--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই মিছাইল আক্ৰমণটো ইমান ভয়াৱহ আছিল যে মুজতবা খামেনেইৰ পৰিয়ালৰ কেইবাজনো সদস্যই থিতাতে প্ৰাণ হেৰুৱায়।

ডিজিটেল ডেস্কঃ ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ মাজতে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ নতুন উচ্চতম নেতা মুজতবা খামেনেই এক ভয়াৱহ মিছাইল আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল। 


এক ফাদিল হোৱা অডিঅ’ ৰেকৰ্ডিং অনুসৰি, তেওঁৰ বাসগৃহত হোৱা এই আক্ৰমণৰ মাত্ৰ কেইমিনিটমান পূৰ্বে তেওঁ এক বিশেষ কামৰ বাবে বাহিৰলৈ ওলাই যোৱাৰ বাবেহে নিশ্চিত মৃত্যুৰ মুখৰ পৰা বাচি আহে।


আক্ৰমণৰ সবিশেষ আৰু ফাদিল হোৱা তথ্য


ব্ৰিটিছ সংবাদ প্ৰতিষ্ঠান 'দ্য টেলিগ্ৰাফ'ৰ হাতত পৰা এটা অডিঅ’ ক্লিপ অনুসৰি, ২৮ ফেব্ৰুৱাৰীৰ দিনা স্থানীয় সময়মতে পুৱা ৯:৩২ বজাত তেহৰাণৰ উচ্চতম নেতাৰ চৌহদত 'ব্লু স্পেৰো' মিছাইলেৰে লক্ষ্য কৰি লোৱা হৈছিল। সেই সময়ত ইৰানৰ প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই আৰু কেইবাজনো শীৰ্ষ বিষয়াৰ সৈতে হোৱা এই আক্ৰমণত মুজতবা খামেনেইও লক্ষ্য আছিল। কিন্তু আক্ৰমণৰ ঠিক আগে আগে তেওঁ বাগিচাত ফুৰিবলৈ ওলাই যোৱাৰ বাবে ৰক্ষা পৰে।


পৰিয়ালৰ সদস্য আৰু শীৰ্ষ বিষয়াৰ মৃত্যু


এই মিছাইল আক্ৰমণটো ইমান ভয়াৱহ আছিল যে মুজতবা খামেনেইৰ পৰিয়ালৰ কেইবাজনো সদস্যই থিতাতে প্ৰাণ হেৰুৱায়। ফাদিল হোৱা তথ্যমতে মুজতবা খামেনেইৰ পত্নী আৰু পুত্ৰৰ এই আক্ৰমণত মৃত্যু হৈছে।তেওঁৰ সম্বন্ধীয় ককায়েক আৰু আন বহুতো উচ্চপদস্থ বিষয়াও নিহত হয়। নিহতসকলৰ ভিতৰত ইৰানৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছৰ (IRGC) মুৰব্বী মহম্মদ পাকপুৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদেহa আছিল।



আলী খামেনেইৰ কাৰ্যালয়ৰ প্ৰটোকল মুৰব্বী মাজাহিৰ হুছেইনৰ এক ভাষণৰ ৰেকৰ্ডিং অনুসৰি, মুজতবা খামেনেই সম্পূৰ্ণ অক্ষত অৱস্থাত নাছিল। ধ্বংসাৱশেষ পৰাৰ ফলত তেওঁৰ ভৰিত সামান্য আঘাত লাগিছিল, যদিও তেওঁ সুৰক্ষিতভাৱে সেই স্থানৰ পৰা ওলাই আহিবলৈ সক্ষম হয়।


"আক্ৰমণৰ মূল উদ্দেশ্য আছিল সমগ্ৰ খামেনেই পৰিয়ালটোক নিঃশেষ কৰা, যাৰ বাবে চৌহদৰ ভিতৰত কেইবাঠাইতো মিছাইল নিক্ষেপ কৰা হৈছিল।" - মাজাহিৰ হুছেইন


ৰহস্যৰ আৱৰ্তত মুজতবা খামেনেই


আক্ৰমণৰ পিছৰে পৰা মুজতবা খামেনেইক ৰাজহুৱাকৈ দেখা পোৱা হোৱা নাই। তেওঁ বৰ্তমান ক'ত আছে, সেই লৈ ইৰান চৰকাৰে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা নাই। কিছুমান সংবাদ মাধ্যমে তেওঁক ৰাছিয়াত চিকিৎসাধীন হৈ থকা বুলি দাবী কৰিছে, আনহাতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁ কোমাত থকা বুলিহে দাবী কৰিছে। অৱশ্যে এই কোনোবোৰ তথ্যৰে এতিয়ালৈকে চৰকাৰী সত্যতা নিশ্চিত হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু