--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গম্ভীৰৰ ওপৰত বৰ্তমান বিশ্বাস হেৰুওৱা নাই আৰু লগতে মুখ্য প্রশিক্ষকগৰাকীক সম্ভৱপৰ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে ব'র্ডে।

ডিজিটেল ডেস্ক : টেষ্ট ক্ৰিকেটৰ ইতিহাসত ঘৰৰ মাটিত সবাতোকৈ বৃহৎ ব্যৱধানত পৰাজয়। স্বদেশত দুবাৰ টেষ্ট শৃংখলাত হোৱাইটৱাছ। ৬৬ বছৰত প্ৰথমবাৰ ৭খন মেচৰ ভিতৰত ৫খনতে পৰাজয়। এনে লজ্জাজনক পৰাজয়ৰ পাছতো গৌতম গম্ভীৰৰ ওপৰত আস্থা হেৰুওৱা নাই বি চি চি আয়ে। 


ব'ৰ্ডৰ সূত্ৰৰ খবৰ মতে, গম্ভীৰৰ ওপৰত বৰ্তমান বিশ্বাস হেৰুওৱা নাই আৰু লগতে মুখ্য প্রশিক্ষকগৰাকীক সম্ভৱপৰ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে ব'র্ডে। ইডেনৰ টার্নিং পিটচ বা গুৱাহাটীৰ স্পার্টিং পিটচ সকলোতে ব্যর্থ গম্ভীৰৰ ভাৰতীয় দল। একেৰাহে ব্যর্থতাৰ পাছত মুখ্য প্রশিক্ষক গম্ভীৰৰ ভৱিষ্যতক লৈ প্রশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক। গুৱাহাটী টেষ্টত বৃহৎ ব্যৱধানত পৰাজয়ৰ পাছতে এই সন্দর্ভত গম্ভীৰক সোধা হৈছিল। মুখ্য প্রশিক্ষকগৰাকীয়ে স্পষ্টকৈ কয়, 'এয়া ব'ৰ্ডৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ বাবে নহয় ভাৰতীয় ক্রিকেট মোৰ বাবে প্রথমে গুৰুত্বপূৰ্ণ।' ইয়াৰ দ্বাৰা স্পষ্ট হৈ উঠিছে যে প্রশিক্ষক গম্ভীৰে ব্যর্থতাক মানি ল'বলৈ ইচ্ছুক নহয়। 


সূত্ৰ অনুসৰি ব'ৰ্ডৰ কৰ্মকর্তাসকলে গম্ভীৰক ব্যর্থ বুলি ভবা নাই। ২০২৭চনৰ বিশ্ব কাপলৈকে গম্ভীৰৰ সৈতে ব'ৰ্ডৰ চুক্তি আছে। ফলত বর্তমান তেওঁক আঁতৰোৱাৰ কথা চিন্তা কৰা নাই ব'ৰ্ডে। বৰঞ্চ বি চি চি আয়ে তেওঁক অধিক সময় দিয়াৰ পক্ষত। অৱশ্যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বগা বলৰ শৃংখলাৰ পাছত ব'ৰ্ডৰ কর্মকর্তাই প্রশিক্ষক গম্ভীৰৰ সৈতে বৈঠকত বহিব। বৈঠকত তেওঁলোকে টেষ্ট ক্ৰিকেটৰ উন্নতিৰ বাবে আৰু কি কি কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিব। প্রশিক্ষকৰ পৰামৰ্শ অনুসৰি ভৱিষ্যতৰ বাবে কৌশল পৰিকল্পনা কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু