--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ছুৰাটত এক অনুষ্ঠানত ভাগ লৈ শ্বাহে আত্মবিশ্বাস প্রকাশ কৰে যে ভাৰতে কেৱল ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰিলেই নহ'ব, বৰং ছয় বছৰৰ পাছত অলিম্পিক আয়োজনৰ অধিকাৰো নিশ্চিত কবিব লাগিব।

ডিজিটেল ডেস্ক : বি চি চি আইৰ প্রাক্তন সভাপতি জয় শ্বাহে ২০৩৬ চনৰ অলিম্পিক গেমছৰ আগে আগে ভাৰতীয় ক্রীড়া ক্ষেত্ৰৰ বাবে এক উচ্ছাভিলাষী লক্ষ্য নির্ধাৰণ কৰিছে। ভাৰতে যদি ২০৩৬ চনৰ অলিম্পিক আয়োজনত সফল হয় তেন্তে ১০০টা পদক জয়ৰ লক্ষ্য ৰখা উচিত। 


ছুৰাটত এক অনুষ্ঠানত ভাগ লৈ শ্বাহে আত্মবিশ্বাস প্রকাশ কৰে যে ভাৰতে কেৱল ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰিলেই নহ'ব, বৰং ছয় বছৰৰ পাছত অলিম্পিক আয়োজনৰ অধিকাৰো নিশ্চিত কবিব লাগিব। 


কমনৱেলথ গেমছ ভাৰতলৈ পুনৰ উভতাই অনাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৃতিত্ব দিব খোজে শ্বাহে। কমনৱেলথ গেমছক শেষ বিন্দু হিচাপে নহয়, বৰং এটা ধাপ হিচাপে দেখা উচিত। শ্বাহে কয়, 'প্রধানমন্ত্রীয়ে ২০৩০ চনব কমনৱেলথ গেমছ দুটা দশকৰ অন্তত ভাৰতলৈ উভতাই আনিলে। কিন্তু আমি ইয়াতেই ক্ষান্ত থাকিলে নহ'ব। ২০৩৬ চনৰ অলিম্পিকো ভাৰতলৈ আনিব লাগিব। 


২০২৪ চনৰ অলিম্পিকত আমি ছটা পদক পাইছিলোঁ। কিন্তু ২০৩৬ চনত সেয়া যথেষ্ট নহ'ব। শ্বাহৰ মিছন অলিম্পিক আঁচনি অনুসৰি কমপক্ষেও ১০০টা পদক জয়ৰ লক্ষ্য সম্মুখত ৰাখিব লাগিব। এই ১০০টা পদকৰ ভিতৰত কমপক্ষেও ১০টা গুজৰাটৰ পৰা অহা উচিত। উল্লেখযোগ্য যে ভাৰতে সম্প্রতি ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে প্রস্তুতিত ব্যস্ত আছে। ভাৰতে সেইক্ষেত্রত কাটাৰ আৰু তুৰন্ধৰ লগতে আন দেশৰ পৰাও কঠিন যুঁজত অৱতীর্ণ হ'ব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ