--°C
Loading...
Advertisement
Listen to Article
5 min read
80%

In Short

  • পৰিভ্ৰমী চৰাইৰ স্বৰ্গৰূপে বিবেচিত উৰপদ বিলখন গোৱালপাৰাৰ একপ্ৰকাৰ জীৱনৰেখা। ভেট, পদুম আৰু মেটেকাৰে পৰিপূৰ্ণ এই বিলখন ।

ডিজিটেল ডেস্কঃ অসমৰ অন্যতম প্ৰাকৃতিক বিল উৰপদ বিল। এই উৰপদ বিল অসম তথা গোৱালপাৰাৰ ঐতিহ্য আৰু প্ৰাকৃতিক সম্পদ । গোৱালপাৰা চহৰৰ পৰা প্ৰায় দহ কিল'মিটাৰ দূৰৈত দক্ষিণ দিশত অৱস্থিত উৰপদ বিল। ৬২০ হেক্টৰ ভূমিৰে আগুৰি থকা উৰপদ বিল এতিয়া সৌন্দৰ্য নগৰ সদৃশ হৈ পৰিছে। 


পৰিভ্ৰমী চৰাইৰ স্বৰ্গৰূপে বিবেচিত উৰপদ বিলখন গোৱালপাৰাৰ একপ্ৰকাৰ জীৱনৰেখা। ভেট, পদুম আৰু মেটেকাৰে পৰিপূৰ্ণ এই বিলখন । শৰৎ কালত বিলখনৰ বিনন্দীয়া ৰূপে পর্যটকক আৰু অধিক মোহিত কৰি তুলে। জিলাখনৰ আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত থকা ঐতিহাসিক উৰপদ বিলৰ নান্দনিক দৃশ্যই এতিয়া হাত বাউলি মাতিছে পৰ্যটকক। বিলখন জিঞ্জিৰাম নদীৰ লগত সংলগ্ন হৈ থকাৰ প্ৰতি লক্ষ্য কৰিলে ইয়াক জিঞ্জিৰামৰ এৰাসুঁতি যেন লাগে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত মুগ্ধ হৈ প্রতিদিনে ভিন ভিন ঠাইৰ পৰা আহে পর্যটকসকল।


এই উৰপদ বিলত থকা সৰু সৰু টুলুঙা নাৱত উঠি প্রাকৃতিক পৰিৱেশ উপভোগ কৰি আপ্লুত হয় প্রতিগৰাকী পর্যটক। গোৱালপাৰাৰ দক্ষিণ-পশ্চিম কোণত প্রাকৃতিকভাৱে সৃষ্টি হোৱা বিলখন বিভিন্ন স্থানীয় প্ৰজাতিৰ মাছৰ বন্যাভূমি। বিলখনত ভিন্ন ধৰণৰ জলজ আৰু বনজ উদ্ভিদো দেখা পোৱা যায়। এই উৰপদ বিলখনৰ বিভিন্ন ধৰণৰ দেশী-বিদেশী পক্ষী বিচৰণে প্রকৃতিপ্রেমী লোকৰ মন-প্রাণ পুলকিত কৰি তুলে। পৰিভ্ৰমী চৰাইৰ স্বৰ্গত পৰিণত হোৱা গোৱালপাৰাৰ উৰপদ বিলে প্ৰতিদিনে চালে চকুৰোৱা দৃশ্য‌ই পৰ্যটকৰ মন জয় কৰি তুলিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement