--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বৰ আন দেশসমূহে মহাকাশত চলোৱা অভিযানতকৈ বহু আগবাঢ়ি গৈছে ভাৰত।

ডিজিটেল ডেস্ক : বিশ্বৰ আন দেশসমূহে মহাকাশত চলোৱা অভিযানতকৈ বহু আগবাঢ়ি গৈছে ভাৰত। বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি ইলন মাস্কৰ মালিকানাধীন স্পেচ এক্সে দীর্ঘদিনৰ পৰা মহাকাশত যি তথ্য কেন্দ্ৰ স্থাপনৰ কথা কৈ আহিছে, তেনে এক তথ্যকেন্দ্ৰ স্থাপনৰ বাবে ভাৰতেও প্রস্তুতি চলাইছে। 


চলিত বর্ষতে ভাৰতীয় এটা ষ্টাৰ্ট আপে মহাকাশত তথ্যকেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে। চেন্নাইৰ 'অগ্নিকুল কছমছ' নামৰ ষ্টাৰ্ট আপটোৱে ইয়াৰ অগ্নিবাণ নামৰ ৰকেটটোক মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত তথ্যকেন্দ্র হিচাপে স্থাপনৰ বাবে কাম অব্যাহত ৰাখিছে। অগ্নিকুল কছমছে এইক্ষেত্রত কৃত্রিম বুদ্ধিমত্তা (এ আই) বিষয়ক কোম্পানী 'নিভ ক্লাউড'ৰ পৰা সহযোগিতা লাভ কৰিব। উল্লেখযোগ্য যে অগ্নিবাণ ৰকেটটোক এটা পৰীক্ষামূলক এ আই প্লেটফর্ম হিচাপে গঢ়ি তুলিব নিভ ক্লাউডে। অতি বিপদসংকুল এই অভিযানত কক্ষপথত এ আই পৰিচালিত তথ্যকেন্দ্র স্থাপনৰ বাবে দুয়োটা প্রতিষ্ঠানেই চেষ্টাৰ কোনো ত্রুটী কৰা নাই। 


এই এ আই ভিত্তিক তথ্য কেন্দ্ৰ সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হ'ব আৰু মহাকাশৰ শীতল পৰিৱেশে ইয়াক ঠাণ্ডা কৰি ৰাখিব। আই আই টি মাদ্রাজত জন্মগ্ৰহণ কৰা অগ্নিকুল স্টার্ট আপে ২০২৪ চনত এটা উপ-কক্ষপথীয় অভিযান সফলতাৰে সমাপন কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ