--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিহাৰৰ বাহিৰত থকা বিহাৰী লোকৰ উপৰি ভোটকেন্দ্ৰলৈ যাবলৈ অক্ষম লোকেও এই সুবিধা গ্রহণ কৰে

ডিজিটেল ডেস্কঃ শনিবাৰে বিহাৰ হৈ পৰিল ই-ভোটিং কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য। শনিবাৰে বিহাৰৰ ২৬খন জিলাৰ ৪২খন পৌৰসভা/নিগমৰ নিৰ্বাচনত e-SECBHR আৰু C-DAC এপৰ যোগেদি ম'বাইল ফ'ন ব্যৱহাৰ কৰি দেশ-বিদেশত থকা বহু বিহাৰী ভোটাৰে ভোটদান কৰে।


তেনেদৰে ম'বাইল এপেৰে ভোটদান কৰি দেশৰ প্ৰথম মহিলা আৰু পুৰুষ হৈ পৰিল বিহাৰৰ পূব চম্পাৰণ জিলাৰ বিভা দেৱী আৰু মুন্না কুমাৰ। বিহাৰত ৬টা পৌৰসভাত নির্বাচন তথা ৩৬টা ৱাৰ্ডত উপ-নির্বাচন হৈছে। ৰাজ্যখনৰ নিৰ্বাচন আয়োগৰ মতে পঞ্জীয়ন কৰা এনে ২,৯৪,৭১৯জন ভোটাৰৰ ৬৯.৪৯ শতাংশই শনিবাৰে ২৬খন জিলাৰ ৪৮৯টা ভোটগ্রহণ কেন্দ্রত ই ভোটিং কৰে। বাতৰি মতে ডুবাই আৰু কাটাৰত থকা প্ৰৱাসী বিহাৰী লোকেও শনিবাৰে ই-ভোটিঙৰ জৰিয়তে ভোটদান প্রক্রিয়াত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এনে ভোটদানৰ বাবে ৰাজ্যখনত পঞ্জীয়নৰ শেষ দিন আছিল ২২ জুন। উল্লেখযোগ্য যে বিহাৰৰ বাহিৰত থকা বিহাৰী লোকৰ উপৰি ভোটকেন্দ্ৰলৈ যাবলৈ অক্ষম লোকেও এই সুবিধা গ্রহণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ