--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতে দক্ষিণ এছিয়া অঞ্চলত উত্তেজনা বৃদ্ধি কৰিছে বুলি মুনিৰে দাবী কৰে আৰু কয় যে ইছলামাবাদে আঞ্চলিক সুস্থিৰতা বজাই ৰখাত সদায় কাম কৰি আছে। পাকিস্তানৰ সেনা মুৰব্বী মুনিৰে পুনৰবাৰ ভাৰতক ভাবুকি দি কাশ্মীৰ বিষয়ত ইছলামাবাদৰ দৃঢ় স্থিতি স্পষ্ট কৰে।

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিতর্কিত সেনা প্রধান তথা ফিল্ড মার্শাল আছিম মুনিৰে পুনৰ ভাৰতক ভাবুকি দিছে। আছিম মুনিৰে অভিযোগ কৰি কয় যে ভাৰতে উদ্দেশ্য প্রণোদিতভাৱে পাকিস্তানত দুবাৰকৈ আক্রমণ সংঘটিত কৰিছে।


ভাৰতে দক্ষিণ এছিয়া অঞ্চলত উত্তেজনা বৃদ্ধি কৰিছে বুলি মুনিৰে দাবী কৰে আৰু কয় যে ইছলামাবাদে আঞ্চলিক সুস্থিৰতা বজাই ৰখাত সদায় কাম কৰি আছে। পাকিস্তানৰ সেনা মুৰব্বী মুনিৰে পুনৰবাৰ ভাৰতক ভাবুকি দি কাশ্মীৰ বিষয়ত ইছলামাবাদৰ দৃঢ় স্থিতি স্পষ্ট কৰে।


মুনিৰে কয় যে পহলগাম-কাণ্ডত পাকিস্তান জড়িত থকাৰ কোনো প্রমাণ নোহোৱাকৈ নতুন দিল্লীয়ে শেহতীয়াকৈ পাকিস্তানত আক্ৰমণ কৰিলে। মুনিৰে ভাৰতক ভাবুকি দি কয় যে ভৱিষ্যতে যদি ভাৰতে আকৌ আক্রমণ কৰে, তেনেহ'লে ইয়াৰ যথোচিত প্ৰত্যুত্তৰ দিব পাকিস্তানে।


শনিবাৰে কৰাচীত পাকিস্তান নেভেল একাডেমিত ভাষণ দি মুনিৰে ভুৱা দাবী কৰে যে ভাৰতৰ শেহতীয়া আক্রমণ ক পাকিস্তানে উচিত প্রত্যুত্তৰ দিলে। 'অপাৰেশ্যন সেন্দুৰ'ত দেশখনৰ বিমান ঘাটি আৰু বায়ু প্ৰতিৰক্ষা পদ্ধতি বিধবস্ত হোৱা সত্ত্বেও ব্যর্থ পাক সেনা মুৰব্বীজনে ভাৰতৰ বিৰুদ্ধে বিজয়ৰ দাবী কৰিবলৈ এৰা নাই। মুনিৰে বৰ্ণনা কৰা পাকিস্তানৰ এই 'বৈধ সংগ্রাম'খন যে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰি চলাই যোৱা 'সংগ্রাম' সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। মুনিৰে আৰু কয়, ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত আৰু কাশ্মীৰী লোকৰ আশা-আকাংক্ষা অনুসৰি, কাশ্মীৰ বিষয়ত পাকিস্তানে ইয়াৰ স্থিতি বাহাল ৰাখিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ