--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এক ভয়ংকৰ পথ দুৰ্ঘটনাই ধ্বংস কৰিলে এটা সুখী পৰিয়াল।

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাই ধ্বংস কৰিলে এটা সুখী পৰিয়াল। উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই পৰিয়াল এটা ধ্বংস কৰি দিলে। কানপুৰ ঘাইপথৰ পুঞ্চ আৰক্ষী থানা এলেকাৰ ধেৰী কি কালভাৰ্টৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।


পৰিয়ালটোৰ গাড়ীখনে অভাৰটেক কৰি থকাৰ সময়তে তেওঁলোকৰ গাড়ীখন এখন ট্ৰাকৰ সৈতে খুন্দা খাই বাগৰি পৰে। দুৰ্ঘটনাত ব্যৱসায়ী শিৱ গিৰ্জেশ শুক্লা (৩৮) আৰু তেওঁৰ পত্নী অনু শুক্লা (৩৫)ৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁলোকৰ ৩ বছৰীয়া পুত্ৰ কেশৱ, ১৩ বছৰীয়া কন্যা শিৱন্যা আৰু চালক অনুৰাগ গুৰুতৰভাৱে আহত হয়।


তথ্য অনুসৰি কানপুৰৰ জাজমৌ থানা এলেকাৰ টাদ বগিয়াৰ বাসিন্দা আছিল পৰিয়ালটো। গিৰ্জেশ শুক্লা আছিল শীতল পানীয় কোম্পানী এটাৰ ব্যৱসায়ী। তেওঁ পৰিয়ালৰ সৈতে ধৰ্মীয় যাত্ৰালৈ গৈছিল। কিন্তু ঝান্সীৰ ধেৰী কালভাৰ্টৰ সমীপত এখন ট্ৰাকক অভাৰটেক কৰাৰ সময়তে গাড়ীখনে ট্ৰাকখনৰ কাষত খুন্দা মাৰে, যাৰ ফলত গাড়ীখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ পিছতে সেই স্থানত জনসমাগম হয় আৰু ততাতৈয়াকৈ তেওঁলোকে আহতসকলক উলিয়াই আনে।


এই তথ্যৰ ভিত্তিত উপস্থিত হোৱা আৰক্ষীয়ে আটাইকেইজন আহতক পুঞ্চ চি এইচ চিলৈ লৈ যায় আৰু তাতেই অনু শুক্লাক মৃত ঘোষণা কৰে। বাকী আহতসকলক ঝান্সী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়, য’ত শিৱ গিৰ্জেশ শুক্লাৰো চিকিৎসাৰ সময়ত মৃত্যু হয়। দুয়োটা মৃতদেহৰ মৰণোত্তৰ কৰা পাছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰি নিশা মৃতদেহ পৰিয়ালক গতাই দিয়ে। পতি-পত্নীৰ এই অকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলবাসী শোকত ভাগি পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ