--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিহাৰৰ বাহিৰত থকা বিহাৰী লোকৰ উপৰি ভোটকেন্দ্ৰলৈ যাবলৈ অক্ষম লোকেও এই সুবিধা গ্রহণ কৰে

ডিজিটেল ডেস্কঃ শনিবাৰে বিহাৰ হৈ পৰিল ই-ভোটিং কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য। শনিবাৰে বিহাৰৰ ২৬খন জিলাৰ ৪২খন পৌৰসভা/নিগমৰ নিৰ্বাচনত e-SECBHR আৰু C-DAC এপৰ যোগেদি ম'বাইল ফ'ন ব্যৱহাৰ কৰি দেশ-বিদেশত থকা বহু বিহাৰী ভোটাৰে ভোটদান কৰে।


তেনেদৰে ম'বাইল এপেৰে ভোটদান কৰি দেশৰ প্ৰথম মহিলা আৰু পুৰুষ হৈ পৰিল বিহাৰৰ পূব চম্পাৰণ জিলাৰ বিভা দেৱী আৰু মুন্না কুমাৰ। বিহাৰত ৬টা পৌৰসভাত নির্বাচন তথা ৩৬টা ৱাৰ্ডত উপ-নির্বাচন হৈছে। ৰাজ্যখনৰ নিৰ্বাচন আয়োগৰ মতে পঞ্জীয়ন কৰা এনে ২,৯৪,৭১৯জন ভোটাৰৰ ৬৯.৪৯ শতাংশই শনিবাৰে ২৬খন জিলাৰ ৪৮৯টা ভোটগ্রহণ কেন্দ্রত ই ভোটিং কৰে। বাতৰি মতে ডুবাই আৰু কাটাৰত থকা প্ৰৱাসী বিহাৰী লোকেও শনিবাৰে ই-ভোটিঙৰ জৰিয়তে ভোটদান প্রক্রিয়াত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এনে ভোটদানৰ বাবে ৰাজ্যখনত পঞ্জীয়নৰ শেষ দিন আছিল ২২ জুন। উল্লেখযোগ্য যে বিহাৰৰ বাহিৰত থকা বিহাৰী লোকৰ উপৰি ভোটকেন্দ্ৰলৈ যাবলৈ অক্ষম লোকেও এই সুবিধা গ্রহণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ