ডিজিটেল ডেস্ক: কনফেডাৰেশ্যন অব্ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ-পূব তেল আৰু গেছ সম্মিলন ২০২৫ত কালি কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে অংশগ্রহণ কৰে।
ভাৰতৰ শক্তি সুৰক্ষা আৰু হাইড্ৰ' কাৰ্বনৰ এক শক্তিশালী প্রাণকেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ কিদৰে দ্রুতগতিত উত্থান হৈছে, সেই বিষয়ে অনুষ্ঠানত তেওঁ আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে এই সন্মিলনত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰয়, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব বিনোদ চেচান,মুখ আয়োজক চি আই অসম তেল আৰু গেছৰ অধ্যক্ষ এতিয়া এছ কে বৰুৱা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।
কেন্দ্রীয় মন্ত্রী সোণোৱালে কালি ভাষণত কয়, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীই সদায় কৈ আহিছে যে উন্নত পৰিবহণ অবিহনে পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয়। উত্তৰ-পূৰ্বাঞ্চলত হাইড্ৰ'কাৰ্বনৰ উৎপাদিত সামগ্রীসমূহ ভালদৰে পৰিবহণ কৰাৰ লগতে পৰিবহণ ব্যয় যিমানে পৰা যায় কম কৰিব লাগিব। প্রধানমন্ত্রী মোদীয়ে এই অমৃতকালত এটা লক্ষ্য স্থিৰ কৰি লৈছে যে ২০৪৭ চনৰ ভিতৰত আমাৰ দেশ বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ বিকশিত আৰু আত্মনিৰ্ভৰ দেশ হিচাপে পৰিগণিত হ'ব আৰু ইয়াৰ বাবে দেশৰ সকলো নাগৰিকৰে যথেষ্ট দায়িত্ব আছে। আমাৰ উত্তৰ-পূৰ্বাঞ্চল গোটেই দক্ষিণ-পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকর্ষণীয় এটা অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। এন ই মানে এতিয়া মাত্র নর্থ-ইষ্ট নহয়, এন ই মানে হ'ল নতুন ভাৰতৰ নতুন ইঞ্জিন। নৰেন্দ্ৰ মোদীয়ে প্রায়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল হৈছে দেশৰ অষ্টলক্ষ্মী। প্ৰধানমন্ত্ৰীৰ গতিশীল নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে, এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সবল ভূমিকা পালন কৰি আছে আৰু সংযোগ তথা 'পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন'ৰ এক নতুন যুগত প্ৰৱেশ কৰিছে।
নুমলীগড় শোধনাগাৰৰ বাবে গধুৰ যন্ত্ৰ-পাতি নদীপথেৰে পৰিবহণ কৰাৰ পৰা আৰম্ভ কৰি শিলঘাট আৰু গুইজানত বিশেষ জেটি স্থাপনলৈকে- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় জলপথসমূহ এতিয়া দেশৰ শক্তিখণ্ডৰ মেৰুদণ্ডস্বৰূপ হৈ পৰিছে। ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র) ত মালবাহী পৰিবহণ দ্রুতগতিত বাঢ়িছে, যিয়ে প্রমাণ কৰিছে যে আমাৰ নদীসমূহ অর্থনৈতিক বৃদ্ধিৰো ইঞ্জিন। কেৱল উত্তৰ-পূবতেই জলপথ প্রকল্পত ১,০০০ কোটি টকাতকৈও অধিক বিনিয়োগ কৰি আমাৰ চৰকাৰে নিশ্চিত কৰিছে যে অঞ্চলটোৰ অগ্রগামী কাহিনী উন্নয়নৰ আৰু প্ৰগতিৰ ঢৌত লিপিবদ্ধ কৰা হ'ব। সোণোৱালে লগতে কয়, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত যোৱা এঘাৰ বছৰত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰো অভাৱনীয় ৰূপান্তৰ লক্ষণীয় হৈছে। আমাৰ ৰাজ্যখনত প্ৰচুৰ পৰিমাণে তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে। লগতে অৰুণাচল প্রদেশ, ত্ৰিপুৰা আৰু নগালেণ্ডতো যিমান পৰিমাণৰ প্ৰাকৃতিক সম্পদ আছে, সেয়াই অনাগত দিনবোৰত দেশৰ বাবে উদ্যোগ, যুৱক-যুৱতীৰ বাবে চাকৰি আৰু ভাৰতবৰ্ষৰ শক্তি ক্ষেত্ৰৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। আমি সমগ্ৰ উত্তৰ-পূর্বাঞ্চলে ভৱিষ্যতে এই শক্তিৰ দ্বাৰা উদ্যোগীকৰণৰ ক্ষেত্ৰখনত অতি শক্তিশালী ভূমিকা পালন কৰিব পাৰিম আৰু উত্তৰ-পূৰ্বাঞ্চল শক্তি ক্ষেত্ৰৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি উঠিব। উত্তৰ-পূৰ্বাঞ্চল হৈছে সম্পদৰ ভঁৰাল আৰু সম্ভাৱনাৰ আকৰ। উত্তৰ-পূবক হাইড্র 'কার্বন হাবলৈ ৰূপান্তৰিত কৰিবলৈ গুণগত কৰ্মশক্তিৰ প্রয়োজন হ'ব। পূর্বতে বাঘজানকে ধৰি বিভিন্ন ঠাইত হোৱা বিজুতিৰ সময়ত বাহিৰৰ পৰা বিশেষজ্ঞ আনিবলগীয়া হৈছিল। সেয়ে গুণগত কর্মশক্তি আৰু দক্ষতা গঢ়ি তুলি আত্মনিৰ্ভৰ ভাৰত গঢ়াত সবল ভূমিকা পালন কৰিবলৈ কনফেডাৰেশ্যন অব্ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীক আহ্বান জনালোঁ। পৰিৱৰ্তনৰ বাবে যাতায়াত সুলভ আৰু সুগম হ'ব লাগিব আৰু এইক্ষেত্ৰত আমাৰ চৰকাৰে উত্তৰ-পূবক বিশেষ অগ্রাধিকাৰ দিছে।'
সোণোৱালে উল্লেখ কৰে, 'বিগত বছৰকেইটাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ প্রকল্প গ্রহণ কৰা হৈছে। ২০২৭ চনৰ ভিতৰত ৭৬টা ৰাষ্ট্ৰীয় জলপথ কাৰ্যকৰী হিচাপে পৰিগণিত হ'ব। ৰাষ্ট্ৰীয় জলপথত কাৰ্গ' পৰিচালনাৰ ক্ষেত্ৰত এতিয়ালৈকে সর্বাধিক যোৱা বছৰত ১৪৬ মিলিয়ন টনলৈ বৃদ্ধি হৈছে। পূর্বতে এই সংখ্যা মাত্র ১৮ মিলিয়ন টনতে সীমাবদ্ধ আছিল। বিগত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ত ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণে সৰ্বমুঠ ৪০,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে, যাৰ দ্বাৰা জল পৰিবহণ সুচল অধিক হৈ উঠিব। কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭%, ৰাষ্ট্ৰীয় জলপথত মাল পৰিবহণৰ পৰিমাণ ৬৩৫% বৃদ্ধি, ৰাষ্ট্ৰীয় জলপথত বিনিয়োগ ২৩৩% বৃদ্ধিৰ সৈতে মাল্টিম'ডেল টার্মিনেলত ৬২% বৃদ্ধি- এই বৃদ্ধি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।'
উৎসঃ দৈনিক জনমভূমি