ডিজিটেল ডেস্কঃ দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ।আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই গুৱাহাটীৰ ভিন্ন প্ৰান্তত অবৈধ ঝাণ্ডি-মুণ্ডা, জুৱা অনুষ্ঠিত কৰি আহিছে। নুনমাটি আৰক্ষীয়ে কালি নিশা গীতামন্দিৰৰ বৈকুণ্ঠ নগৰত অবৈধ জুৱা (ঝাণ্ডী মুণ্ডা)ৰ বিৰুদ্ধে অভিযান চলাই এটা জুৱাৰী চক্র উৎখাত কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জালত পৰা জুবাৰী চাৰিটা হৈছে লৱ বড়ো(৩৪) , কাৰ্তিক বড়ো(৩৭), মানস সিং(২৮),আৰু উজ্জ্বল মোছাহাৰী(১৯)।
আৰক্ষীৰ অভিযান কালত ঝাণ্ডী মুণ্ডা খেলাৰ বাবে ব্যৱহাৰ কৰা দুটা পাত্ৰ,খেলৰ বাবে ব্যৱহাৰ কৰা দুটা বিশেষ মেট,১৬টা ঝাণ্ডী মুণ্ডা পাশাৰ টুকুৰা আদি জুৱাৰ সামগ্ৰী জব্দ কৰে।
ধৃত অভিযুক্ত কেইজনৰ বিৰুদ্ধে এজিবি আইনৰ ১৪/১৫ নং গোচৰৰ ভিত্তিত নুনমাটি আৰক্ষী থানাত গোচৰ ৰুজু কৰে।