৱাহাটীত অনুষ্ঠিত প্রথমখন টেষ্ট মেচৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সভাপতি মিথুন মিনহাছ আৰু সচিব দেৱজিৎ শইকীয়াই। তেওঁলোকে ষ্টেডিয়ামত উপস্থিত হৈ পৰম্পৰাগত ঘণ্টা বজাই মেচৰ আৰম্ভণি কৰে। গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা টেষ্টখন আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দলৰ অধিনায়ক ক্ৰমে ভাৰতৰ ঋষভ পন্ত আৰু দক্ষিণ আফ্ৰিকাৰ টেম্বা বাভুমাই ষ্টেডিয়ামৰ প্ৰতিকৃতিত স্বাক্ষৰ কৰে। ইয়াৰ পাছত গুৱাহাটীত প্রথম টেষ্ট অনুষ্ঠিত হোৱাৰ চিন স্বৰূপে দুয়োজন অধিনায়কক বিশেষভাৱে তৈয়াৰ কৰা সোণৰ মুদ্রা উপহাৰ দিয়া হয়। কালি প্ৰথম দিনাৰ খেল উপভোগ কৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। 


উল্লেখযোগ্য যে গুৱাহাটীত টেষ্ট ক্ৰিকেটৰ ১৪৮ বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে এক পৰম্পৰাও ভংগ হয়। টেষ্ট ক্রিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰথম দিনা মধ্যাহ্ন ভোজনৰ আগতে চাহ-বিৰতি লোৱা হয়। উত্তৰ-পূৰ্বাঞ্চলত সোনকালে সূর্যোদয় আৰু সূর্যাস্ত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হয়। ফলত কালি প্রথম ছেছন পুৱা ৯ বজাত আৰম্ভ হৈ ১১ বজাত শেষ হয়। ইয়াৰ পাছত ১১ বজাৰ পৰা ১১-২০ বজালৈ চাহ-বিৰতি লোৱা হয়। 


উল্লেখযোগ্য যে দ্বিতীয় টেষ্টৰ কালি প্রথম দিনা আলহী দল দক্ষিণ আফ্রিকাই ৬ উইকেট হেৰুৱাই ২৪৭ ৰান কৰে। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ টেষ্ট ক্রিকেট খেলোৱা হৈছিল ১৯৩৩ চনত মুম্বাইৰ জিমখানা ক্লাবত।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু