ডিজিটেল ডেস্ক : মেক্সিকোৰ ফাতিমা বশ্ব ফার্ণাণ্ডেজে এই বছৰৰ মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰে। থাইলেণ্ডত অনুষ্ঠিত প্রতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল মণিকা বিশ্বকর্মাই।
তেওঁ প্রথম ৩০গৰাকী প্রতিযোগীৰ ভিতৰত স্থান লাভকৰে যদিও পৰৱৰ্তী পর্যায়ত তেওঁ প্রথম ১২টাৰ ভিতৰত স্থান নাপালে। চাৰিটা ৰাউণ্ডৰ পাছত থাইলেণ্ডৰ প্ৰবিনাৰ সিং, ফিলিপাইনৰ আতিসা মনালো, ভেনিজুৱেলাৰ ষ্টেফানি অবছালী, মেক্সিকোৰ ফাতিমা আৰু আইভৰী কোষ্টৰ অলিভিয়া য়াছে প্রথম পাঁচটা স্থান দখল কৰিছিল। পাছত মেক্সিকোৰ ফাতিমাক চলিত বছৰৰ মিছ ইউনিভাৰ্ছ ঘোষণা কৰা হয়। তেওঁক মিছ ইউনিভাৰ্ছৰ মুকুট পৰিধান কৰোৱায় ২০২৪ চনৰ মিছ ইউনিভাৰ্ছ ভিক্টোৰিয়া থেলবিগে।
আনহাতে, থাইলেণ্ডৰ সুন্দৰী প্ৰবিনাৰ সিঙে প্ৰথম ৰানাৰ আপ, ভেনিজুৱেলাৰ ষ্টেফানিয়ে দ্বিতীয় ৰানাৰ আপ হয়। ফিলিপাইনৰ আতিসাই চতুর্থ স্থান লাভ কৰে। এটা সাক্ষাৎকাৰত মিছ ইউনিভাৰ্ছ ফাতিমাই কয় যে তেওঁৰ সৰু কালছোৱা যথেষ্ট সংগ্ৰামৰ মাজেৰে পাৰ হৈছিল। তেওঁ শৈশৱত ডিছলেক্সিয়া আৰু এ ডি এইচ ডিৰ সৈতে যুঁজ দিবলগীয়া হৈছিল আৰু ইয়াৰ ফলত তেওঁ পঢ়া-শুনাত সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ পঢ়া-শুনাত বিশেষভাৱে মনোযোগ দিবলগীয়া হৈছিল।
প্রশ্নোত্তৰ ৰাউণ্ডত ফাতিমাক সোধা প্রশ্নৰ তেওঁ দিয়া উপযুক্ত উত্তৰৰ জৰিয়তে বিশ্ব সুন্দৰীৰ প্রতিযোগিতাখনৰ খিতাপ জয় কৰে। তেওঁক সোধা হৈছিল, 'এগৰাকী মহিলা হিচাপে আপোনাৰ দৃষ্টিত ২০২৫ বৰ্ষৰ প্ৰত্যাহ্বানসমূহ কি কি আৰু সমগ্ৰ বিশ্বৰ মহিলাসকলৰ বাবে এক সুৰক্ষিত স্থান তৈয়াৰ কৰাৰ কাৰণে আপুনি মিছ ইউনিভাৰ্ছ খিতাপৰ কেনেকৈ ব্যৱহাৰ কৰিব। ইয়াৰ উত্তৰত ফাতিমাই কয়, 'বর্তমান সময়ত ইয়াত কোৱাৰ বাবে, পৰিৱৰ্তন অনাৰ কাৰণে আৰু প্ৰতিটো কথা স্পষ্ট দৃষ্টিৰে চোৱাৰ বাবে এগৰাকী মহিলা আৰু মিছ ইউনিভাৰ্ছ হিচাপে মই মোৰ কণ্ঠ আৰু ক্ষমতাক আনৰ সেৱাত উৎসৰ্গা কৰিম। আমি মহিলা আৰু যিসকল সাহসী মহিলা আগুৱাই গৈ সন্মুখত থিয় হয়, তেৱেঁই ইতিহাসৰ সৃষ্টি কৰে।' এতিয়াও মহিলাসকল সুৰক্ষাৰ পৰা সমান অধিকাৰলৈকে কঠিন পৰিস্থিতিৰ সন্মুখীন হয়, কিন্তু এতিয়াৰ প্ৰজন্মই মাত মাতিবলৈ ভয় নকৰে।
মহিলাসকলে এতিয়া পৰিৱৰ্তন দাবী কৰিছে, নেতৃত্বত নিজৰ স্থান উলিয়াই লোৱা আৰু এসময়ত বাহিৰত ৰখা কথা-বতৰাক এতিয়া নতুন ৰূপ দিয়াৰ সাহস তেওঁলোকে গোটাইছে।' উল্লেখযোগ্য যে সৌন্দর্য প্রতিযোগিতাখনত বিশ্বৰ ১২০ গৰাকী সুন্দৰীয়ে অংশগ্রহণ কৰিছিল। এই বছৰৰ প্ৰতিযোগিতাখনত যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়। প্রতিযোগিতাৰ বিচাৰক তথা সংগীতজ্ঞ ওমৰ হাফুছে ফাইনেলৰ তিনি দিনৰ আগতে পদত্যাগ কৰে। তেওঁ এই বুলি অভিযোগ কৰে যে বিচাৰক মণ্ডলীৰ এজন সদস্যৰ প্ৰতিযোগীৰ সৈতে প্ৰণয়ৰ সম্পৰ্ক আছে। এই প্রতিযোগীগৰাকীয়ে প্রথম ৩০গৰাকীৰ ভিতৰত স্থান পোৱাটো পূৰ্ব নিৰ্ধাৰিত আছিল। ইয়াৰ পাছতে আন এজন বিচাৰক ফ্ৰান্সৰ ফুটবল মেনেজাৰ ক্লাউড মেকেলে পদত্যাগ কৰে। অৱশ্যে তেওঁ ব্যক্তিগত কাৰণত পদত্যাগ কৰে বুলি প্রকাশ কৰে। উল্লেখযোগ্য যে যোৱা ৪ নৱেম্বৰত এটা অনুষ্ঠানৰ সময়ত মিছ ইউনিভাৰ্ছৰ সঞ্চালক থাইলেণ্ডৰ নাৱাট ইটসৰাগ্ৰিছিলে মিছ মেক্সিকো ফাতিমাক 'প্রমোশ্যনেল ইভেন্ট'ত অংশগ্ৰহণ নকৰাৰ কাৰণে মূর্খ (ডাম্বহেড) বুলি কৈছিল। ফাতিমাই ইয়াৰ বিৰোধিতা কৰাত নাৱাটে তেওঁক হলৰ পৰা বাহিৰ কৰিবলৈ বিচাৰিছিল, কিন্তু সেই সময়ত তাত উপস্থিত থকা সকলো প্রতিযোগীয়ে এই অনুষ্ঠান বৰ্জন কৰি তাৰ পৰা ওলাই আহিবলৈ ধৰে।
সেই সময়ত নাৱাটে বাৰম্বাৰ প্ৰতিযোগীসকলক ভাবুকি দিয়ে আৰু ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলি কয়। কিন্তু প্রতিযোগীসকলে এই অনুষ্ঠান বৰ্জন কৰি তাৰ পাৰ আঁতৰি যায়। ফাতিমাই কয় যে ই আত্মসন্মান আৰু গৰিমাৰ কথা। তেওঁ কয়, 'মই থাইলেণ্ডক সন্মান কৰোঁ, আপোনালোক সকলোৰে প্ৰতি মোৰ স্নেহ আছে। কিন্তু সঞ্চালকজনে কৰা ব্যৱহাৰ সন্মানজনক নহয়। তেওঁ মোক মূর্খ বুলিছে, কিয়নো তেওঁৰ আয়োজকৰ সৈতে সমস্যা আছে। প্রতিযোগিতাখনৰ আৰম্ভণিতে ঘটা এই ঘটনা সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হয় আৰু নাৱাটে কৰা ব্যৱহাৰৰ বাবে তেওঁ সমালোচনাৰো সন্মুখীন হয়। মিছ ইউনিভাৰ্ছৰ সহযোগী প্রতিষ্ঠাতা ৰাউল ৰোচাই এই অনুষ্ঠান বাতিল কৰাৰ নিৰ্দেশ দিয়াৰ লগতে নাৱাটক সমালোচনাও কৰে। পাছত আদৰণী অনুষ্ঠানত নাৱাটে ক্ষমা খোজে।
উৎসঃ দৈনিক জনমভূমি