--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এক ভয়ংকৰ পথ দুৰ্ঘটনাই ধ্বংস কৰিলে এটা সুখী পৰিয়াল।

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাই ধ্বংস কৰিলে এটা সুখী পৰিয়াল। উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই পৰিয়াল এটা ধ্বংস কৰি দিলে। কানপুৰ ঘাইপথৰ পুঞ্চ আৰক্ষী থানা এলেকাৰ ধেৰী কি কালভাৰ্টৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।


পৰিয়ালটোৰ গাড়ীখনে অভাৰটেক কৰি থকাৰ সময়তে তেওঁলোকৰ গাড়ীখন এখন ট্ৰাকৰ সৈতে খুন্দা খাই বাগৰি পৰে। দুৰ্ঘটনাত ব্যৱসায়ী শিৱ গিৰ্জেশ শুক্লা (৩৮) আৰু তেওঁৰ পত্নী অনু শুক্লা (৩৫)ৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁলোকৰ ৩ বছৰীয়া পুত্ৰ কেশৱ, ১৩ বছৰীয়া কন্যা শিৱন্যা আৰু চালক অনুৰাগ গুৰুতৰভাৱে আহত হয়।


তথ্য অনুসৰি কানপুৰৰ জাজমৌ থানা এলেকাৰ টাদ বগিয়াৰ বাসিন্দা আছিল পৰিয়ালটো। গিৰ্জেশ শুক্লা আছিল শীতল পানীয় কোম্পানী এটাৰ ব্যৱসায়ী। তেওঁ পৰিয়ালৰ সৈতে ধৰ্মীয় যাত্ৰালৈ গৈছিল। কিন্তু ঝান্সীৰ ধেৰী কালভাৰ্টৰ সমীপত এখন ট্ৰাকক অভাৰটেক কৰাৰ সময়তে গাড়ীখনে ট্ৰাকখনৰ কাষত খুন্দা মাৰে, যাৰ ফলত গাড়ীখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ পিছতে সেই স্থানত জনসমাগম হয় আৰু ততাতৈয়াকৈ তেওঁলোকে আহতসকলক উলিয়াই আনে।


এই তথ্যৰ ভিত্তিত উপস্থিত হোৱা আৰক্ষীয়ে আটাইকেইজন আহতক পুঞ্চ চি এইচ চিলৈ লৈ যায় আৰু তাতেই অনু শুক্লাক মৃত ঘোষণা কৰে। বাকী আহতসকলক ঝান্সী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়, য’ত শিৱ গিৰ্জেশ শুক্লাৰো চিকিৎসাৰ সময়ত মৃত্যু হয়। দুয়োটা মৃতদেহৰ মৰণোত্তৰ কৰা পাছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰি নিশা মৃতদেহ পৰিয়ালক গতাই দিয়ে। পতি-পত্নীৰ এই অকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলবাসী শোকত ভাগি পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক