--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বৰ আন দেশসমূহে মহাকাশত চলোৱা অভিযানতকৈ বহু আগবাঢ়ি গৈছে ভাৰত।

ডিজিটেল ডেস্ক : বিশ্বৰ আন দেশসমূহে মহাকাশত চলোৱা অভিযানতকৈ বহু আগবাঢ়ি গৈছে ভাৰত। বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি ইলন মাস্কৰ মালিকানাধীন স্পেচ এক্সে দীর্ঘদিনৰ পৰা মহাকাশত যি তথ্য কেন্দ্ৰ স্থাপনৰ কথা কৈ আহিছে, তেনে এক তথ্যকেন্দ্ৰ স্থাপনৰ বাবে ভাৰতেও প্রস্তুতি চলাইছে। 


চলিত বর্ষতে ভাৰতীয় এটা ষ্টাৰ্ট আপে মহাকাশত তথ্যকেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে। চেন্নাইৰ 'অগ্নিকুল কছমছ' নামৰ ষ্টাৰ্ট আপটোৱে ইয়াৰ অগ্নিবাণ নামৰ ৰকেটটোক মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত তথ্যকেন্দ্র হিচাপে স্থাপনৰ বাবে কাম অব্যাহত ৰাখিছে। অগ্নিকুল কছমছে এইক্ষেত্রত কৃত্রিম বুদ্ধিমত্তা (এ আই) বিষয়ক কোম্পানী 'নিভ ক্লাউড'ৰ পৰা সহযোগিতা লাভ কৰিব। উল্লেখযোগ্য যে অগ্নিবাণ ৰকেটটোক এটা পৰীক্ষামূলক এ আই প্লেটফর্ম হিচাপে গঢ়ি তুলিব নিভ ক্লাউডে। অতি বিপদসংকুল এই অভিযানত কক্ষপথত এ আই পৰিচালিত তথ্যকেন্দ্র স্থাপনৰ বাবে দুয়োটা প্রতিষ্ঠানেই চেষ্টাৰ কোনো ত্রুটী কৰা নাই। 


এই এ আই ভিত্তিক তথ্য কেন্দ্ৰ সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হ'ব আৰু মহাকাশৰ শীতল পৰিৱেশে ইয়াক ঠাণ্ডা কৰি ৰাখিব। আই আই টি মাদ্রাজত জন্মগ্ৰহণ কৰা অগ্নিকুল স্টার্ট আপে ২০২৪ চনত এটা উপ-কক্ষপথীয় অভিযান সফলতাৰে সমাপন কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু