--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • DRI-ৰ ওচৰত আগতীয়াকৈ খবৰ আছিল যে থাইলেণ্ডৰ বেংককৰ পৰা এটা বৃহৎ ড্ৰাগছৰ চালান লখনউ অভিমুখে আহি আছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডাইৰেক্টৰেট অৱ ৰিভেনিউ ইণ্টেলিজেন্সে (DRI) এক বৃহৎ অভিযান চলাই এক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। বেংককৰ পৰা অহা এদল সৰবৰাহকাৰীৰ পৰা কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে।


তথ্য অনুসৰি, DRI-ৰ ওচৰত আগতীয়াকৈ খবৰ আছিল যে থাইলেণ্ডৰ বেংককৰ পৰা এটা বৃহৎ ড্ৰাগছৰ চালান লখনউ অভিমুখে আহি আছে। এই তথ্যৰ ভিত্তিত বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল আৰু সন্দেহযুক্ত যাত্ৰীসকলৰ ওপৰত চোকা নজৰ ৰখা হৈছিল।


বেংককৰ পৰা অহা বিমানখনৰ যাত্ৰীসকলক তালাচী চলাই থকাৰ সময়তে কেইজনমান যাত্ৰীৰ গতি-বিধি দেখি বিষয়াৰ সন্দেহ ওপজে। তেওঁলোকৰ হাতত থকা বেগসমূহ স্কেনিং মেচিনত পৰীক্ষা কৰাৰ লগতে তন্ন তন্নকৈ তালাচী চলোৱাত বেগৰ ভিতৰত অতি চতুৰতাৰে তৈয়াৰ কৰা গোপন কক্ষ উদ্ধাৰ হয়। তাৰ ভিতৰতে পেকেট কৰি ভৰাই থোৱা আছিল কোটি টকা মূল্যৰ মাৰাত্মক ড্ৰাগছ।


বৰ্তমান DRI-য়ে আটক কৰা সৰবৰাহকাৰী কেইজনক জেৰা চলাই আছে। তেওঁলোক এই আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটৰ কিমান গুৰুত্বপূৰ্ণ সদস্য আৰু ভাৰতত এই ড্ৰাগছ কাৰ হাতলৈ যোৱাৰ কথা আছিল, সেই বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা হৈছে। এই কাণ্ডত স্থানীয় কোনো লোক জড়িত থকাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু