--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৯২৯ চনত আমেৰিকাত আৰম্ভ হোৱা আধুনিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ মন্দাই বিশ্বৰ অর্থনীতিকো গ্রাস কৰে।

ডিজিটেল ডেস্ক: ইৰান আৰু ইজৰাইল-আমেৰিকাৰ মাজত চলি থকা যুদ্ধই সমগ্ৰ বিশ্বৰ অর্থনীতিলৈ সংকট মাতি অনাৰ আশংকা বৃদ্ধি পাইছে। ইতিমধ্যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম যথেষ্ট বৃদ্ধি পাইছে। এনে অৱস্থাত যুদ্ধ অধিক দীঘলীয়া হ'লে সমগ্র বিশ্বক মহামন্দাৱস্থাই ছানি ধৰাৰ আশংকা ক্ৰমাৎ ঘনীভূত হ'বলৈ ধৰিছে। 


স্কটলেণ্ডৰ প্রতিষ্ঠান উড মেকেঞ্জীয়ে এইবুলি সতর্কবাণী শুনাইছে যে মধ্য প্রাচ্যৰ যুদ্ধ যদি আৰু সাতদিনলৈ চলে, তেতিয়া বিশ্বৰ অৰ্থব্যৱস্থাই ১৯২৯ চনৰ দৰে মহামন্দাৰ যুগত প্ৰৱেশ কৰিব। ইয়াৰ লগতে এইবুলিও কোৱা হৈছে যে হৰমুজ প্রণালীত চলি থকা অচলাৱস্থা যদি অধিক দীঘলীয়া হয় তেতিয়া ইয়াৰ পৰিণাম ৭০ দশকৰ তেল সংকটতকৈ অধিক গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। 


উল্লেখযোগ্য যে ১৯২৯ চনত আমেৰিকাত আৰম্ভ হোৱা আধুনিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ মন্দাই বিশ্বৰ অর্থনীতিকো গ্রাস কৰে। সেইসময়ত অর্থনৈতিক পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু ইয়াৰ প্ৰভাৱ ১৯৩৯-৪০ পর্যন্ত পৰিছিল। সেই সময়ত বিশ্বত মুঠ ঘৰুৱা উৎপাদন বৃহৎ হাৰত হ্রাস পোৱাৰ লগতে সমগ্র বিশ্বত নিবনুৱা সমস্যাই অভিলেখৰ সৃষ্টি কৰিছিল। প্ৰতিষ্ঠানটোৰ মুখ্য অর্থনীতিবিদ পিটাৰ মার্টিনে কয় যে খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৯০ ডলাৰ হৈছে। 


হৰমুজ প্রণালীত চলি থকা অচলাৱস্থাৰ ফলত ১.২-১.৪ কোটি বেৰল খাৰুৱা তেলৰ যোগান বন্ধ হৈ পৰাৰ ফলত প্রতি বেৰলৰ দাম ১২৫-১৫০ ডলাৰ পর্যন্ত হ'বগৈ। যদি প্রতি বেৰলৰ দাম ২০০ ডলাৰ হয়গৈ তেতিয়া ১৯৭০ দশকতকৈও ভয়ংকৰ সংকটৰ সৃষ্টি হ'ব। উল্লেখযোগ্য যে মধ্য প্রাচ্যৰ যুদ্ধই আজি অষ্টম দিনত প্ৰৱেশ কৰে। এই আঠ দিনৰ যুদ্ধত মুঠ ১৬খন দেশ প্রত্যক্ষ আৰু পৰোক্ষভাবে প্রভাবিত হৈছে। ইয়াৰ ফলত লাখ লাখ লোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। যুদ্ধৰ দাবানল মধ্য প্রাচ্যৰ পৰা ইউৰোপৰ উপকূললৈকে প্ৰসাৰিত হৈছে। যদি যুদ্ধ অধিক প্ৰসাৰিত আৰু দীঘলীয়া হয় তেতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব। 


উড মেকেঞ্জীৰ প্রতিবেদনখনত তৰল প্রাকৃতিক গেছক লৈও উদ্বেগ প্রকাশ কৰা হৈছে। বিশ্বৰ মুঠ চাহিদাৰ ২০% এল এন জি হৰমুজ প্রণালীৰে যোগান ধৰা হয়। এতিয়া হৰমুজ প্রণালীয়ে গেছৰ যোগান ব্যাহত হৈ পৰাৰ ফলত পৰিস্থিতি ২০২২ চনত ৰাছিয়া-ইউক্রেইন যুদ্ধৰ বাবে গেছৰ উৎপাদন হ্রাস কৰাৰ ফলত সৃষ্টি হোৱা সংকটতকৈ অধিৰ গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্রতিবেদনখনত উল্লেখ কৰা মতে, খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১৫০ ডলাৰ হ'লে বিশ্বৰ জি ডি পিৰ বিকাশ ২% হ্রাস পাব। পিটাৰ মার্টিনৰ মতে, ই আনুষ্ঠানিকভাৱে মন্দা আৰু মহামন্দাৱস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব। নিবনুৱা আৰু মুদ্রাস্ফীতিৰ ফলত ১৯৩০ৰ দশকৰ দৰে পৰিস্থিতিৰ উদ্ভৱৃষ্টি হ'ব ভাৰতীয় অর্থনীতিতো


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু