--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ বেৰী আৰক্ষী থানাই গোচৰৰ তদন্ত আৰম্ভ কৰে। নিহত লোকজনৰ নাম সন্দীপ লোহিয়া আৰু আহতজনৰ নাম ঋষি।

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত বাহন পাৰ্কিং কৰাক লৈ হোৱা এক সামান্য বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰে, যাৰ পৰিণতিত এজন ব্যক্তিক চুৰিৰে আঘাট কৰি হত্যা কৰা হয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে এই গোচৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।


তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ বেৰী আৰক্ষী থানাই গোচৰৰ তদন্ত আৰম্ভ কৰে। নিহত লোকজনৰ নাম সন্দীপ লোহিয়া আৰু আহতজনৰ নাম ঋষি। প্ৰাথমিক তদন্তত সন্দীপ আৰু ঋষিয়ে বিবাহ অনুষ্ঠানত ডিজে যোগানকাৰী হিচাপে কাম কৰিছিল বুলি জানিব পৰা গৈছে


ঘটনাটো দিল্লীৰ এটা জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিশা বাহন পাৰ্কিং কৰাক লৈ ভুক্তভোগী আৰু অভিযুক্তৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল। তৰ্ক ইমানেই বাঢ়ি গৈছিল যে খঙৰ ভমকত অভিযুক্তই এজন ব্যক্তিক চুৰিৰে কেইবাবাৰো আঘাট কৰে।


গুৰুতৰভাৱে আহত হোৱা ব্যক্তিজনক লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। অত্যধিক ৰক্তক্ষৰণৰ বাবেই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।


ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় লোকৰ ভাষ্য আৰু চিচিটিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয়। অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে বৰ্তমান অধিক জেৰা চলাই আছে।


দিল্লীত পাৰ্কিং বা অতি সামান্য কথাতে এনেধৰণৰ হিংসাত্মক ঘটনা বৃদ্ধি পোৱাক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগ প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু