--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শ্ৰদ্ধা,ভক্তি,শ্নেহ,আদৰ আৰু এবুকু ভাল পোৱাৰ বহু শব্দ ।এটা সময়ত দোকানে দোকানে বিচাৰি ফুৰা গ্ৰিটিংছ কাৰ্ডসমূহ আজি নষ্টালজিক ।

ডিজিটেল ডেস্কঃ মৰমৰ কেনভাছত তিনিটা শব্দ 'HAPPY NEW YEAR' । পুৰণা বছৰটো শেষ হোৱাৰ পৰা নৱবৰ্ষৰ শুভেচ্ছাৰে,এখিলা উকা কাগজত লিখা কেইটামান আখৰ । আখৰ নহয় মন টোত সাঁচি ৰখা বুকুৰ বাখৰ। 


শ্ৰদ্ধা,ভক্তি,শ্নেহ,আদৰ আৰু এবুকু ভাল পোৱাৰ বহু শব্দ ।এটা সময়ত দোকানে দোকানে বিচাৰি ফুৰা গ্ৰিটিংছ কাৰ্ডসমূহ আজি নষ্টালজিক । এই পৃথিৱীত হয়তো নাই কোনোজন কিন্তু তেওঁ তাহানিতে দিয়া সেই গ্ৰিটিংছ কাৰ্ড খনে সোঁৱৰণ কৰে ব্যক্তিক ।



গ্ৰীটিংছ কাৰ্ড! ইমানবোৰ যে মিঠা অনুভৱ, ঘূৰাই আনে অতীতৰ স্মৃতি। মনত আছেনে আপুনি কেনেকৈ আগ্ৰহেৰে অপেক্ষা কৰিছিল কেৱল আপোনাৰ আপোনজনক কাৰ্ড এখন পঠিয়াবলৈ? বা আপুনি কেনেকৈ মধুৰ অপেক্ষাৰে ধৈৰ্য ধৰিছিল আপোনজনৰ পৰা আটকধুনীয়া গ্ৰীটিংছ কাৰ্ডত নৱবৰ্ষৰ শুভেচ্ছা পাবলৈ ??প্ৰিয়জনক দিবলৈ পচন্দৰ কাৰ্ডখন বিচাৰি দোকানে দোকানে ভ্ৰমি ফুৰা দিনবোৰ আপোনাৰ আজিও মনত পৰেনে?


স্বাক্ষৰ কৰা, আন্তৰিক বাৰ্তা লিখা আৰু ব্যক্তিগত ,আবেগ ঢালি লিখা প্ৰতিখন কাৰ্ডক এক সৰু সৰু শিল্পকৰ্ম বুলিয়েই ক'ব লাগিব। আৰু প্ৰিয়জনৰ পৰা কাৰ্ড পোৱাৰ সন্তুষ্টিত কিমান যে আপোনপাহৰা হোৱা । 


আজিকালি সকলোতে ডিজিটেল শুভেচ্ছাৰ পয়োভৰ । সুবিধাজনক হ’লেও নাই কোনো মোহ বা আন্তৰিকতা । কিন্তু প্ৰিয়জনৰ হাতৰ স্পৰ্শ আৰু হৃদয়ৰ আবেগ ঢালি অহা গ্ৰীটিংছ কাৰ্ডৰ সেই নষ্টালজিয়া নব্বৈ দশকৰ প্ৰতিজন মানুহৰ হৃদয়ে হদয়ে মধুৰ স্মৃতি হৈ বৈ থাকিব।



যান্ত্ৰিকতাই কিমান কি কৰা নাই। যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা। পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজো হৈছে সকলো। কিন্তু যান্ত্ৰিকতাৰ যুগত যেন লাহে লাহে সমন্বয়ৰ এনাজৰীদালো শিথিল হৈ গৈ আছে। আগৰ দিনত নতুন বছৰ বুলিলে সৰুৰ পৰা ডাঙৰলৈকে বন্ধুৰ পৰা বান্ধৱীলৈকে প্রিয় জনৰ পৰা প্রিয় জনলৈকে সকলোৱে কিমান যে উদ্যমেৰে গ্ৰিটিংছ কাৰ্ডসমূহ লিখিছিল । তাৰ মাজতেই সোমাই আছিল আপোনৰ প্ৰতি থকা মৰম চেনেহ এসাগৰ ভালপোৱা। হেঁপাহ আছিল আত্মিয় জনক নিজ হাতেৰে লিখি কাৰ্ডখন নতুন বছৰত হাতত তুলি দিয়া। কিন্তু এতিয়া সেই মধুৰ সময়বোৰ লুপ্ত হৈ পৰিলে । সময়ৰ সুঁ‌তত সকলো পাহৰণি গৰ্ভত । আজিৰ সময়ে সেই অতিত মাথোঁ সোৱৰাবহে পাৰে। পাহৰিলোঁ নেকি ডিজিটেল যুগত সেই সোণালী দিনৰ মাদকতা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ