--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰায় চাৰি বছৰ ধৰি চলা ৰাছিয়া-ইউক্রেইনৰ ভয়ংকৰ যুদ্ধত দুয়োপক্ষৰ সৈন্যৰ হতাহতৰ সংখ্যা শীঘ্রেই ২০ লাখ অতিক্ৰম কৰিব।

ডিজিটেল ডেস্ক : প্ৰায় চাৰি বছৰ ধৰি চলা ৰাছিয়া-ইউক্রেইনৰ ভয়ংকৰ যুদ্ধত দুয়োপক্ষৰ সৈন্যৰ হতাহতৰ সংখ্যা শীঘ্রেই ২০ লাখ অতিক্ৰম কৰিব। আনহাতে, দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত সংঘটিত হোৱা সংঘৰ্ষবোৰৰ ভিতৰত যিকোনো প্রধান শক্তিশালী দেশৰ ক্ষেত্ৰত সর্বাধিক ক্ষতি হৈছে ৰাছিয়াৰ সৈন্যবলৰ। 


শেহতীয়াকৈ প্রকাশ হোৱা এখন প্রতিবেদনত যুদ্ধখনৰ এই ভয়ংকৰ তথ্য প্রকাশ পাইছে। আনহাতে, ৰুছ বাহিনীয়ে ইউক্রেইনত আক্রমণ অব্যাহত ৰাখিছে। বুধবাৰে কীভৰ এটা পার্শ্ববর্তী অঞ্চলত ৰুছ সেনাৰ আক্ৰমণত তিনিগৰাকী ইউক্রেইনী লোক নিহত হয়। ইফালে, 'চেণ্টাৰ ফৰ স্ট্রেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজে' (চি এছ আই এছ) মঙলবাৰে প্ৰকাশ কৰা প্ৰতিবেদনখনত কোৱা হৈছে যে দুয়োখন দেশৰ যুদ্ধত ৰাছিয়াৰ ১২ লাখ লোক হতাহত হৈছে। ইয়াৰ ভিতৰত ৩ লাখ ২৫ হাজাৰ সৈন্য নিহত হৈছে। ২০২২ চনৰ পৰা ২০২৫ চনৰ ডিচেম্বৰলৈকে চলা পূৰ্ণ পৰ্যায়ৰ যুদ্ধত মস্কো সর্বাধিক ক্ষতিগ্রস্ত হৈছে। 


আনহাতে, ৰাছিয়াৰ তুলনাত ইউক্রেইনৰ সৈন্য আৰু জনসংখ্যা কম হোৱাৰ পৰিপ্ৰেক্ষিতত এই যুদ্ধখনত ইউক্রেইনৰ ৬ লাখ লোক হতাহত হৈছে আৰু ইয়াৰ ভিতৰত ১ লাখ ৪০ হাজাৰ লোক নিহত হৈছে। শেহতীয়া বাতৰি অনুসৰি, ৰাছিয়াই বৃহস্পতিবাৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কীক শান্তি আলোচনাৰ বাবে মস্কোলৈ আহিবলৈ আহ্বান জনাইছে। ইউক্রেইনৰ সৈতে চাৰিবছৰীয়া সংঘৰ্ষৰ অৱসানৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি ৰাছিয়াই এই পদক্ষেপ লৈছে বুলি ক্রেমলিনৰ সূত্ৰই প্ৰকাশ কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু