--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ মোদী চৰকাৰে ইয়াৰ শেহতীয়া কার্যপন্থা হিচাপে বাংলাদেশৰ সৈতে গংগা নদী চুক্তিত গুৰুত্বপূৰ্ণ সালসলনি কৰাৰ পৰিকল্পনা কৰিছে

ডিজিটেল ডেস্ক : শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছতেই ক্ষমতাত অধিষ্ঠিত হোৱা মহম্মদ ইউনুছে ভাৰত-বিৰোধী স্থিতি লৈ আহিছে।


ভাৰতৰ মোদী চৰকাৰে ইয়াৰ শেহতীয়া কার্যপন্থা হিচাপে বাংলাদেশৰ সৈতে গংগা নদী চুক্তিত গুৰুত্বপূৰ্ণ সালসলনি কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় সংবাদ মাধ্যম নিউ ইণ্ডিয়ান এক্সপ্রেছত প্রকাশিত এটা বাতৰি অনুসৰি, বাংলাদেশৰ সৈতে সৃষ্টি হোৱা শেহতীয়া সংঘাতৰ মাজতে ভাৰত চৰকাৰে ভাৰত আৰু বাংলাদেশৰ মাজত ১৯৯৬ চনত স্বাক্ষৰ কৰা ঐতিহাসিক গংগা জল চুক্তিৰ গুৰুত্বপূৰ্ণ সংশোধন কৰাৰ পৰিকল্পনা কৰিছে।


ইতিমধ্যে পাকিস্তান-চীন আৰু বাংলাদেশৰ মাজত শেহতীয়া ঘনিষ্ঠ সম্পৰ্কত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰত চৰকাৰে। পহলগাম-কাণ্ডৰ পাছত পাকিস্তানৰে ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। ইয়াক লৈ বর্তমান সময়লৈকে পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ আছে। শেহতীয়াকৈ বাংলাদেশে ভাৰতৰ দুই চুবুৰীয়া দেশ পাকিস্তান আৰু চীনৰ সৈতে মিতিৰালি বৃদ্ধি কৰাত উদ্বিগ্ন হৈ পৰিছে ভাৰত। তদুপৰি, বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰখনৰ ভাৰত-বিৰোধী স্থিতিয়ে ভাৰত চৰকাৰক দেশখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য কৰিছে। প্ৰফেছাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত চলি থকা বর্ধিত সংঘাতৰ মাজতে ভাৰত চৰকাৰে এনে এটা সিদ্ধান্ত লৈছে, যিটোৱে সমগ্র বাংলাদেশ জোকাৰি যাব।


২০২৬ চনত ম্যাদ শেষ হ'ব লগীয়া গংগা জল চুক্তি ১৯৯৬-ৰ ক্ষেত্ৰত বাংলাদেশৰ সৈতে এটা সংশোধনী অনাৰ বাবে ভাৰতে সক্রিয়ভাৱে পৰিকল্পনা কৰি আছে। চুক্তিখনব আধাৰত ভাৰতে ইয়াৰ জলসিঞ্চনৰ ঘৰুৱা প্রয়োজনীয়তা, বন্দৰ চোৱা-চিতা আৰু বিদ্যুৎ উৎপাদন আদিৰ ক্ষেত্ৰত সংশোধনী অনাৰ প্রস্তাৱ আগবঢ়াইছে। তদুপৰি, চুক্তিখনৰ ম্যাদ ৩০ বছৰৰ পৰা ১০-১৫ বছৰলৈ হ্রাস কৰাৰ বিষয়তো ভাৰতে প্রস্তাব আগবঢ়াইছে। ভাৰতে গংগা জল চুক্তিৰ অধীনত শুকাই যোৱা সময়ৰ গংগা নদীৰ জলধাৰাৰ ভাৰতৰ অংশ হিচাপে অতিৰিক্তভাৱে ৩০,০০০-৩৫,০০০ কিউছেকলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। যোৱা মে' মাহত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ এই বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হয়। এই বৈঠকতে ভাৰতে গংগা জল চুক্তিত আনিবলগীয়া সংশোধনীৰ বিষয়ে বাংলাদেশক অৱগত কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক