ডিজিটেল ডেস্ক: এতিয়াৰে পৰা অপৰাধ কৰি সাৰি যাব নোৱাৰিব কোনো দাগী অপৰাধী, বিজ্ঞানসন্মতভাৱে আৰু এখোজ আগুৱালে অসম আৰক্ষী।
Criminal Procedure Identification Act 2022 ৰ অধীনত অসমত স্থাপন Measurement Collection Unit চমুকৈ MCU.
এই ব্যৱস্থাৰ দ্বাৰা অপৰাধীৰ DNA নমুনা বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব পৰা যাব।
অপৰাধীৰ ফিংগাৰপ্ৰিণ্ট যেনেদৰে ডাটাবেছ কৰা হৈছিল একেদৰে এই MCU ৰ দ্বাৰা অপৰাধীৰ ৰেটিনা আৰু সমগ্ৰ শৰীৰ স্কেন কৰি ডাটাবেছ কৰি সংৰক্ষণ কৰা হ'ব।
পৰৱৰ্তী সময়ত ভাৰতৰ যিকোনো স্থানৰ পৰাই সেই ডাটা সংগ্ৰহ কৰিব পাৰিব আৰক্ষীয়ে।
যিকোনো অপৰাধৰ লগত জড়িত থকা অপৰাধীৰ তথ্য এই ছফ্টৱেৰৰ দ্বাৰা তাৎক্ষণিকভাবে পৰীক্ষা কৰিব পাৰিব আৰক্ষীয়ে
অসমৰ প্ৰতিখন জিলা সদৰত স্থাপন হৈছে MCU ব্যৱস্থা।
দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে এই বৈজ্ঞানিক পদ্ধতি। শিশু আৰু মহিলাৰ সৈতে জড়িত অপৰাধীৰ DNA ৰ নমুনাও মজুত থাকিব এই MCU ত।
এই কথা সদৰী কৰে SDGP মুন্না প্ৰসাদ গুপ্তাই।