--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতে দক্ষিণ এছিয়া অঞ্চলত উত্তেজনা বৃদ্ধি কৰিছে বুলি মুনিৰে দাবী কৰে আৰু কয় যে ইছলামাবাদে আঞ্চলিক সুস্থিৰতা বজাই ৰখাত সদায় কাম কৰি আছে। পাকিস্তানৰ সেনা মুৰব্বী মুনিৰে পুনৰবাৰ ভাৰতক ভাবুকি দি কাশ্মীৰ বিষয়ত ইছলামাবাদৰ দৃঢ় স্থিতি স্পষ্ট কৰে।

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিতর্কিত সেনা প্রধান তথা ফিল্ড মার্শাল আছিম মুনিৰে পুনৰ ভাৰতক ভাবুকি দিছে। আছিম মুনিৰে অভিযোগ কৰি কয় যে ভাৰতে উদ্দেশ্য প্রণোদিতভাৱে পাকিস্তানত দুবাৰকৈ আক্রমণ সংঘটিত কৰিছে।


ভাৰতে দক্ষিণ এছিয়া অঞ্চলত উত্তেজনা বৃদ্ধি কৰিছে বুলি মুনিৰে দাবী কৰে আৰু কয় যে ইছলামাবাদে আঞ্চলিক সুস্থিৰতা বজাই ৰখাত সদায় কাম কৰি আছে। পাকিস্তানৰ সেনা মুৰব্বী মুনিৰে পুনৰবাৰ ভাৰতক ভাবুকি দি কাশ্মীৰ বিষয়ত ইছলামাবাদৰ দৃঢ় স্থিতি স্পষ্ট কৰে।


মুনিৰে কয় যে পহলগাম-কাণ্ডত পাকিস্তান জড়িত থকাৰ কোনো প্রমাণ নোহোৱাকৈ নতুন দিল্লীয়ে শেহতীয়াকৈ পাকিস্তানত আক্ৰমণ কৰিলে। মুনিৰে ভাৰতক ভাবুকি দি কয় যে ভৱিষ্যতে যদি ভাৰতে আকৌ আক্রমণ কৰে, তেনেহ'লে ইয়াৰ যথোচিত প্ৰত্যুত্তৰ দিব পাকিস্তানে।


শনিবাৰে কৰাচীত পাকিস্তান নেভেল একাডেমিত ভাষণ দি মুনিৰে ভুৱা দাবী কৰে যে ভাৰতৰ শেহতীয়া আক্রমণ ক পাকিস্তানে উচিত প্রত্যুত্তৰ দিলে। 'অপাৰেশ্যন সেন্দুৰ'ত দেশখনৰ বিমান ঘাটি আৰু বায়ু প্ৰতিৰক্ষা পদ্ধতি বিধবস্ত হোৱা সত্ত্বেও ব্যর্থ পাক সেনা মুৰব্বীজনে ভাৰতৰ বিৰুদ্ধে বিজয়ৰ দাবী কৰিবলৈ এৰা নাই। মুনিৰে বৰ্ণনা কৰা পাকিস্তানৰ এই 'বৈধ সংগ্রাম'খন যে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰি চলাই যোৱা 'সংগ্রাম' সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। মুনিৰে আৰু কয়, ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত আৰু কাশ্মীৰী লোকৰ আশা-আকাংক্ষা অনুসৰি, কাশ্মীৰ বিষয়ত পাকিস্তানে ইয়াৰ স্থিতি বাহাল ৰাখিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক