--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৃহস্পতিবাৰে চীনৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, দেশখনৰ প্রধান মহাকাশ প্রতিষ্ঠানবোৰে অহা পাঁচ বছৰত মহাকাশ পৰ্যটনৰ বিকাশ সাধনৰ লক্ষ্য লৈছে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ সৈতে প্রযুক্তি ক্ষেত্রত প্রতিযোগিতা চলি থকাৰ মাজতে চীনে অহা পাঁচ বছৰত মহাকাশ পর্যটন বিকশিত কৰিবলৈ সংকল্পবদ্ধ হৈছে।


বৃহস্পতিবাৰে চীনৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, দেশখনৰ প্রধান মহাকাশ প্রতিষ্ঠানবোৰে অহা পাঁচ বছৰত মহাকাশ পৰ্যটনৰ বিকাশ সাধনৰ লক্ষ্য লৈছে। বেইজিঙে ইতিমধ্যে ইয়াৰ বাণিজ্যিক মহাকাশ যান প্ৰেৰণ বৃদ্ধি কৰিছে আৰু অভিলাষী গভীৰ মহাকাশ অন্বেষণৰ প্রক্রিয়া ত্বৰান্বিত কৰিছে। 


দেশখনৰ চৰকাৰী মহাকাশ প্রতিষ্ঠান 'চীন এৰ'স্পেচ ছায়েন্স এণ্ড টেকন'লজী কপ'ৰেশ্যনে' কয় যে তেওঁলোকে উপ-কক্ষপথীয় মহাকাশ পৰ্যটনৰ ক্ষেত্ৰত মহাকাশ যানত পৰিচালন কৰিব আৰু ক্রমান্বয়ে কক্ষপক্ষত মহাকাশ পর্যটন বিকাশ সাধন কৰিব। 


তদুপৰি এটা গিগাৱাট ঔৰৰ 'স্পেচ ডিজিটেল ইন্টেলিজেন্স ইনফ্রাষ্ট্ৰাকছাৰ' (মহাকাশ ডিজিটেল চোৰাংচোৱা আন্তঃগাঁথনি) নির্মাণ কৰিব চীনে। উল্লেখযোগ্য যে চীন আৰু আমেৰিকাৰ মাজত মহাকাশ অন্বেষণক লৈ তীব্র প্রতিযোগিতা চলি আছে। দুয়োখন দেশে অসামৰিক বিমান পৰিবহণৰ দৰে মহাকাশ অন্বেষণক বাণিজ্যিকভাৱে সুচল ব্যৱসায়লৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, দুয়োখন দেশে মহাকাশ পৃষ্ঠত সামৰিক আৰু কৌশলগত ছাউনী প্রতিষ্ঠাৰ চেষ্টাও কৰি আছে। চীনৰ চৰকাৰী মহাকাশ প্রতিষ্ঠানটোৱে ২০৪৫ চনৰ ভিতৰত দেশখনক বিশ্বৰ অগ্ৰণী মহাকাশ শক্তি হিচাপে ৰূপান্তৰ কৰিবলৈ সংকল্পবদ্ধ হৈছে। এতিয়ালৈকে চীনে পুনৰ ব্যৱহাৰযোগ্য ৰকেট পৰীক্ষণত আমেৰিকাৰ তুলনাত ব্যৰ্থ হৈছে। আনহাতে, আমেৰিকাস্থিত চীনৰ প্ৰতিদ্বন্দ্বী স্পেচ এক্সে ইয়াৰ 'ফেলকন-৯' পুনৰ ব্যৱহাৰযোগ্য ৰকেটটো ইয়াৰ সহযোগী ষ্টাৰলিংকৰ জৰিয়তে পৃথিৱীৰ কক্ষপথৰ তলত স্থাপন কৰি একচেটিয়াকৈ কক্ষপথীয় মহাকাশ পৰ্যটনৰ দিশত ব্যৱহাৰ কৰি আছে। আনহাতে, ৰকেট উৎক্ষেপণৰ ব্যয় হ্রাস কৰিবলৈ ৰকেটৰ পুনৰ ব্যৱহাৰযোগ্যতা অতি গুৰুত্বপূৰ্ণ আৰু মহাকাশলৈ উপগ্রহবোৰ প্ৰেৰণ কৰাত ব্যয় কম হয়। যোৱা বৰ্ষত চীনে ৯৩টা কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপণ কৰে। 


ইফালে, দেশখনে দ্রুতভাৱে বাণিজ্যিক মহাকাশ যান ষ্টার্ট আপসমূহক পৰিপৰ্ক কৰি তুলিছে। আনহাতে, চীনে বাৰে বাৰে অভিহিত কৰি আহিছে যে কক্ষপক্ষৰ তলত একচেটিয়াকৈ উপগ্রহ স্থাপন কৰি স্পেচ এক্সে চীনৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে। সেইবাবে চীনে মহাকাশলৈ উপগ্রহ উৎক্ষেপণ বৃদ্ধি কৰিছে আৰু পৰৱৰ্তী দশকবোৰত ১০ সহস্রাধিক উপগ্রহ মহাকাশলৈ উৎক্ষেপণ কৰাৰ লক্ষ্য লৈছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ