--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গম্ভীৰৰ ওপৰত বৰ্তমান বিশ্বাস হেৰুওৱা নাই আৰু লগতে মুখ্য প্রশিক্ষকগৰাকীক সম্ভৱপৰ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে ব'র্ডে।

ডিজিটেল ডেস্ক : টেষ্ট ক্ৰিকেটৰ ইতিহাসত ঘৰৰ মাটিত সবাতোকৈ বৃহৎ ব্যৱধানত পৰাজয়। স্বদেশত দুবাৰ টেষ্ট শৃংখলাত হোৱাইটৱাছ। ৬৬ বছৰত প্ৰথমবাৰ ৭খন মেচৰ ভিতৰত ৫খনতে পৰাজয়। এনে লজ্জাজনক পৰাজয়ৰ পাছতো গৌতম গম্ভীৰৰ ওপৰত আস্থা হেৰুওৱা নাই বি চি চি আয়ে। 


ব'ৰ্ডৰ সূত্ৰৰ খবৰ মতে, গম্ভীৰৰ ওপৰত বৰ্তমান বিশ্বাস হেৰুওৱা নাই আৰু লগতে মুখ্য প্রশিক্ষকগৰাকীক সম্ভৱপৰ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে ব'র্ডে। ইডেনৰ টার্নিং পিটচ বা গুৱাহাটীৰ স্পার্টিং পিটচ সকলোতে ব্যর্থ গম্ভীৰৰ ভাৰতীয় দল। একেৰাহে ব্যর্থতাৰ পাছত মুখ্য প্রশিক্ষক গম্ভীৰৰ ভৱিষ্যতক লৈ প্রশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক। গুৱাহাটী টেষ্টত বৃহৎ ব্যৱধানত পৰাজয়ৰ পাছতে এই সন্দর্ভত গম্ভীৰক সোধা হৈছিল। মুখ্য প্রশিক্ষকগৰাকীয়ে স্পষ্টকৈ কয়, 'এয়া ব'ৰ্ডৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ বাবে নহয় ভাৰতীয় ক্রিকেট মোৰ বাবে প্রথমে গুৰুত্বপূৰ্ণ।' ইয়াৰ দ্বাৰা স্পষ্ট হৈ উঠিছে যে প্রশিক্ষক গম্ভীৰে ব্যর্থতাক মানি ল'বলৈ ইচ্ছুক নহয়। 


সূত্ৰ অনুসৰি ব'ৰ্ডৰ কৰ্মকর্তাসকলে গম্ভীৰক ব্যর্থ বুলি ভবা নাই। ২০২৭চনৰ বিশ্ব কাপলৈকে গম্ভীৰৰ সৈতে ব'ৰ্ডৰ চুক্তি আছে। ফলত বর্তমান তেওঁক আঁতৰোৱাৰ কথা চিন্তা কৰা নাই ব'ৰ্ডে। বৰঞ্চ বি চি চি আয়ে তেওঁক অধিক সময় দিয়াৰ পক্ষত। অৱশ্যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বগা বলৰ শৃংখলাৰ পাছত ব'ৰ্ডৰ কর্মকর্তাই প্রশিক্ষক গম্ভীৰৰ সৈতে বৈঠকত বহিব। বৈঠকত তেওঁলোকে টেষ্ট ক্ৰিকেটৰ উন্নতিৰ বাবে আৰু কি কি কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিব। প্রশিক্ষকৰ পৰামৰ্শ অনুসৰি ভৱিষ্যতৰ বাবে কৌশল পৰিকল্পনা কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ