ডিজিটেল ডেস্ক : এটা ঋতুৰ বিদায়ৰ পাছত আন এটা ঋতুৱে নতুন ৰং-ৰূপৰ প্রতিফলন ঘটায়। প্রকৃতিৰ সৈতে উমলিবৰ বাবে মানুহৰ মন-প্রাণ উদ্বাউল হৈ পৰে। ঋতুৰ পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰ পৰিৱৰ্তিত মোহনীয় ৰূপক কাষৰ পৰা উপভোগ কৰাৰ বাবে ভ্রমণ-পিপাসু লোকে বিচাৰি ফুৰে উপযুক্ত পৰ্যটনস্থলী।
বিশ্বৰ ভিন ভিন প্ৰান্তৰৰ লগতে অপৰূপ প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম ভূমিতো আৰম্ভ হৈছে শীতৰ ভ্ৰমণ। ৰাজ্যখনত মূলতঃ ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰীলৈ চলে এই শীতৰ ভ্ৰমণ। এই সময়ছোৱাত পাতল মেঘ আৰু ধোঁৱাৰ চাদৰেৰে আবৃত ধৰণীৰ মোহনীয় ৰূপ আৰু মিঠা ৰ'দৰ আমেজেই যে সুকীয়া। শাৰী শাৰী গছ-গছনি, পাহাৰ, কুলু-কুলু নদীৰে পৰিৱেষ্টিত, মন হৰি নিয়া বিশাল শিলাময় বুকু, হেজাৰ-বিজাৰ বগৰীগছ, শান্ত-সমাহিত নিৰিবিলি পৰিৱেশ, বিবিধ চৰাইৰ বিননি- এই সকলোৰে সন্মিলন বগামাটি। বগামাটি বাক্সা (নবগঠিত তামুলপুৰ) আৰু ওদালগুৰি জিলাৰ সংযোগস্থলীত অৱস্থিত। ইতিমধ্যে বগামাটি পর্যটক আৰু বনভোজকাৰীসকলৰ অন্যতম আকৰ্ষণত পৰিণত হৈছে।
গোৰেশ্বৰৰ পৰা মাথোঁ ত্ৰিছ কিল'মিটাৰ দূৰত্বত অৱস্থিত বগামাটিক 'পীলখানা' বুলিও জনা যায়। বগামাটিৰ মূল আকৰ্ষণ ইয়াৰ জৈৱ-বৈচিত্র্য। ইয়াৰ গাতে লাগি আছেনল গাহৰিৰ অন্যতম আৱাসভূমি বৰনদী অভয়াৰণ্য। ভূটানৰ মৰচলা আৰু দীঘলাই নৈ মিলি বৰনদী নাম লৈ দক্ষিণলৈ আহি ৯৮নং সীমান্ত খুঁটাৰ কাষেৰে অসমত সোমাই বগামাটিৰ বুকুৰে বৈ গৈছে। এই বৰনদী নামনিত আহি বগামাটিত কেইবাটাও ভাগত বিভক্ত হৈছে। খৰালি কালত ধীৰ-স্থিৰ আৰু ইয়াৰ পানী ফটফটীয়া। নৈখন সম্প্রতি দুঃসাহসিক অভিযান তথা ৰাফটিং উপযোগী বুলি প্রমাণিত হৈছে। বিগত বছৰকেইটাত ইয়াত কেইবাটাও ট্রেকিং, ৰাফটিং আৰু পৰ্বতাৰোহণৰ প্ৰশিক্ষণ সম্পন্ন হয়। অঞ্চলটোত হিমালয়ৰ ক'লা ভালুক, বিভিন্ন প্রজাতিৰ বাঘ, বনৰীয়া গাহৰি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, বনৰীয়া গৰু, বিভিন্ন প্ৰজাতিৰ পহু, বনৰীয়া ম'হ, মেথোন, হাতী, বিভিন্ন প্ৰকাৰৰ সৰীসৃপ, কাছ আদি দেখিবলৈ পোৱা যায়। বিভিন্ন প্রকাৰৰ বৃক্ষ-গুল্ম-লতাজাতীয় মূল্যবান গছ-গছনিৰে পৰিৱেষ্টিত বগামাটি ধনেশ পক্ষী, ময়ূৰ, বুলবুলি চৰাই, ফেঁচা আদিৰ উপৰি প্রতিবছৰে শীত কালত বালিমাহী, ৰূপহী চৰাই থ্রাৰ্ছ আৰু ব্লেক থ্রাৰ্ছ, দীঘল নেজীয়া ধোঁৱা আৰু ক'লাবৰণীয়া শ্রাইক বার্ড, ৰেড চার্ট আৰু পাইড বুশ্বচার্ট ইত্যাদি বিভিন্ন প্ৰজাতিৰ চৰাইৰ কাকলিত মুখৰিত হৈ পৰে। ৰাজধানী চহৰৰ পৰা মাত্র ৯৫ কিল'মিটাৰ দূৰৈৰ, বাক্সা আৰু ওদালগুৰিৰ গৌৰৱ, বগামাটি অসমৰ ভূ-স্বর্গ। ঘন বনাঞ্চল, দুর্গম বাট-পথ, জয়াল পৰিৱেশৰ বাবে পাণ্ডৱ বৰ্জিত ঠাইখনৰ বিষয়ে অজ্ঞ আছিল অসমৰ সাধাৰণ জনতা। ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত সৌ-সিদিনালৈকে অসমৰ কেইবাটাও বিদ্রোহী সংগঠনৰ অবাধ অহা-যোৱাৰ এটা গুৰুত্বপূৰ্ণ পথ আছিল বগামাটিৰ মাজেৰে। পূৰ্বৰ নলবাৰী, কামৰূপ, দৰং আৰু বৰ্তমানৰ তামুলপুৰ আৰু ওদালগুৰি জিলা লগ হৈ এটা বিন্দুত লগ লগা ঠাইখনত কেতিয়াবা ভাহি আহিছিল বুকু কঁপোৱা গুলী-বাৰুদৰ ভয়ংকৰ শব্দ। য'ত আশ্ৰয় লৈছিল সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফাই। পিছে ভূটান ভূমিত চলা অপাৰেশ্যন অলক্লিয়াৰে ঠাইখনৰ প্রতি থকা কৌতূহল, বিদ্রোহীৰ পৰা ঠাইখন মুক্ত কৰাত এই অঞ্চলটো আৱিষ্কৃত হ'ল অন্য এক ৰূপত।
এতিয়া গুলী-বাৰুদ, বোমাৰ শব্দৰ বিপৰীতে শুনা যায় ঢোল, গীটাৰ, চিফুঙৰ সুৰ। বগামাটি অঞ্চলটোৰ কেইবাগৰাকী যুৱকে মিলি দাওৰাঝাৰ ইক টুৰিজিম ছ'চাইটি নামকৰণেৰে এটা স্বেচ্ছাসেবী সংগঠনৰ জন্ম দিয়ে। সেই সংগঠনটোরে বনভোজ দল তথা পৰ্যটকক সুৰক্ষা দিয়া, বগামাটিক পৰিষ্কাৰ কৰি ৰখা, হাই-কাজিয়া ৰোধ কৰা আদি দায়িত্ব মূৰ পাতি লৈছে। স্বেচ্ছাসেবী সংগঠনটোৱে বনভোজৰ দল আৰু পৰ্যটকৰ বাবে শৌচাগাৰ-প্ৰস্ৰাৱগাৰ আদি নিৰ্মাণ কৰি সেৱা আগবঢ়াই অহাৰ লগতে খোৱাপানী আদিৰো ব্যৱস্থা কৰি দিয়ে। বনভোজ দলসমূহে দূৰ-দূৰণিৰ পৰা লৈ অহা সৰু-বৰ যান-বাহনসমূহ পার্কিং কৰাৰ সুব্যৱস্থা কৰাৰ উপৰি যান-বাহনৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰে নিৰ্দিষ্ট লোকক। দাওৰাঝাৰ ইক টুৰিজিম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বগামাটিক চাফ-চিকুণকৈ ৰখাৰ উপৰি বনভোজকাৰী দলে যিকোনো অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হ'লে সহায়ৰ হাত আগবঢ়াবলৈ সদা অতন্দ্ৰ প্ৰহৰী হৈ থাকে। যান্ত্ৰিক জীৱনৰ ব্যস্ততা পাহৰি প্ৰকৃতিৰ সৈতে একাত্ম হৈ এসাঁজ খোৱাৰ বাবে বনভোজকাৰী দলৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা শিক্ষানুষ্ঠানৰ বিদ্যার্থীসকলৰ আগমন ঘটে বগামাটিলৈ। বগামাটিক কেন্দ্র কৰি বিগত বৰ্ষত আৰম্ভ হয় এক নতুন অধ্যায়ৰ। ৰাজ্যৰ কেইবাগৰাকী প্রতিষ্ঠিত যুৱ সংগীত শিল্পীয়ে প্ৰস্তুত কৰি উলিয়ায় 'বগামাটি' নামৰ ভিডিঅ' আৰু অডিঅ' এলবাম।
অডিঅ' এলবামটোত বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাৰে কেইবাটাও সুন্দৰ গীতৰ সমাহাৰ ঘটাত বিশেষভাৱে 'বগামাটি' নামৰ এলবামটো বিটি এ ডি অঞ্চল আৰু বনভোজকাৰী, পৰ্যটকে আঁকোৱালি লোৱা পৰিলক্ষিত হয়। আনকি যুৱ প্ৰজন্মৰ হার্টথ্র'ব জুবিন গাৰ্গ, ভিতালী দাস, কুমাৰ ভৱেশ আদিৰ দৰে শিল্পীয়েও গাইছে বগামাটিক লৈ গীত। অসমীয়া ছবি ড° বেজবৰুৱাৰ তেজবগোৱা শীৰ্ষক গীতটোৰ এটা অংশৰ শ্বুটিং হৈছিল বগামাটিত। পর্যটক আৰু বনভোজকাৰীসকলৰ বাবে অহা ১৫ ডিচেম্বৰত বগামাটিৰ মুখ্যদ্বাৰৰ ৰঙা ফিতা কাটি মুকলি কৰিব বি টি চিৰ ই এম গণেশ কছাৰীয়ে।
উৎসঃ দৈনিক জনমভূমি