--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • পাঁচগৰাকী শিক্ষকক নিযুক্তি-পত্ৰ প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কয় এইসকল শিক্ষকে মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে।

ডিজিটেল ডেস্কঃ নলবাৰীত মাধ্যমিক শিক্ষা পৰ্যায়ৰ ১৭৬গৰাকী নৱ‌ নিযুক্ত শিক্ষকক কালি নিযুক্তি-পত্ৰ বিতৰণ কৰে ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 


নলবাৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱ নিযুক্ত শিক্ষকৰ নিযুক্তি-পত্ৰ বিতৰণ, ড° বাণীকান্ত কাকতি বঁটা আৰু অসম গ্রামীণ জীৱিকা আঁচনিৰ অধীনস্থ 'সখী এক্সপ্রেছ' আঁচনিৰ জৰিয়তে সখীসকলক স্কুটী বিতৰণ অনুষ্ঠানত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বর্তমানে ৰাজ্যত স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্রক্রিয়া চলি আছে। 


পাঁচগৰাকী শিক্ষকক নিযুক্তি-পত্ৰ প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কয় এইসকল শিক্ষকে মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে। সেয়ে শিক্ষানুষ্ঠানসমূহতো তেওঁলোকে শিক্ষার্থীক সম্যক জ্ঞান দিবলৈ সক্ষম হ'ব। আজি হাইস্কুল পর্যায়ত হিন্দী, বিজ্ঞান, সংস্কৃত আদি বিভাগতো শিক্ষকসকলক নিযুক্তি-পত্র দিয়া হৈছে। কিন্তু বিদ্যালয়ৰ শিক্ষক আৰু বিভাগৰ প্ৰতি লক্ষ্য ৰাখি এইসকল শিক্ষকে নিজৰ নিজৰ বিভাগৰ পাঠদান কৰাৰ উপৰি আন পাঠ্যক্রমো পঢ়ুৱাব লাগিব। এইক্ষেত্রত শিক্ষকসকলে হেমাহি কৰিলে নহ'ব। 


তেওঁ লগতে কয় যে শিক্ষকতাক এক মহান সেৱা হিচাপে নলৈ কেৱল মাত্ৰ এক বৃত্তি বুলি ভবালৈকে কেতিয়াও শিক্ষক হ'ব নোৱাৰি। শিক্ষাদানত হেমাহি কৰা শিক্ষকৰ ক্ষেত্ৰত শাস্তিমূলক বদলিৰ ব্যৱস্থাও থাকিব। এনে শিক্ষকক আনকি চৰ অঞ্চললৈ পঠিয়াই দিয়া হ'ব। প্রতি ২০/২৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মেণ্টৰ শিক্ষক নিয়োগ কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়। 


অসম গ্রামীণ জীৱিকা অভিযানৰ জৰিয়তে সখীসকলক স্কুটী বিতৰণ কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে সখীসকলৰ কাম-কাজৰ বাবে চৰকাৰে স্কুটী যোগান ধৰিছে। আগলৈও চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিব। সভাত আদৰণী ভাষণ দি নলবাৰীৰ জিলা আয়ুক্ত নিৱেদন দাস পাটোৱাৰীয়ে কয়-'আমি শিক্ষক নিযুক্তিৰ পূৰ্বে জিলা পৰ্যায়ৰ সমিতি-সভা অনুষ্ঠিত কৰিছোঁ।'


কালি নিযুক্তি লাভ কৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প'ষ্ট গ্রেজুৱেট শিক্ষকসকলক কোন বিদ্যালয়ত নিযুক্তি দিয়া হ'ব সেই সম্পর্কত লটাৰীৰ ব্যৱস্থা কৰা হয়, যাতে বিদ্যালয় বাছনিৰ ক্ষেত্ৰতো বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ত ধনৰ লেন-দেন নহয়, লগতে নিকা আৰু স্বচ্ছ পদ্ধতিত নিযুক্তি প্রক্রিয়া চলে, তাৰ বাবে এই লটাৰীৰ ব্যৱস্থা কৰা হৈছিল। কালিৰ অনুষ্ঠানতে অসম গ্রামীণ জীৱিকা আঁচনিৰ 'সখী এক্সপ্ৰেছ'ৰ জৰিয়তে নলবাৰী আৰু ঘগ্ৰাপাৰ উন্নয়ন খণ্ডৰ ৬৫গৰাকী সখীলৈ স্কুটী বিতৰণ কৰা হয়। লগতে ড° বাণীকান্ত কাকতি বঁটা হিচাপে ৩৯৪গৰাকী মেধাৱী ছাত্ৰীলৈ স্কুটী বিতৰণ কৰা হয়। কালি ৬গৰাকী ছাত্ৰীক স্কুটী বিতৰণ কৰা হয় যদিও বাকীসকলক ডীলাৰৰ জৰিয়তে স্কুটী প্রদান কৰা হ'ব। 


অসম চৰকাৰৰ অধীনত স্বচ্ছ আৰু নিকা পদ্ধতিত মাধ্যমিক শিক্ষা পর্যায়ত ১৭৬গৰাকী ব্যক্তিয়ে নতুনকৈ শিক্ষকৰ নিযুক্তি লাভ কৰিছে। ইয়াৰ ভিতৰত প'ষ্ট গ্ৰেজুৱেট শিক্ষক (স্নাতকোত্তৰ) ৬২গৰাকী, হাইস্কুল পৰ্যায়ৰ কলা বিভাগৰ গ্ৰেজুৱেট শিক্ষক ২৪গৰাকী, বিজ্ঞান শিক্ষক ২৩গৰাকী, গণিত শিক্ষক ২১গৰাকী, হিন্দী শিক্ষক ২৪গৰাকী আৰু সংস্কৃত শিক্ষক ২২গৰাকীক নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত নিৱেদন দাস পাটোৱাৰী, বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া আৰু জিলা প্রাথমিক শিক্ষা বিষয়া সীমান্ত ডেকা উপস্থিত থাকে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুছলমান মহিলাৰ 'নিকাব' আঁতৰাই বিপদত নীতিশ কুমাৰ, বিহাৰৰ মুখ্যমন্ত্ৰীক 'মানসিকভাবে অসুস্থ' আখ্যা বিৰোধীৰ
শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চিত্ৰৰ বাবে তালিকাভুক্ত প্ৰথম ভাৰতীয় কথাছবি; 'অস্কাৰ'ৰ দৌৰত ভাৰতৰ 'হ'ম বাউণ্ড'
নামবৰ অভয়াৰণ্যৰ বনৰীয়া হাতীৰ কৰিড'ৰত নিৰ্মাণ হ'ব সাংস্কৃতিক কেন্দ্র; প্রকৃতিপ্রেমীৰ মাজত তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি
সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ জুবিন গাৰ্গৰ হত্যা-গোচৰ
ভাৰতৰ পৰা উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ ভাবুকি বাংলাদেশৰ ছাত্র-নেতা হাচনাত আব্দুল্লাৰ
ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ অৱনতি, কাছাৰ সীমান্তত নিষেধাজ্ঞা
দিল্লীত দৈনিক জনমভূমিৰ চীফ ৰিপ'ৰ্টাৰ অমল গোস্বামীক কল্যাণ বৰুৱা সাংবাদিকতা বঁটা
আমেৰিকাৰ সংসদত ৰাষ্ট্ৰপতি ট্রাম্পক কঠোৰ সমালোচনা
২৬ৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত নির্বাচন, মুখ্য নির্বাচন আয়ুক্ত নাছিৰ উদ্দিনৰ আনুষ্ঠানিক ঘোষণা
ড’নাল্ড ট্ৰাম্পৰ বাঢ়িছে সমস্যা ! ১৯খন ৰাজ্যই তৰিছে H-1B ভিছাৰ বিৰুদ্ধে গোচৰ
পাকিস্তানত সংস্কৃত, মহাভাৰতৰ পাঠ, দেশ বিভাজনৰ পাছত বিৰল ঘটনা
শ্যামকানুক আইনী সাহায্য নিদিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, উকীল সন্থাক অনিতা ডেকা মহন্তৰ আহ্বান
প্রধানমন্ত্রীয়ে ২০ ডিচেম্বৰত মুকলি কৰিব বৰঝাৰ বিমান বন্দৰৰ নতুন টার্মিনেল
১২৩৭০ পৃষ্ঠাৰ চার্জশ্বীটত কি বিস্ফোৰক তথ্য উল্লেখ কৰিলে SIT য়ে?