ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ পটভুমি দৰঙৰ ছিপাঝাৰত আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় "শ্বহীদ প্ৰণামো "শীৰ্ষক শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ আত্মবলিদানৰ স্মৃতিচাৰণ কৰাৰ উদ্দেশ্য ছিপাঝাৰত যূৱ মৰ্চাই কেন্দ্ৰীয়ভাবে আয়োজন কৰিছে এই অনুষ্ঠানৰ।অনুষ্ঠানত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই শ্বহীদ সকলৰ ত্যাগ জাতীয় জীৱনৰ বাবে সদায় স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে।
এখন সুৰক্ষিত অসমৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টী সদায়েই মিঞাৰ বিপক্ষে থাকিব বুলি দৃঢ়তাৰে মন্তব্য কৰে।উল্লেখ যোগ্য যে দৰঙৰ ৬৩গৰাকী শ্বহীদ পৰিয়ালক আজিৰ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।যূৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস,ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখ যোগ্য চৰকাৰে ১০ডিচেম্বৰত গুৱাহাটীত শ্বহীদ দিবস অনুষ্ঠিত কৰিছে আৰু আজিৰে পৰা যূৱ মৰ্চাৰ সদস্য সকলে ৰাজ্যজুৰি ঘৰে ঘৰে গৈ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰিব।