--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৯২৯ চনত আমেৰিকাত আৰম্ভ হোৱা আধুনিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ মন্দাই বিশ্বৰ অর্থনীতিকো গ্রাস কৰে।

ডিজিটেল ডেস্ক: ইৰান আৰু ইজৰাইল-আমেৰিকাৰ মাজত চলি থকা যুদ্ধই সমগ্ৰ বিশ্বৰ অর্থনীতিলৈ সংকট মাতি অনাৰ আশংকা বৃদ্ধি পাইছে। ইতিমধ্যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম যথেষ্ট বৃদ্ধি পাইছে। এনে অৱস্থাত যুদ্ধ অধিক দীঘলীয়া হ'লে সমগ্র বিশ্বক মহামন্দাৱস্থাই ছানি ধৰাৰ আশংকা ক্ৰমাৎ ঘনীভূত হ'বলৈ ধৰিছে। 


স্কটলেণ্ডৰ প্রতিষ্ঠান উড মেকেঞ্জীয়ে এইবুলি সতর্কবাণী শুনাইছে যে মধ্য প্রাচ্যৰ যুদ্ধ যদি আৰু সাতদিনলৈ চলে, তেতিয়া বিশ্বৰ অৰ্থব্যৱস্থাই ১৯২৯ চনৰ দৰে মহামন্দাৰ যুগত প্ৰৱেশ কৰিব। ইয়াৰ লগতে এইবুলিও কোৱা হৈছে যে হৰমুজ প্রণালীত চলি থকা অচলাৱস্থা যদি অধিক দীঘলীয়া হয় তেতিয়া ইয়াৰ পৰিণাম ৭০ দশকৰ তেল সংকটতকৈ অধিক গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। 


উল্লেখযোগ্য যে ১৯২৯ চনত আমেৰিকাত আৰম্ভ হোৱা আধুনিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ মন্দাই বিশ্বৰ অর্থনীতিকো গ্রাস কৰে। সেইসময়ত অর্থনৈতিক পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু ইয়াৰ প্ৰভাৱ ১৯৩৯-৪০ পর্যন্ত পৰিছিল। সেই সময়ত বিশ্বত মুঠ ঘৰুৱা উৎপাদন বৃহৎ হাৰত হ্রাস পোৱাৰ লগতে সমগ্র বিশ্বত নিবনুৱা সমস্যাই অভিলেখৰ সৃষ্টি কৰিছিল। প্ৰতিষ্ঠানটোৰ মুখ্য অর্থনীতিবিদ পিটাৰ মার্টিনে কয় যে খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৯০ ডলাৰ হৈছে। 


হৰমুজ প্রণালীত চলি থকা অচলাৱস্থাৰ ফলত ১.২-১.৪ কোটি বেৰল খাৰুৱা তেলৰ যোগান বন্ধ হৈ পৰাৰ ফলত প্রতি বেৰলৰ দাম ১২৫-১৫০ ডলাৰ পর্যন্ত হ'বগৈ। যদি প্রতি বেৰলৰ দাম ২০০ ডলাৰ হয়গৈ তেতিয়া ১৯৭০ দশকতকৈও ভয়ংকৰ সংকটৰ সৃষ্টি হ'ব। উল্লেখযোগ্য যে মধ্য প্রাচ্যৰ যুদ্ধই আজি অষ্টম দিনত প্ৰৱেশ কৰে। এই আঠ দিনৰ যুদ্ধত মুঠ ১৬খন দেশ প্রত্যক্ষ আৰু পৰোক্ষভাবে প্রভাবিত হৈছে। ইয়াৰ ফলত লাখ লাখ লোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। যুদ্ধৰ দাবানল মধ্য প্রাচ্যৰ পৰা ইউৰোপৰ উপকূললৈকে প্ৰসাৰিত হৈছে। যদি যুদ্ধ অধিক প্ৰসাৰিত আৰু দীঘলীয়া হয় তেতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব। 


উড মেকেঞ্জীৰ প্রতিবেদনখনত তৰল প্রাকৃতিক গেছক লৈও উদ্বেগ প্রকাশ কৰা হৈছে। বিশ্বৰ মুঠ চাহিদাৰ ২০% এল এন জি হৰমুজ প্রণালীৰে যোগান ধৰা হয়। এতিয়া হৰমুজ প্রণালীয়ে গেছৰ যোগান ব্যাহত হৈ পৰাৰ ফলত পৰিস্থিতি ২০২২ চনত ৰাছিয়া-ইউক্রেইন যুদ্ধৰ বাবে গেছৰ উৎপাদন হ্রাস কৰাৰ ফলত সৃষ্টি হোৱা সংকটতকৈ অধিৰ গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্রতিবেদনখনত উল্লেখ কৰা মতে, খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১৫০ ডলাৰ হ'লে বিশ্বৰ জি ডি পিৰ বিকাশ ২% হ্রাস পাব। পিটাৰ মার্টিনৰ মতে, ই আনুষ্ঠানিকভাৱে মন্দা আৰু মহামন্দাৱস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব। নিবনুৱা আৰু মুদ্রাস্ফীতিৰ ফলত ১৯৩০ৰ দশকৰ দৰে পৰিস্থিতিৰ উদ্ভৱৃষ্টি হ'ব ভাৰতীয় অর্থনীতিতো


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement