--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ মোদী চৰকাৰে ইয়াৰ শেহতীয়া কার্যপন্থা হিচাপে বাংলাদেশৰ সৈতে গংগা নদী চুক্তিত গুৰুত্বপূৰ্ণ সালসলনি কৰাৰ পৰিকল্পনা কৰিছে

ডিজিটেল ডেস্ক : শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছতেই ক্ষমতাত অধিষ্ঠিত হোৱা মহম্মদ ইউনুছে ভাৰত-বিৰোধী স্থিতি লৈ আহিছে।


ভাৰতৰ মোদী চৰকাৰে ইয়াৰ শেহতীয়া কার্যপন্থা হিচাপে বাংলাদেশৰ সৈতে গংগা নদী চুক্তিত গুৰুত্বপূৰ্ণ সালসলনি কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় সংবাদ মাধ্যম নিউ ইণ্ডিয়ান এক্সপ্রেছত প্রকাশিত এটা বাতৰি অনুসৰি, বাংলাদেশৰ সৈতে সৃষ্টি হোৱা শেহতীয়া সংঘাতৰ মাজতে ভাৰত চৰকাৰে ভাৰত আৰু বাংলাদেশৰ মাজত ১৯৯৬ চনত স্বাক্ষৰ কৰা ঐতিহাসিক গংগা জল চুক্তিৰ গুৰুত্বপূৰ্ণ সংশোধন কৰাৰ পৰিকল্পনা কৰিছে।


ইতিমধ্যে পাকিস্তান-চীন আৰু বাংলাদেশৰ মাজত শেহতীয়া ঘনিষ্ঠ সম্পৰ্কত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰত চৰকাৰে। পহলগাম-কাণ্ডৰ পাছত পাকিস্তানৰে ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। ইয়াক লৈ বর্তমান সময়লৈকে পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ আছে। শেহতীয়াকৈ বাংলাদেশে ভাৰতৰ দুই চুবুৰীয়া দেশ পাকিস্তান আৰু চীনৰ সৈতে মিতিৰালি বৃদ্ধি কৰাত উদ্বিগ্ন হৈ পৰিছে ভাৰত। তদুপৰি, বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰখনৰ ভাৰত-বিৰোধী স্থিতিয়ে ভাৰত চৰকাৰক দেশখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য কৰিছে। প্ৰফেছাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত চলি থকা বর্ধিত সংঘাতৰ মাজতে ভাৰত চৰকাৰে এনে এটা সিদ্ধান্ত লৈছে, যিটোৱে সমগ্র বাংলাদেশ জোকাৰি যাব।


২০২৬ চনত ম্যাদ শেষ হ'ব লগীয়া গংগা জল চুক্তি ১৯৯৬-ৰ ক্ষেত্ৰত বাংলাদেশৰ সৈতে এটা সংশোধনী অনাৰ বাবে ভাৰতে সক্রিয়ভাৱে পৰিকল্পনা কৰি আছে। চুক্তিখনব আধাৰত ভাৰতে ইয়াৰ জলসিঞ্চনৰ ঘৰুৱা প্রয়োজনীয়তা, বন্দৰ চোৱা-চিতা আৰু বিদ্যুৎ উৎপাদন আদিৰ ক্ষেত্ৰত সংশোধনী অনাৰ প্রস্তাৱ আগবঢ়াইছে। তদুপৰি, চুক্তিখনৰ ম্যাদ ৩০ বছৰৰ পৰা ১০-১৫ বছৰলৈ হ্রাস কৰাৰ বিষয়তো ভাৰতে প্রস্তাব আগবঢ়াইছে। ভাৰতে গংগা জল চুক্তিৰ অধীনত শুকাই যোৱা সময়ৰ গংগা নদীৰ জলধাৰাৰ ভাৰতৰ অংশ হিচাপে অতিৰিক্তভাৱে ৩০,০০০-৩৫,০০০ কিউছেকলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। যোৱা মে' মাহত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ এই বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হয়। এই বৈঠকতে ভাৰতে গংগা জল চুক্তিত আনিবলগীয়া সংশোধনীৰ বিষয়ে বাংলাদেশক অৱগত কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ