--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ এটা দুৰ্দান্ত ছয় মাৰি শক্তিশালী প্ৰদৰ্শন কৰে। হাত চাপৰিৰে তেওঁৰ এই প্ৰদৰ্শনৰ সকলোৱে শলাগ লৈছিল।

ডিজিটেল ডেস্কঃ এটা দুৰ্দান্ত ছিক্স মৰাৰ পাছতেই মৃত্যুৰ শীতল কোলাত শুই পৰিল এগৰাকী যুৱ ক্ৰিকেটাৰ। মৃত যুৱকজন পঞ্জাৱৰ ফিৰোজপুৰৰ নিবাসী হৰ্ষজিৎ সিং (২৩) বুলি জানিব পৰা গৈছে। ডি এ ভি স্কুল খেলপথাৰত বন্ধুৰ সৈতে ক্ৰিকেট খেলি আছিল হৰ্ষজিতে। তেওঁ এটা দুৰ্দান্ত ছয় মাৰি শক্তিশালী প্ৰদৰ্শন কৰে। হাত চাপৰিৰে তেওঁৰ এই প্ৰদৰ্শনৰ সকলোৱে শলাগ লৈছিল। 


হৰ্ষজিতে নিজৰ বেটিং পাৰ্টনাৰৰ ফালে হাঁহি হাঁহি আগবাঢ়ি গৈছিল হাত মিলাবৰ বাবে, ঠিক তেতিয়াই তেওঁ হঠাতে আঁঠু কাঢ়ি বহি পৰে। সতীৰ্থই প্ৰথমে ভাবিছিল ভাগৰতে তেনে হোৱা বুলি কিন্তু ঠিক পাছ মুহূৰ্ততে হৰ্ষজিৎ মাটিত ঢলি পৰে। 


ওচৰতে থকা সতীৰ্থসকলে খৰখেদাকৈ তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহে যদিও তেতিয়ালৈকে যেন সকলো শেষ হৈ গৈছিল। খেলৰ মাজতে হাৰ্ট এটেক হৈ ঘটনাস্থলীতে মৃত্যু ঘটে উদীয়মান ক্ৰিকেটাৰ হৰ্ষজিৎ সিঙৰ।


তেওঁৰ কোনো ডাঙৰ শাৰীৰিক ৰোগৰ ইতিহাস নাছিল। হৰ্ষজিতৰ এনে আকস্মিক মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে। সতীৰ্থৰ মতে, মৃত্যুৰ আগমুহূৰ্তলৈকে সম্পূৰ্ণৰূপে সুস্থ দেখা গৈছিল হৰ্ষজিতক।


এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। হৰ্ষজিৎ সিঙৰ অকাল বিয়োগে সকলোকে শোকাহত কৰি তুলিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ