--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ এটা দুৰ্দান্ত ছয় মাৰি শক্তিশালী প্ৰদৰ্শন কৰে। হাত চাপৰিৰে তেওঁৰ এই প্ৰদৰ্শনৰ সকলোৱে শলাগ লৈছিল।

ডিজিটেল ডেস্কঃ এটা দুৰ্দান্ত ছিক্স মৰাৰ পাছতেই মৃত্যুৰ শীতল কোলাত শুই পৰিল এগৰাকী যুৱ ক্ৰিকেটাৰ। মৃত যুৱকজন পঞ্জাৱৰ ফিৰোজপুৰৰ নিবাসী হৰ্ষজিৎ সিং (২৩) বুলি জানিব পৰা গৈছে। ডি এ ভি স্কুল খেলপথাৰত বন্ধুৰ সৈতে ক্ৰিকেট খেলি আছিল হৰ্ষজিতে। তেওঁ এটা দুৰ্দান্ত ছয় মাৰি শক্তিশালী প্ৰদৰ্শন কৰে। হাত চাপৰিৰে তেওঁৰ এই প্ৰদৰ্শনৰ সকলোৱে শলাগ লৈছিল। 


হৰ্ষজিতে নিজৰ বেটিং পাৰ্টনাৰৰ ফালে হাঁহি হাঁহি আগবাঢ়ি গৈছিল হাত মিলাবৰ বাবে, ঠিক তেতিয়াই তেওঁ হঠাতে আঁঠু কাঢ়ি বহি পৰে। সতীৰ্থই প্ৰথমে ভাবিছিল ভাগৰতে তেনে হোৱা বুলি কিন্তু ঠিক পাছ মুহূৰ্ততে হৰ্ষজিৎ মাটিত ঢলি পৰে। 


ওচৰতে থকা সতীৰ্থসকলে খৰখেদাকৈ তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহে যদিও তেতিয়ালৈকে যেন সকলো শেষ হৈ গৈছিল। খেলৰ মাজতে হাৰ্ট এটেক হৈ ঘটনাস্থলীতে মৃত্যু ঘটে উদীয়মান ক্ৰিকেটাৰ হৰ্ষজিৎ সিঙৰ।


তেওঁৰ কোনো ডাঙৰ শাৰীৰিক ৰোগৰ ইতিহাস নাছিল। হৰ্ষজিতৰ এনে আকস্মিক মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে। সতীৰ্থৰ মতে, মৃত্যুৰ আগমুহূৰ্তলৈকে সম্পূৰ্ণৰূপে সুস্থ দেখা গৈছিল হৰ্ষজিতক।


এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। হৰ্ষজিৎ সিঙৰ অকাল বিয়োগে সকলোকে শোকাহত কৰি তুলিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক