--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • ভাৰতে স্পষ্ট কৰি দিয়ে যে এছ চি অ'ই এই প্রস্তাৱটোৰ সম্পৰ্কত কৰা আলোচনাত ভাৰতে অংশগ্রহণ কৰা নাছিল।

ডিজিটেল ডেস্ক : ইৰানত কৰা আক্ৰমণৰ কাৰণে ইজৰাইলক গৰিহণা দি ছাংহাই সহযোগিতা সংগঠনে (এছ চি অ') গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ পৰা ভাৰতে নিজকে আঁতৰাই ৰাখে।


ভাৰতে স্পষ্ট কৰি দিয়ে যে এছ চি অ'ই এই প্রস্তাৱটোৰ সম্পৰ্কত কৰা আলোচনাত ভাৰতে অংশগ্রহণ কৰা নাছিল। ভাৰতৰ বিদেশ মন্ত্র্যালয়ে প্রকাশ কৰা এটা বিবৃতিত কয়, 'ছাংহাই সহযোগিতা সংগঠনে ইজৰাইল আৰু ইৰানৰ মাজৰ শেহতীয়া ঘটনাৱলীক লৈ এটা বিবৃতি প্রকাশ কৰিছে। এছ চি অ'ৰ এই প্রস্তাৱক লৈ হোৱা আলোচনাত ভাৰতে অংশগ্রহণ কৰা নাছিল।'


ইৰান আৰু ইজৰাইলৰ উত্তেজনাৰ ক্ষেত্ৰত ভাৰতে লোৱা স্বতন্ত্র স্থিতিৰ কথা বিদেশ মন্ত্ৰ্যালয়ে দোহাৰে। উল্লেখযোগ্য যে ভাৰতে উত্তেজনা হ্রাস কৰাৰ কাৰণে শান্তি আৰু আলোচনাৰ আহ্বান জনাইছিল। উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটিত অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰাৰ সময়ত কেৱল ইজৰাইলেহে ভাৰতক মুকলিকৈ সমর্থন কৰিছিল। চৰকাৰৰ এই স্থিতিক সমালোচনা কৰিছে কংগ্ৰেছে।


কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এইবুলি প্রশ্ন কৰে যে বিদেশ মন্ত্ৰ্যালয়ে এছ চি অ'ৰ বিবৃতিটোৰ সম্পৰ্কত দিয়া মন্তব্যৰ প্ৰকৃততে অর্থ কি? ইয়াৰ পৰা এটা কথা প্রতীয়মান হৈছে যে ইজৰাইলে ইৰানত আক্ৰমণ কৰিব পাৰে, কিন্তু ইৰান সংযম হৈ থাকিব লাগে আৰু যুদ্ধৰ দিশত খোজ পেলাব নালাগে। তেওঁ এইবুলি প্রশ্ন কৰে, 'আমি ইৰানত ইজৰাইলে কৰা আক্ৰমণ আৰু বাছি বাছি কৰা হত্যাক গৰিহণা দিবও নোৱাৰোঁ নেকি?'


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত