--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • বর্ষ দুটাত ৪৬খন অসমীয়া চিনেমা চিত্রগৃহলৈ আহিছে যদিও উদ্যোক্তাসকলে জনোৱা মতে ৬খন চিনেমাইহে প্রতিযোগিতাৰ বাবে গীত প্ৰেৰণ কৰিছিল।

ডিজিটেল ডেস্ক: প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ'ল 'সংগীত জেউতি বঁটা'। ২২ ডিচেম্বৰৰ আবেলি এটা সাংগীতিক অনুষ্ঠানত ২০২৪-২০২৫ বর্ষত চিত্রগৃহলৈ অহা অসমীয়া চিনেমাৰ এগৰাকী (নির্দিষ্ট জুৰীয়ে নিৰ্বাচন কৰা) শ্রেষ্ঠ গায়িকাক এই বঁটা প্ৰদান কৰা হয়। 


উল্লেখযোগ্য যে বর্ষ দুটাত ৪৬খন অসমীয়া চিনেমা চিত্রগৃহলৈ আহিছে যদিও উদ্যোক্তাসকলে জনোৱা মতে ৬খন চিনেমাইহে প্রতিযোগিতাৰ বাবে গীত প্ৰেৰণ কৰিছিল। প্ৰতিযোগিতাত অংশ গীতৰ বা চিনেমাৰ সংখ্যা কম হোৱাৰ এটা কাৰণ-প্রতিযোগিতা কেৱল গায়িকাৰ একক কণ্ঠত ৰেকর্ডিং কৰা গীতৰ বাবেহে মুকলি আছিল। কমসংখ্যক, ভাল গীতৰ মাজৰ পৰা প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰে 'জিয়া'ৰ এটি গীতৰ কণ্ঠ-শিল্পী শর্মিষ্ঠা চক্ৰৱৰ্তীয়ে (চিনেমাখনৰ পৰিচালক: কেণী বসুমতাৰী, সংগীত পৰিচালক: অম্বৰ দাস)। এই বঁটাত আছে চেলেং চাদৰ, প্রশস্তি-পত্ৰ আৰু নগদ ৫০ হাজাৰ টকা। বঁটা প্ৰদান কৰে চিনেমা লেখক-পৰিচালক জাহ্নু বৰুৱা, চিকিৎসক-সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱা আৰু সাংবাদিক জাৰিৰ হুছেইনে। বঁটা প্ৰদান কৰি দিয়া ভাষণত চিনে-চিন্তাৰে ভাৰতীয় চিনেমাক চহকী কৰা পৰিচালক জাহ্নু বৰুৱাই কয়- এই বঁটাই অসমীয়া চিনেমাৰ নেপথ্য মহিলা কণ্ঠ শিল্পীসকলক উৎসাহ দিব। লগতে উদ্যোক্তা সংগীত জেউতি গায়ত্রী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চৰ শলাগ লয় এই কামৰ বাবে। অকালতে উভতি নহা বাটেৰে যোৱা সংগীত শিল্পী, সংগঠক গায়ত্ৰী হাজৰিকাৰ আদৰ্শ আৰু উদ্দেশ্যক সন্মান জনাই, শিল্পীগৰাকীৰ জন্মদিনৰ দিনা এই বঁটা আগবঢ়াই জন্মদিন উদ্যাপন কৰে। গায়ত্ৰী হাজৰিকাবিহীন এই প্রথমটো জন্মদিনত ড° সৌৰভ মহন্তৰ চিন্তাৰে তিনিগৰাকী গীতিকাৰৰ (হীৰেন গোহাঁই, প্রমোদ মহন্ত, ড° সৌৰভ মহন্ত), তিনিগৰাকীৰ (হীৰেন গোহাঁই, চন্দন বেজবৰুৱা, ড° সৌৰভ মহন্ত) কম্পজিশ্যনেৰে, তিনিগৰাকীয়ে (ডলী ঘোষ, মন্দিৰা লাহিড়ী, মনোজ্যোৎস্না মহন্ত গোস্বামী) কণ্ঠদান কৰা এটা গীতো উন্মোচন কৰা হয়। গীতটোৰ আলাপ গায়ত্ৰী হাজৰিকাৰ। একেটা সুৰতে বন্ধা গীতটো উন্মোচন কৰি সংগীত শিল্পী পুলক বেনার্জীয়ে সংগীতৰ শক্তি আৰু গায়ত্ৰী হাজৰিকাৰ সংগীত-কর্ম চর্চা কৰে। 


ভালেমান সংগীত ৰসিকৰ উপস্থিতিত গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা অন্তিম গান 'নাৱৰীয়া অ'নাৱৰীয়া লহেকৈ মাৰিবি ব'ঠা...' (কথাঃ জ্যোতিকেশ দাস, সুৰ: দেৱজিৎ চৌধুৰী) গীতটোৰ পৰিপাটী চিত্রায়ণ (চিত্রায়ণ কৰিছে প্রতিভাধৰ চিনেমা পৰিচালক ঝুলন কৃষ্ণ মহন্তই), গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীতৰ সংকলন 'ছন্দে ছন্দে বকুল গন্ধে' (সংগ্ৰহ আৰু সম্পাদনা: অঞ্জনা গগৈ) মুকলি কৰে। সংগীত কৰ্মৰ লগতে গায়ত্ৰী হাজৰিকাৰ জীৱনৰ উদ্দেশ্য আছিল-আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা। এই কথাও মনত ৰাখিছে উদ্যোক্তাসকলে। বিশেষ দিনটোত দুৰাৰোগ্যত আক্রান্ত দুগৰাকীলৈ সহায়ৰ হাত আগবঢ়ায়। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত উদযাপন কৰা এই সাংগীতিক অনুষ্ঠানত উপস্থিত থাকে চিনেমা সমালোচক উৎপল দত্ত, সংগীত শিল্পী জয় প্রকাশ মেধি, অৱনী ৰঞ্জন পাঠক আদিৰ লগতে 'সংগীত জেউতি বঁটা'ৰ জুৰী সদস্য উৎপল মেনা, মনোজ্যোৎস্না মহন্ত গোস্বামী আৰু সংগীতা বৰঠাকুৰ। আন দুগৰাকী জুৰী সদস্য গৌতম শৰ্মা আৰু অনিৰুদ্ধ বৰুৱা। শেষত 'সৰা পাতে পাতে...' গীতটোৰে উপস্থিত সংগীত ৰসিকে আমাৰ মাজত সুৰ-সংগীতেৰে জীয়াই থকা গায়ত্ৰী হাজৰিকাক জন্মদিনৰ শুভেচ্ছা জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ