--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মেইটেই সম্প্ৰদায়ৰ এজন লোকে পথাৰত হাল বাবলৈ যাওঁতে কুকি জনগোষ্ঠীৰ লোকে বাধা দিয়ে দুই জনগোষ্ঠীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মেইটেই লোকজন মাটিডৰালৈ যাব পৰা নাছিল

ডিজিটেল ডেস্ক : মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ লোকৰ মাজত সংঘাতৰ ঘটনা পুনৰ সংঘটিত হৈছে ৰাজ্যখনৰ ইম্ফল ইষ্ট আৰু কাংপকপী জিলাৰ মাজৰ এখন গাঁৱত।


মেইটেই সম্প্ৰদায়ৰ এজন লোকে পথাৰত হাল বাবলৈ যাওঁতে কুকি জনগোষ্ঠীৰ লোকে বাধা দিয়ে। দেওবাৰে পুৱা নিজৰ মাটিত ট্রেক্টৰেৰে হাল বাবলৈ যোৱাৰ সময়ত কুকি জনগোষ্ঠীৰ এদল লোকে তেওঁক বাধা দিয়ে বুলি মেইটেই কৃষকজনে নিৰাপত্তা বাহিনীক অৱগত কৰে। লেইটানপকপী গাঁৱত থকা নিজৰ মাটিডৰাত হাল বাবলৈ যোৱাৰ সময়ত মেইটেই কৃষকজনক বাধা দি কুকি দলটোৱে মাটিডৰা তেওঁলোকৰ বুলি দাবী কৰে। দুই জনগোষ্ঠীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মেইটেই লোকজন মাটিডৰালৈ যাব পৰা নাছিল। কিন্তু দেওবাৰে তেওঁ মাটিডৰাত হাল বাবলৈ যাওঁতেই বিবাদৰ সূত্রপাত হয়। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত শিলগুটি দলিওৱাৰ ঘটনা সংঘটিত হয়। ইয়াৰ পাছতে নিৰাপত্তা বাহিনী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ