--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বজনীনভাৱে এই স্থান লাভ কৰাব পাছত এইটো প্রতিপন্থ হ'ল যে ভাৰতৰ দ্রুত বিকশিত প্রযুক্তি পৰিৱেশতন্ত্র আৰু শক্তিশালী প্রতিভাই গোলকীয় এ আই প্রতিযোগিতাত দেশে এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাৰ (এআই) প্রয়োগৰ ক্ষেত্রত বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে এখন শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। 


বিশ্বজনীনভাৱে এই স্থান লাভ কৰাব পাছত এইটো প্রতিপন্থ হ'ল যে ভাৰতৰ দ্রুত বিকশিত প্রযুক্তি পৰিৱেশতন্ত্র আৰু শক্তিশালী প্রতিভাই গোলকীয় এ আই প্রতিযোগিতাত দেশে এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গ্ল'ৱেল এ আই সঁজুলি প্রতিবেদনত প্রকাশ কৰা মতে, এ আই পৰিৱেশতন্ত্র শক্তিশালী কৰিবলৈ গ্রহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপবোৰৰ বাবেই ভাৰতৰ স্থান এই ক্ষেত্রত আগবাঢ়িছে। 


প্রসিদ্ধ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়খনৰ ২০২৪ গ্ল'ৱেল ভাইব্লেন্সি সূচকাংকত ২১.৫৯ নম্বৰ লাভ কৰি ভাৰত তৃতীয় স্থানত আছে। আমেৰিকাই এ আই প্রয়োগৰ ক্ষেত্রত ৭৮.৬০ নম্বব সূচকাংক লাভ কৰি শীর্ষস্থানত আছে। আমেৰিকাই কৃত্রিম বুদ্ধিমত্তা খণ্ডত চলোৱা গবেষণা আৰু অধ্যয়নৰ বাবে আৰু আন্তঃগাঁথনি সুলভ হোৱাৰ বাবেই এই কৃতিত্ব অর্জন কৰিছে। 


আনহাতে, চীনে ৩৬.৯৫ নম্বৰ সূচকাংক লাভ কৰি এ আই প্রয়োগৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। এ আইৰ গৱেষণা আক বিকাশৰ ক্ষেত্রত চীনে শক্তিশালী দক্ষতা প্রদর্শন কবিলৈ সক্ষম হৈছে। কিন্তু প্রয়োগৰ ক্ষেত্ৰত আমেৰিকাতকৈ পিছ পৰি থকাৰ বাবেই চীনে দ্বিতীয় স্থান লাভ কৰে। 


ইফালে, দক্ষিণ কোৰিয়াই ১৭.২৪ নম্বৰ আৰু ব্রিটেইনে ১৬.৬৪ নম্বৰ লাভ কৰি জনমে চতুর্থ আৰু পঞ্চম স্থান লাভ কৰিছে। উল্লেখযোগ্য যে ভাবতে ২০২৩ চনত এ আই ক্ষেত্রত এই মান সূচকাংকত সপ্তম স্থানত আছিল যদিও ২০২৪ চনব প্রতিবেদনত তৃতীয় স্থানলৈ উন্নীত হ'বলৈ সক্ষম হ'ল। 


ইফালে, ২০২৪ চনত আমেৰিকাই উল্লেখযোগ্য এ আই মডেল উদ্ভাৱন কৰি ব্যক্তিগত বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।২০২৪ চনত আমেৰিকাই তেওঁলোকৰ কো স্পানীসমূহ গুগল, আপেন এ আই আৰু মেটাৰ সহযোগত জেমিনি ২.০ প্র. অ আই আৰু এল লামা ৩.১ আদি এ আই মডেল মুকলি কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ