--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • DRI-ৰ ওচৰত আগতীয়াকৈ খবৰ আছিল যে থাইলেণ্ডৰ বেংককৰ পৰা এটা বৃহৎ ড্ৰাগছৰ চালান লখনউ অভিমুখে আহি আছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডাইৰেক্টৰেট অৱ ৰিভেনিউ ইণ্টেলিজেন্সে (DRI) এক বৃহৎ অভিযান চলাই এক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। বেংককৰ পৰা অহা এদল সৰবৰাহকাৰীৰ পৰা কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে।


তথ্য অনুসৰি, DRI-ৰ ওচৰত আগতীয়াকৈ খবৰ আছিল যে থাইলেণ্ডৰ বেংককৰ পৰা এটা বৃহৎ ড্ৰাগছৰ চালান লখনউ অভিমুখে আহি আছে। এই তথ্যৰ ভিত্তিত বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল আৰু সন্দেহযুক্ত যাত্ৰীসকলৰ ওপৰত চোকা নজৰ ৰখা হৈছিল।


বেংককৰ পৰা অহা বিমানখনৰ যাত্ৰীসকলক তালাচী চলাই থকাৰ সময়তে কেইজনমান যাত্ৰীৰ গতি-বিধি দেখি বিষয়াৰ সন্দেহ ওপজে। তেওঁলোকৰ হাতত থকা বেগসমূহ স্কেনিং মেচিনত পৰীক্ষা কৰাৰ লগতে তন্ন তন্নকৈ তালাচী চলোৱাত বেগৰ ভিতৰত অতি চতুৰতাৰে তৈয়াৰ কৰা গোপন কক্ষ উদ্ধাৰ হয়। তাৰ ভিতৰতে পেকেট কৰি ভৰাই থোৱা আছিল কোটি টকা মূল্যৰ মাৰাত্মক ড্ৰাগছ।


বৰ্তমান DRI-য়ে আটক কৰা সৰবৰাহকাৰী কেইজনক জেৰা চলাই আছে। তেওঁলোক এই আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটৰ কিমান গুৰুত্বপূৰ্ণ সদস্য আৰু ভাৰতত এই ড্ৰাগছ কাৰ হাতলৈ যোৱাৰ কথা আছিল, সেই বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা হৈছে। এই কাণ্ডত স্থানীয় কোনো লোক জড়িত থকাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ