--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰান আক্রমণৰ পূর্বে ভেনিজুৱেলা আৰু গ্রীনলেণ্ডৰ বিৰুদ্ধে লোৱা স্থিতিত ক্ষুণ্ণ হৈ পৰিছিল ইউৰোপৰ বেছিভাগ দেশ।

ডিজিটেল ডেস্ক : সমগ্র বিশ্বৰ নায়ক হ'বলৈ গৈ ক্রমাৎ খলনায়কত পৰিণত হৈছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প। নিজ খেয়াল-খুচি মতে ইজৰাইলৰে মিলি ইৰানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি নিজ দেশৰ জনতাৰেই বিৰোধৰ সন্মুখীন হৈছে ট্রাম্প। 


তদুপৰি ইৰানৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ পাছতে ইখনৰ পাছত সিখন বন্ধু ৰাষ্ট্রই লগ এৰা দিছে আমবিকাৰ। সমগ্র বিশ্বক আঙুলিৰ ঠাৰত নচুৱাবলৈ গৈ কার্যতঃ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অকলশৰীয়া হৈ পৰিছে বিশ্বৰ ছুপাৰ পাৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প। আমেৰিকাক প্রতিটো খোজতে সহযোগ কৰি থকা ইউৰোপিয়ান ইউনিয়নৰ অন্তর্গত গৰিষ্ঠসংখ্যক দেশেই ইৰানৰে যুদ্ধত আমেৰিকাক সহায় নকৰাৰ সিদ্ধান্ত লৈছে। বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্র ব্রিটেইনে প্রকাশ্যে ইৰান যুদ্ধত আমেৰিকাক সহায় কৰাৰ বাবে ট্রাম্পে কৰা অনুৰোধ অস্বীকাৰ কৰিছে।


ব্রিটেইনৰ বিদেশ মন্ত্রী য়েভেটে কোপাৰে কয় যে প্রতিটো বিষয়ত ব্ৰিটেইনে কেতিয়াও মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ লগত সহমত প্রকাশ কৰিব নোৱাৰে। তেওঁ কয় যে ব্রিটেইনৰ প্রধানমন্ত্রীয়ে নিজ দেশৰ স্বাৰ্থত যিকোনো সিদ্ধান্ত ল'ব পাৰে, কিন্তু অন্য দেশৰ স্বাৰ্থত তেনে সিদ্ধান্ত ল'ব নোৱাৰে। ইয়াত আচৰিত হ'ব লগা একো নাই। উল্লেখযোগ্য যে কেইদিনমান পূর্বে ড'নাল্ড ট্রাম্পে ইৰানৰে যুদ্ধৰ বাবে যুদ্ধ জাহাজ প্ৰেৰণৰ বাবে ব্রিটেইনক আহ্বান জনাইছিল। ব্রিটেইনৰ প্রধানমন্ত্রী কেয়াৰ ষ্টাৰমাৰে আমেৰিকাৰ আহ্বানক নস্যাৎ কৰাৰ লগতে যুদ্ধত ব্রিটেইনৰ ডিয়েগ' গাছিয়া সামৰিক ঘাটি ব্যৱহাৰৰ পৰা আমেৰিকাক বাৰণ কৰিছিল। ইফালে, ফ্রান্সেও আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে গৈ আমেৰিকাই ইৰান আক্ৰমণ কৰা কাৰ্যক সহজভাৱে লোৱা নাই। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনে বিষয়টো সন্দর্ভত কৌশলী স্থিতি গ্রহণ কৰি বিষয়টো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আলোচনাৰ পোষকতা কৰিছে।


অৱশ্যে দেশখনে পোনপটীয়াভাৱে আমেৰিকাৰ বিৰোধিতা নকৰি ইৰানৰ প্রত্যাক্রমণক সমালোচনা কৰিছে। ইফালে, আমেৰিকা আৰু ইজৰাইলৰ ইৰান আক্রমণক তীব্র বিৰোধিতা কৰিছে স্পেইনে। দেশখনৰ প্ৰধানমন্ত্ৰী পেড্র' ছানচেজে ইৰান আক্ৰমণৰ ঘটনাক তীর গৰিহণা দিছে। ড'নাল্ড ট্রাম্পে স্পেইনৰে সকলো সম্পর্ক ছেদ কৰাৰ ভাবুকি দিয়াৰ পাছতো স্পেইনৰ সামৰিক ঘাটি আমেৰিকাক ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ সংকল্প লৈছে দেশখনৰ প্রধানমন্ত্রী ছানছেজে। ইটালি চৰকাৰেও এই যুদ্ধৰ আইনী ন্যায্যতা সন্দর্ভত প্রশ্ন তুলিছে। 


উল্লেখযোগ্য যে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰান আক্রমণৰ পূর্বে ভেনিজুৱেলা আৰু গ্রীনলেণ্ডৰ বিৰুদ্ধে লোৱা স্থিতিত ক্ষুণ্ণ হৈ পৰিছিল ইউৰোপৰ বেছিভাগ দেশ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ লগতে মার্কিন কংগ্ৰেছৰো অনুমতি নোলোৱাকৈ হঠাতে ড'নাল্ড ট্রাম্পৰ ইৰান আক্রমণক সহজভাৱে লোৱা নাই বিশ্বৰ বিভিন্ন দেশসমূহে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ