--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৃহস্পতিবাৰে চীনৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, দেশখনৰ প্রধান মহাকাশ প্রতিষ্ঠানবোৰে অহা পাঁচ বছৰত মহাকাশ পৰ্যটনৰ বিকাশ সাধনৰ লক্ষ্য লৈছে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ সৈতে প্রযুক্তি ক্ষেত্রত প্রতিযোগিতা চলি থকাৰ মাজতে চীনে অহা পাঁচ বছৰত মহাকাশ পর্যটন বিকশিত কৰিবলৈ সংকল্পবদ্ধ হৈছে।


বৃহস্পতিবাৰে চীনৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, দেশখনৰ প্রধান মহাকাশ প্রতিষ্ঠানবোৰে অহা পাঁচ বছৰত মহাকাশ পৰ্যটনৰ বিকাশ সাধনৰ লক্ষ্য লৈছে। বেইজিঙে ইতিমধ্যে ইয়াৰ বাণিজ্যিক মহাকাশ যান প্ৰেৰণ বৃদ্ধি কৰিছে আৰু অভিলাষী গভীৰ মহাকাশ অন্বেষণৰ প্রক্রিয়া ত্বৰান্বিত কৰিছে। 


দেশখনৰ চৰকাৰী মহাকাশ প্রতিষ্ঠান 'চীন এৰ'স্পেচ ছায়েন্স এণ্ড টেকন'লজী কপ'ৰেশ্যনে' কয় যে তেওঁলোকে উপ-কক্ষপথীয় মহাকাশ পৰ্যটনৰ ক্ষেত্ৰত মহাকাশ যানত পৰিচালন কৰিব আৰু ক্রমান্বয়ে কক্ষপক্ষত মহাকাশ পর্যটন বিকাশ সাধন কৰিব। 


তদুপৰি এটা গিগাৱাট ঔৰৰ 'স্পেচ ডিজিটেল ইন্টেলিজেন্স ইনফ্রাষ্ট্ৰাকছাৰ' (মহাকাশ ডিজিটেল চোৰাংচোৱা আন্তঃগাঁথনি) নির্মাণ কৰিব চীনে। উল্লেখযোগ্য যে চীন আৰু আমেৰিকাৰ মাজত মহাকাশ অন্বেষণক লৈ তীব্র প্রতিযোগিতা চলি আছে। দুয়োখন দেশে অসামৰিক বিমান পৰিবহণৰ দৰে মহাকাশ অন্বেষণক বাণিজ্যিকভাৱে সুচল ব্যৱসায়লৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, দুয়োখন দেশে মহাকাশ পৃষ্ঠত সামৰিক আৰু কৌশলগত ছাউনী প্রতিষ্ঠাৰ চেষ্টাও কৰি আছে। চীনৰ চৰকাৰী মহাকাশ প্রতিষ্ঠানটোৱে ২০৪৫ চনৰ ভিতৰত দেশখনক বিশ্বৰ অগ্ৰণী মহাকাশ শক্তি হিচাপে ৰূপান্তৰ কৰিবলৈ সংকল্পবদ্ধ হৈছে। এতিয়ালৈকে চীনে পুনৰ ব্যৱহাৰযোগ্য ৰকেট পৰীক্ষণত আমেৰিকাৰ তুলনাত ব্যৰ্থ হৈছে। আনহাতে, আমেৰিকাস্থিত চীনৰ প্ৰতিদ্বন্দ্বী স্পেচ এক্সে ইয়াৰ 'ফেলকন-৯' পুনৰ ব্যৱহাৰযোগ্য ৰকেটটো ইয়াৰ সহযোগী ষ্টাৰলিংকৰ জৰিয়তে পৃথিৱীৰ কক্ষপথৰ তলত স্থাপন কৰি একচেটিয়াকৈ কক্ষপথীয় মহাকাশ পৰ্যটনৰ দিশত ব্যৱহাৰ কৰি আছে। আনহাতে, ৰকেট উৎক্ষেপণৰ ব্যয় হ্রাস কৰিবলৈ ৰকেটৰ পুনৰ ব্যৱহাৰযোগ্যতা অতি গুৰুত্বপূৰ্ণ আৰু মহাকাশলৈ উপগ্রহবোৰ প্ৰেৰণ কৰাত ব্যয় কম হয়। যোৱা বৰ্ষত চীনে ৯৩টা কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপণ কৰে। 


ইফালে, দেশখনে দ্রুতভাৱে বাণিজ্যিক মহাকাশ যান ষ্টার্ট আপসমূহক পৰিপৰ্ক কৰি তুলিছে। আনহাতে, চীনে বাৰে বাৰে অভিহিত কৰি আহিছে যে কক্ষপক্ষৰ তলত একচেটিয়াকৈ উপগ্রহ স্থাপন কৰি স্পেচ এক্সে চীনৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে। সেইবাবে চীনে মহাকাশলৈ উপগ্রহ উৎক্ষেপণ বৃদ্ধি কৰিছে আৰু পৰৱৰ্তী দশকবোৰত ১০ সহস্রাধিক উপগ্রহ মহাকাশলৈ উৎক্ষেপণ কৰাৰ লক্ষ্য লৈছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু