--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰায় চাৰি বছৰ ধৰি চলা ৰাছিয়া-ইউক্রেইনৰ ভয়ংকৰ যুদ্ধত দুয়োপক্ষৰ সৈন্যৰ হতাহতৰ সংখ্যা শীঘ্রেই ২০ লাখ অতিক্ৰম কৰিব।

ডিজিটেল ডেস্ক : প্ৰায় চাৰি বছৰ ধৰি চলা ৰাছিয়া-ইউক্রেইনৰ ভয়ংকৰ যুদ্ধত দুয়োপক্ষৰ সৈন্যৰ হতাহতৰ সংখ্যা শীঘ্রেই ২০ লাখ অতিক্ৰম কৰিব। আনহাতে, দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত সংঘটিত হোৱা সংঘৰ্ষবোৰৰ ভিতৰত যিকোনো প্রধান শক্তিশালী দেশৰ ক্ষেত্ৰত সর্বাধিক ক্ষতি হৈছে ৰাছিয়াৰ সৈন্যবলৰ। 


শেহতীয়াকৈ প্রকাশ হোৱা এখন প্রতিবেদনত যুদ্ধখনৰ এই ভয়ংকৰ তথ্য প্রকাশ পাইছে। আনহাতে, ৰুছ বাহিনীয়ে ইউক্রেইনত আক্রমণ অব্যাহত ৰাখিছে। বুধবাৰে কীভৰ এটা পার্শ্ববর্তী অঞ্চলত ৰুছ সেনাৰ আক্ৰমণত তিনিগৰাকী ইউক্রেইনী লোক নিহত হয়। ইফালে, 'চেণ্টাৰ ফৰ স্ট্রেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজে' (চি এছ আই এছ) মঙলবাৰে প্ৰকাশ কৰা প্ৰতিবেদনখনত কোৱা হৈছে যে দুয়োখন দেশৰ যুদ্ধত ৰাছিয়াৰ ১২ লাখ লোক হতাহত হৈছে। ইয়াৰ ভিতৰত ৩ লাখ ২৫ হাজাৰ সৈন্য নিহত হৈছে। ২০২২ চনৰ পৰা ২০২৫ চনৰ ডিচেম্বৰলৈকে চলা পূৰ্ণ পৰ্যায়ৰ যুদ্ধত মস্কো সর্বাধিক ক্ষতিগ্রস্ত হৈছে। 


আনহাতে, ৰাছিয়াৰ তুলনাত ইউক্রেইনৰ সৈন্য আৰু জনসংখ্যা কম হোৱাৰ পৰিপ্ৰেক্ষিতত এই যুদ্ধখনত ইউক্রেইনৰ ৬ লাখ লোক হতাহত হৈছে আৰু ইয়াৰ ভিতৰত ১ লাখ ৪০ হাজাৰ লোক নিহত হৈছে। শেহতীয়া বাতৰি অনুসৰি, ৰাছিয়াই বৃহস্পতিবাৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কীক শান্তি আলোচনাৰ বাবে মস্কোলৈ আহিবলৈ আহ্বান জনাইছে। ইউক্রেইনৰ সৈতে চাৰিবছৰীয়া সংঘৰ্ষৰ অৱসানৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি ৰাছিয়াই এই পদক্ষেপ লৈছে বুলি ক্রেমলিনৰ সূত্ৰই প্ৰকাশ কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ