--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গণতান্ত্রিক আন্দোলনে হিংসাৰ ৰূপ লৈ এফালৰ পৰা জ্বলাই গৈছিল খেৰণিৰ ইখনৰ পিছত সিখনকৈ ব্যাৱসায়িক প্রতিষ্ঠান আৰু বাসগৃহ। এতিয়া খেৰণিৰ অলিয়ে-গলিয়ে কেৱল সেনা বাহিনী, আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্টৰ দল বিদ্যমান।

ডিজিটেল ডেস্ক : বিগত তিনিটা দিনে উত্তাল হৈ থকা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত এতিয়া স্বাভাৱিক জীৱন ঘূৰি অহা পৰিলক্ষিত হৈছে। খেৰণিৰ বর্তমান পৰিস্থিতি শান্ত যদিও এক চেপা উত্তেজনা এতিয়াও বিৰাজমান হৈ আছে। ২২ আৰু ২৩ ডিচেম্বৰত ব্যাপক হিংসাৰ পাছত খেৰণি বজাৰ, সাপ্তাহিক বজাৰ, খেৰণি চাৰিআলিৰ চৌদিশে এতিয়া কেৱল ধ্বংসস্তূপ।


গণতান্ত্রিক আন্দোলনে হিংসাৰ ৰূপ লৈ এফালৰ পৰা জ্বলাই গৈছিল খেৰণিৰ ইখনৰ পিছত সিখনকৈ ব্যাৱসায়িক প্রতিষ্ঠান আৰু বাসগৃহ। এতিয়া খেৰণিৰ অলিয়ে-গলিয়ে কেৱল সেনা বাহিনী, আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্টৰ দল বিদ্যমান। পশ্চিম কাৰ্বি আংলং জিলাৰ বাণিজ্যিক প্রাণকেন্দ্র খেৰণি পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰমুখ স্বৰূপ। খেৰণিৰ গুৰৰ বজাৰ অসমৰ ভিতৰত সৰ্ববৃহৎ গুৰৰ বজাৰ।


একেদৰে খেৰণিত উৎপাদিত শাক-পাচলি অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰা হয়। এই খেৰণি বজাৰত আজি পুৱা দেখা যায় বহু কৰুণ দৃশ্য। বিগত তিনিটা দিনে হিংসাৰ বাবে খেৰণিৰ নিজ নিজ ব্যৱসায়স্থলীলৈ আহিবলৈ সক্ষম নোহোৱা ব্যৱসায়ীসকল কালি খেৰণিলৈ আহি নিজ নিজ ব্যাবসায়িক প্রতিষ্ঠানসমূহ প্রত্যক্ষ কৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। বহু ব্যৱসায়ীক তেওঁলোক সম্মুখীন হোৱা ক্ষতিৰ সম্পৰ্কে কৰা প্ৰশ্নত আৱেগিক হৈ আমি একো বচাব নোৱাৰিলোঁ আৰু আমি সর্বস্বান্ত হৈ পৰিলোঁ বুলি কৰুণ মন্তব্য কৰে। কেইবা দশক ধৰি আমি এই খেৰণিতে ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আহিছিলোঁ বুলি উল্লেখ কৰি তেওঁলোক সম্মুখীন হোৱা ক্ষয়-ক্ষতিৰ এতিয়াও কোনো পৰিমাণ উলিয়াবলৈ সক্ষম নহয় বুলি দুখেৰে কয়। ইপিনে, খেৰণিৰ পদপথত দেখা যায় বহু ভয়ার্ত মানুহৰ স্বাভাৱিক জীৱনলৈ উভতি অহাৰ তাগিদা। পূৰ্বৰ দৰে মুক্ত মনেৰে যেন কোনো ওলাই আহিব পৰা নাই নিজৰ দৈনিক তথা নিত্য ব্যৱহাৰ্য সমগ্ৰী আহৰণৰ বাবে।


উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পি জি আৰ-ভি জি আৰ ভূমিত বেদখল কৰি বসতি স্থাপন কৰা অ-খিলঞ্জীয়া লোকৰ বেদখল উচ্ছেদৰ দাবী দুয়োখন পাৰ্বত্য জিলাত দীর্ঘদিনৰ পৰা উঠি আহিছে। বিগত ২০২৪ চনৰ পৰা এই দাবীয়ে আন্দোলনৰ ৰূপ লোৱাৰ লগতে ছেগা চোৰোকাকৈ দুই এটা বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে। যোৱা ৮ ডিচেম্বৰৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপী নামৰ স্থানত একাংশ সচেতন যুৱকে এই গ্রেজিং ভূমিত উচ্ছেদৰ দাবীত আমৰণ অনশন আৰম্ভ কৰে। অনশনৰ ১৫ দিনৰ দিনা হঠাৎ পুৱতি নিশা আৰক্ষীয়ে প্রতিবাদকাৰীসকলৰ ৭জন নেতাক উঠাই আনি চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সমগ্র পশ্চিম কাৰ্বি আংলঙত ব্যাপক উত্তেজনাৰ সৃষ্টি হয়।


এই উত্তেজনা পাছলৈ হিংসালৈ পৰিণত হয় আৰু সমগ্র খেৰণি অঞ্চল অগ্নিকুণ্ডত পৰিণত হয়। আৰক্ষীয়ে বহু চেষ্টাৰ মূৰতো পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম নোহোৱাত ২৩ ডিচেম্বৰত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু এই গুলীচালনাত এজন প্রতিবাদকাৰী নিহত হয়। আনহাতে, প্রতিবাদকাৰীৰ অগ্নিসংযোগৰ ফলত এগৰাকী দিব্যাংগ ব্যবসায়ী নিজ ব্যাৱসায়িক প্ৰতিষ্ঠানত মৃত অৱস্থাত উদ্ধাৰ হয়। বৰ্তমান খেৰণিৰ পৰিস্থিতি শান্ত যদিও এক গোমা পৰিৱেশ বিৰাজ কৰিছে এতিয়া খেৰণিৰ চৌদিশে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ