--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • ভাৰতে স্পষ্ট কৰি দিয়ে যে এছ চি অ'ই এই প্রস্তাৱটোৰ সম্পৰ্কত কৰা আলোচনাত ভাৰতে অংশগ্রহণ কৰা নাছিল।

ডিজিটেল ডেস্ক : ইৰানত কৰা আক্ৰমণৰ কাৰণে ইজৰাইলক গৰিহণা দি ছাংহাই সহযোগিতা সংগঠনে (এছ চি অ') গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ পৰা ভাৰতে নিজকে আঁতৰাই ৰাখে।


ভাৰতে স্পষ্ট কৰি দিয়ে যে এছ চি অ'ই এই প্রস্তাৱটোৰ সম্পৰ্কত কৰা আলোচনাত ভাৰতে অংশগ্রহণ কৰা নাছিল। ভাৰতৰ বিদেশ মন্ত্র্যালয়ে প্রকাশ কৰা এটা বিবৃতিত কয়, 'ছাংহাই সহযোগিতা সংগঠনে ইজৰাইল আৰু ইৰানৰ মাজৰ শেহতীয়া ঘটনাৱলীক লৈ এটা বিবৃতি প্রকাশ কৰিছে। এছ চি অ'ৰ এই প্রস্তাৱক লৈ হোৱা আলোচনাত ভাৰতে অংশগ্রহণ কৰা নাছিল।'


ইৰান আৰু ইজৰাইলৰ উত্তেজনাৰ ক্ষেত্ৰত ভাৰতে লোৱা স্বতন্ত্র স্থিতিৰ কথা বিদেশ মন্ত্ৰ্যালয়ে দোহাৰে। উল্লেখযোগ্য যে ভাৰতে উত্তেজনা হ্রাস কৰাৰ কাৰণে শান্তি আৰু আলোচনাৰ আহ্বান জনাইছিল। উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটিত অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰাৰ সময়ত কেৱল ইজৰাইলেহে ভাৰতক মুকলিকৈ সমর্থন কৰিছিল। চৰকাৰৰ এই স্থিতিক সমালোচনা কৰিছে কংগ্ৰেছে।


কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এইবুলি প্রশ্ন কৰে যে বিদেশ মন্ত্ৰ্যালয়ে এছ চি অ'ৰ বিবৃতিটোৰ সম্পৰ্কত দিয়া মন্তব্যৰ প্ৰকৃততে অর্থ কি? ইয়াৰ পৰা এটা কথা প্রতীয়মান হৈছে যে ইজৰাইলে ইৰানত আক্ৰমণ কৰিব পাৰে, কিন্তু ইৰান সংযম হৈ থাকিব লাগে আৰু যুদ্ধৰ দিশত খোজ পেলাব নালাগে। তেওঁ এইবুলি প্রশ্ন কৰে, 'আমি ইৰানত ইজৰাইলে কৰা আক্ৰমণ আৰু বাছি বাছি কৰা হত্যাক গৰিহণা দিবও নোৱাৰোঁ নেকি?'


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক