--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গণতান্ত্রিক আন্দোলনে হিংসাৰ ৰূপ লৈ এফালৰ পৰা জ্বলাই গৈছিল খেৰণিৰ ইখনৰ পিছত সিখনকৈ ব্যাৱসায়িক প্রতিষ্ঠান আৰু বাসগৃহ। এতিয়া খেৰণিৰ অলিয়ে-গলিয়ে কেৱল সেনা বাহিনী, আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্টৰ দল বিদ্যমান।

ডিজিটেল ডেস্ক : বিগত তিনিটা দিনে উত্তাল হৈ থকা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত এতিয়া স্বাভাৱিক জীৱন ঘূৰি অহা পৰিলক্ষিত হৈছে। খেৰণিৰ বর্তমান পৰিস্থিতি শান্ত যদিও এক চেপা উত্তেজনা এতিয়াও বিৰাজমান হৈ আছে। ২২ আৰু ২৩ ডিচেম্বৰত ব্যাপক হিংসাৰ পাছত খেৰণি বজাৰ, সাপ্তাহিক বজাৰ, খেৰণি চাৰিআলিৰ চৌদিশে এতিয়া কেৱল ধ্বংসস্তূপ।


গণতান্ত্রিক আন্দোলনে হিংসাৰ ৰূপ লৈ এফালৰ পৰা জ্বলাই গৈছিল খেৰণিৰ ইখনৰ পিছত সিখনকৈ ব্যাৱসায়িক প্রতিষ্ঠান আৰু বাসগৃহ। এতিয়া খেৰণিৰ অলিয়ে-গলিয়ে কেৱল সেনা বাহিনী, আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্টৰ দল বিদ্যমান। পশ্চিম কাৰ্বি আংলং জিলাৰ বাণিজ্যিক প্রাণকেন্দ্র খেৰণি পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰমুখ স্বৰূপ। খেৰণিৰ গুৰৰ বজাৰ অসমৰ ভিতৰত সৰ্ববৃহৎ গুৰৰ বজাৰ।


একেদৰে খেৰণিত উৎপাদিত শাক-পাচলি অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰা হয়। এই খেৰণি বজাৰত আজি পুৱা দেখা যায় বহু কৰুণ দৃশ্য। বিগত তিনিটা দিনে হিংসাৰ বাবে খেৰণিৰ নিজ নিজ ব্যৱসায়স্থলীলৈ আহিবলৈ সক্ষম নোহোৱা ব্যৱসায়ীসকল কালি খেৰণিলৈ আহি নিজ নিজ ব্যাবসায়িক প্রতিষ্ঠানসমূহ প্রত্যক্ষ কৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। বহু ব্যৱসায়ীক তেওঁলোক সম্মুখীন হোৱা ক্ষতিৰ সম্পৰ্কে কৰা প্ৰশ্নত আৱেগিক হৈ আমি একো বচাব নোৱাৰিলোঁ আৰু আমি সর্বস্বান্ত হৈ পৰিলোঁ বুলি কৰুণ মন্তব্য কৰে। কেইবা দশক ধৰি আমি এই খেৰণিতে ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আহিছিলোঁ বুলি উল্লেখ কৰি তেওঁলোক সম্মুখীন হোৱা ক্ষয়-ক্ষতিৰ এতিয়াও কোনো পৰিমাণ উলিয়াবলৈ সক্ষম নহয় বুলি দুখেৰে কয়। ইপিনে, খেৰণিৰ পদপথত দেখা যায় বহু ভয়ার্ত মানুহৰ স্বাভাৱিক জীৱনলৈ উভতি অহাৰ তাগিদা। পূৰ্বৰ দৰে মুক্ত মনেৰে যেন কোনো ওলাই আহিব পৰা নাই নিজৰ দৈনিক তথা নিত্য ব্যৱহাৰ্য সমগ্ৰী আহৰণৰ বাবে।


উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পি জি আৰ-ভি জি আৰ ভূমিত বেদখল কৰি বসতি স্থাপন কৰা অ-খিলঞ্জীয়া লোকৰ বেদখল উচ্ছেদৰ দাবী দুয়োখন পাৰ্বত্য জিলাত দীর্ঘদিনৰ পৰা উঠি আহিছে। বিগত ২০২৪ চনৰ পৰা এই দাবীয়ে আন্দোলনৰ ৰূপ লোৱাৰ লগতে ছেগা চোৰোকাকৈ দুই এটা বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে। যোৱা ৮ ডিচেম্বৰৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপী নামৰ স্থানত একাংশ সচেতন যুৱকে এই গ্রেজিং ভূমিত উচ্ছেদৰ দাবীত আমৰণ অনশন আৰম্ভ কৰে। অনশনৰ ১৫ দিনৰ দিনা হঠাৎ পুৱতি নিশা আৰক্ষীয়ে প্রতিবাদকাৰীসকলৰ ৭জন নেতাক উঠাই আনি চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সমগ্র পশ্চিম কাৰ্বি আংলঙত ব্যাপক উত্তেজনাৰ সৃষ্টি হয়।


এই উত্তেজনা পাছলৈ হিংসালৈ পৰিণত হয় আৰু সমগ্র খেৰণি অঞ্চল অগ্নিকুণ্ডত পৰিণত হয়। আৰক্ষীয়ে বহু চেষ্টাৰ মূৰতো পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম নোহোৱাত ২৩ ডিচেম্বৰত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু এই গুলীচালনাত এজন প্রতিবাদকাৰী নিহত হয়। আনহাতে, প্রতিবাদকাৰীৰ অগ্নিসংযোগৰ ফলত এগৰাকী দিব্যাংগ ব্যবসায়ী নিজ ব্যাৱসায়িক প্ৰতিষ্ঠানত মৃত অৱস্থাত উদ্ধাৰ হয়। বৰ্তমান খেৰণিৰ পৰিস্থিতি শান্ত যদিও এক গোমা পৰিৱেশ বিৰাজ কৰিছে এতিয়া খেৰণিৰ চৌদিশে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ আটাইতকৈ ওখ গুৰু আসনেৰে উজলিব বটদ্ৰৱা প্রকল্প, ঐতিহাসিক ক্ষণৰ সাক্ষী ৰাজ্যবাসী
গুৰুভূমিত অনৱদ্য কীর্তিস্তম্ভ, অমিত শ্বাহে আজি মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প
বাঘবৰৰ বালিচৰত সেউজ বিপ্লৱ, ৫ যুৱকে কৰিছে বিভিন্নধৰণৰ খেতি
প্রচণ্ড শীতে কঁপাইছে আমেৰিকাবাসীক
বিমোৰত পাকিস্তান! বিগত ২ বছৰত ১১ হাজাৰ অভিযন্তা আৰু ৫ হাজাৰ চিকিৎসকে ত্যাগ কৰিলে দেশ
সৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ
বিশ্ব কাপ টি-২০ দলৰ পৰা বাদ পৰাৰ কথা আগতীয়াকৈ গমেই নাপালে টেষ্ট-এদিনীয়াৰ অধিনায়কে, গীলক অন্ধকাৰত ৰাখিলে গম্ভীৰ-সূৰ্যকুমাৰে
ঘন কুঁৱলীয়ে কৰিছে আমনি; ১২৯খন বিমান, ৫০খন ৰে'ল বাতিল, ক'ত?
'এপষ্টেইন' গোচৰৰ তদন্তৰ ১৬টা ফাইল অদৃশ্য ; মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কুকীর্তি গাপ দিয়াৰ অভিসন্ধি
পশ্চিমবংগত অপদস্থ জনপ্ৰিয় কণ্ঠশিল্পী ; মঞ্চত উঠি গান গোৱাত বাধা শিল্পীগৰাকীক
'ভোট চুৰি'কে ধৰি প্ৰতিটো 'ইছ্যু'তে ৰাহুলৰ ব্যৰ্থতাত ক্ষুব্ধ ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধীৰ নেতৃত্ব বিচাৰে কংগ্ৰেছীয়ে
২০২৬ চনত আটাইতকৈ ডাঙৰ ভাবুকি হ’ব পাৰে AI ! গোপনীয়তাৰ পৰা বৃদ্ধি পোৱা সামাজিক উত্তেজনালৈকে এই ৬টা বিপদৰ বিষয়ে জানি লওক
মাজুলীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ; তহিলং কৰিলে ২৫ বিঘাকৈ ৰবি শস্যৰ  ফচল
কাছাৰত ১৯ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু ; মটৰ সংযোগ কৰি নদীৰ পৰা পানী তুলিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় যুৱকজন