--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শ্ৰদ্ধা,ভক্তি,শ্নেহ,আদৰ আৰু এবুকু ভাল পোৱাৰ বহু শব্দ ।এটা সময়ত দোকানে দোকানে বিচাৰি ফুৰা গ্ৰিটিংছ কাৰ্ডসমূহ আজি নষ্টালজিক ।

ডিজিটেল ডেস্কঃ মৰমৰ কেনভাছত তিনিটা শব্দ 'HAPPY NEW YEAR' । পুৰণা বছৰটো শেষ হোৱাৰ পৰা নৱবৰ্ষৰ শুভেচ্ছাৰে,এখিলা উকা কাগজত লিখা কেইটামান আখৰ । আখৰ নহয় মন টোত সাঁচি ৰখা বুকুৰ বাখৰ। 


শ্ৰদ্ধা,ভক্তি,শ্নেহ,আদৰ আৰু এবুকু ভাল পোৱাৰ বহু শব্দ ।এটা সময়ত দোকানে দোকানে বিচাৰি ফুৰা গ্ৰিটিংছ কাৰ্ডসমূহ আজি নষ্টালজিক । এই পৃথিৱীত হয়তো নাই কোনোজন কিন্তু তেওঁ তাহানিতে দিয়া সেই গ্ৰিটিংছ কাৰ্ড খনে সোঁৱৰণ কৰে ব্যক্তিক ।



গ্ৰীটিংছ কাৰ্ড! ইমানবোৰ যে মিঠা অনুভৱ, ঘূৰাই আনে অতীতৰ স্মৃতি। মনত আছেনে আপুনি কেনেকৈ আগ্ৰহেৰে অপেক্ষা কৰিছিল কেৱল আপোনাৰ আপোনজনক কাৰ্ড এখন পঠিয়াবলৈ? বা আপুনি কেনেকৈ মধুৰ অপেক্ষাৰে ধৈৰ্য ধৰিছিল আপোনজনৰ পৰা আটকধুনীয়া গ্ৰীটিংছ কাৰ্ডত নৱবৰ্ষৰ শুভেচ্ছা পাবলৈ ??প্ৰিয়জনক দিবলৈ পচন্দৰ কাৰ্ডখন বিচাৰি দোকানে দোকানে ভ্ৰমি ফুৰা দিনবোৰ আপোনাৰ আজিও মনত পৰেনে?


স্বাক্ষৰ কৰা, আন্তৰিক বাৰ্তা লিখা আৰু ব্যক্তিগত ,আবেগ ঢালি লিখা প্ৰতিখন কাৰ্ডক এক সৰু সৰু শিল্পকৰ্ম বুলিয়েই ক'ব লাগিব। আৰু প্ৰিয়জনৰ পৰা কাৰ্ড পোৱাৰ সন্তুষ্টিত কিমান যে আপোনপাহৰা হোৱা । 


আজিকালি সকলোতে ডিজিটেল শুভেচ্ছাৰ পয়োভৰ । সুবিধাজনক হ’লেও নাই কোনো মোহ বা আন্তৰিকতা । কিন্তু প্ৰিয়জনৰ হাতৰ স্পৰ্শ আৰু হৃদয়ৰ আবেগ ঢালি অহা গ্ৰীটিংছ কাৰ্ডৰ সেই নষ্টালজিয়া নব্বৈ দশকৰ প্ৰতিজন মানুহৰ হৃদয়ে হদয়ে মধুৰ স্মৃতি হৈ বৈ থাকিব।



যান্ত্ৰিকতাই কিমান কি কৰা নাই। যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা। পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজো হৈছে সকলো। কিন্তু যান্ত্ৰিকতাৰ যুগত যেন লাহে লাহে সমন্বয়ৰ এনাজৰীদালো শিথিল হৈ গৈ আছে। আগৰ দিনত নতুন বছৰ বুলিলে সৰুৰ পৰা ডাঙৰলৈকে বন্ধুৰ পৰা বান্ধৱীলৈকে প্রিয় জনৰ পৰা প্রিয় জনলৈকে সকলোৱে কিমান যে উদ্যমেৰে গ্ৰিটিংছ কাৰ্ডসমূহ লিখিছিল । তাৰ মাজতেই সোমাই আছিল আপোনৰ প্ৰতি থকা মৰম চেনেহ এসাগৰ ভালপোৱা। হেঁপাহ আছিল আত্মিয় জনক নিজ হাতেৰে লিখি কাৰ্ডখন নতুন বছৰত হাতত তুলি দিয়া। কিন্তু এতিয়া সেই মধুৰ সময়বোৰ লুপ্ত হৈ পৰিলে । সময়ৰ সুঁ‌তত সকলো পাহৰণি গৰ্ভত । আজিৰ সময়ে সেই অতিত মাথোঁ সোৱৰাবহে পাৰে। পাহৰিলোঁ নেকি ডিজিটেল যুগত সেই সোণালী দিনৰ মাদকতা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানত কাম কৰি আছে দেশৰ উদ্যোগপতিয়ে, দেশত ১২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে
তিৰুপতি মন্দিৰত ৫৪ কোটিৰ শ্বল কেলেংকাৰি, ছিল্কৰ পৰিৱৰ্তে যোগান ধৰিছিল পলিয়েষ্টাৰ সামগ্ৰী
পুনৰ জনমত অসমক জন্ম ঠাই হিচাপে বাছি ল'ব ছনু নিগমে
চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়ত ড° বসন্ত কুমাৰ গোস্বামী, অসমীয়াৰ লগতহে ইংৰাজী ব্যৱহাৰ কৰিব লাগে
শ্বহীদৰ প্ৰতি সন্মান জনাই উন্মোচিত হ’ল লেখক মলয় বৰুৱাৰ পঞ্চমখন গ্ৰন্থ ‘শ্বহীদ প্ৰণামো তোমাক’
দীপাৱলীক মানৱ জাতিৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য ঘোষণা
জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে আৱিষ্কাৰ 'অলকানন্দা' তাৰকাৰাজ্য
আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ; এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি
প্ৰসংগঃ গোৱা চিলিণ্ডাৰ বিস্ফোৰণ ; ক্লাবৰ মালিকক গ্ৰেপ্তাৰ, এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু
ছিপাঝাৰত ভাৰতীয় যুৱ মৰ্চাৰ শ্বহীদ প্ৰণামো অনুষ্ঠান ; শ্ৰদ্ধা নিবেদন অসম আন্দোলনৰ অমৰ শ্বহীদক
ইমৰান খানক 'মানসিকভাৱে অসুস্থ' আখ্যা পাকিস্তানী সেনাৰ
বিশ্ব জয় কৰি নিজ গৃহত উপস্থিত ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস
বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে!
পাহৰণি গৰ্ভত Greetings Card ! যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা