--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সকলোকে আচৰিত কৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যোৱা এটা মাহৰ পৰা যিটো হাৰত হ্রাস পাবলৈ ধৰে, সেয়া নদীপৰীয়া লোকৰ বাবেও এক প্ৰকাৰে অস্বাভাৱিক এক দৃশ্য হিচাপে চিহ্নিত হৈছে

ডিজিটেল ডেস্ক : ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক ধৰণেৰে শুকাই যোৱাৰ ফলত বিশেষকৈ নিমাতী-কমলাবাৰী ফেৰী সেৱাত আহি পৰা জটিলতাৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা মাজুলীৰ কমলাবাৰী ফেৰী ঘাট নদীৰ মাজলৈ স্থানান্তৰিত কৰিছে। 


ব্ৰহ্মপুত্ৰত মৰুময় এক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত দীর্ঘদিনে চৰকাৰী জাহাজসমূহৰ চলাচল বন্ধ কৰি কেৱল মাথোঁ ব্যক্তিগত ছিংগল ফেৰীসমূহেৰে চেনেল সলাই সলাই মূল কমলাবাৰী ফেৰী ঘাটেৰে ফেৰী চলাচল কৰি আছিল যদিও ছিংগল ইঞ্জিনৰ ফেৰীসমূহৰ চলাচলতো যোৱা ৬ ডিচেম্বৰৰ পৰা সমস্যাৰ সৃষ্টি হোৱাত কালিৰে পৰা কমলাবাৰী পাৰঘাটটো বিভাগে মাজুলীৰ দৰবাৰ আৰু কুমলীয়া চাপৰিৰ মাজ অংশলৈ স্থানান্তৰিত কৰে। 


উল্লেখযোগ্য যে শেহতীয়াকৈ মাজুলীৰ বিধায়ক, জিলাৰ আয়ুক্ত তথা অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া-অভিযন্তাই কমলাবাৰী ফেৰীঘাট পৰিদৰ্শন কৰি কমলাবাৰী পাৰঘাটটো অন্য স্থানলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্রহণ কৰিছিল আৰু কমলাবাৰী ঘাটত বন্ধ হৈ থকা চৰকাৰী জাহাজ অফলামুখ ঘাটেৰে চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ইফালে স্থানান্তৰিত ঘাটেৰে কালিৰ পৰা ৯খন ছিংগল ইঞ্জিনৰ ফেৰীৰ লগতে এম ভি উগ্ৰতাৰা, এম ভি সপ্তেশ্বৰী আৰু এম ভি ইন্দ্ৰ চৰকাৰী জাহাজেৰে ফেৰী যাতায়াত আৰম্ভ হৈছে। স্থানান্তৰিত কমলাবাৰী ঘাটৰ পৰা নিমাতীলৈ এতিয়া ফেৰী যাত্ৰাৰ সময় ৪৫ মিনিট আৰু নিমাতীৰ পৰা স্থানান্তৰিত কমলাবাৰী ঘাটলৈ আহিবলৈ ৪৫ মিনিট সময়ৰ প্ৰয়োজন হ'ব। উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহৰ পৰাই ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্রাস পোৱাৰ পৰিপ্ৰেক্ষিতত কমলাবাৰী ফেৰী ঘাটটোত ফেৰী চলাচলত সমস্যাৰ সৃষ্টি হৈ আহিছিল। 


কিন্তু সকলোকে আচৰিত কৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যোৱা এটা মাহৰ পৰা যিটো হাৰত হ্রাস পাবলৈ ধৰে, সেয়া নদীপৰীয়া লোকৰ বাবেও এক প্ৰকাৰে অস্বাভাৱিক এক দৃশ্য হিচাপে চিহ্নিত হৈছে। যোৱা ১০টা দিনত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্রাস পাই নদীখনত কেৱল এতিয়া জলৰাশিৰ পৰিৱৰ্তে শুকান বালিচৰহে দেখা পোৱা গৈছে। ইফালে মূল কমলাবাৰী ফেৰীঘাটত দোকান-পোহাৰ দি জীৱিকা নিৰ্বাহ কৰা ব্যৱসায়ীসকল যেন ছমাহলৈ জীৱিকাহীন হৈ পৰিল। নিজ জীৱিকাৰ বাবে ব্যৱসায়ীসকলে পুনৰ মূল কমলাবাৰী ফেৰীঘাটলৈ ঘাট স্থানান্তৰ হোৱালৈকে অপেক্ষা কৰিব লাগিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?