--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ বেৰী আৰক্ষী থানাই গোচৰৰ তদন্ত আৰম্ভ কৰে। নিহত লোকজনৰ নাম সন্দীপ লোহিয়া আৰু আহতজনৰ নাম ঋষি।

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত বাহন পাৰ্কিং কৰাক লৈ হোৱা এক সামান্য বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰে, যাৰ পৰিণতিত এজন ব্যক্তিক চুৰিৰে আঘাট কৰি হত্যা কৰা হয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে এই গোচৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।


তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ বেৰী আৰক্ষী থানাই গোচৰৰ তদন্ত আৰম্ভ কৰে। নিহত লোকজনৰ নাম সন্দীপ লোহিয়া আৰু আহতজনৰ নাম ঋষি। প্ৰাথমিক তদন্তত সন্দীপ আৰু ঋষিয়ে বিবাহ অনুষ্ঠানত ডিজে যোগানকাৰী হিচাপে কাম কৰিছিল বুলি জানিব পৰা গৈছে


ঘটনাটো দিল্লীৰ এটা জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিশা বাহন পাৰ্কিং কৰাক লৈ ভুক্তভোগী আৰু অভিযুক্তৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল। তৰ্ক ইমানেই বাঢ়ি গৈছিল যে খঙৰ ভমকত অভিযুক্তই এজন ব্যক্তিক চুৰিৰে কেইবাবাৰো আঘাট কৰে।


গুৰুতৰভাৱে আহত হোৱা ব্যক্তিজনক লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। অত্যধিক ৰক্তক্ষৰণৰ বাবেই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।


ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় লোকৰ ভাষ্য আৰু চিচিটিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয়। অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে বৰ্তমান অধিক জেৰা চলাই আছে।


দিল্লীত পাৰ্কিং বা অতি সামান্য কথাতে এনেধৰণৰ হিংসাত্মক ঘটনা বৃদ্ধি পোৱাক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগ প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ