--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অপাৰেচন সিন্ধুৰ অধীনত এই পৰ্যন্ত প্ৰায় ২,২৬৫ জন লোক ঘৰলৈ উভতি আহিছে। কিন্তু, ইফালে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এজন ছাত্ৰই ইৰানৰ পৰা উভতি আহিবলৈ অস্বীকাৰ কৰি এতিয়াও ইৰানতে আছে।

ডিজিটেল ডেস্কঃ ইৰান-ইজৰাইল সংঘাতৰ সময়ত ইৰানত আবদ্ধ হৈ আছে বহু ভাৰতীয় নাগৰিক। ইয়াৰ ভিতৰত ভাৰতৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আৰু তীৰ্থযাত্ৰীসকলো আছে। দুয়োখন দেশৰ মাজত সংঘাতৰ মাজতে ভাৰতে নাগৰিকসকলৰ নিৰাপদে উভতি অহাৰ বাবে 'অপাৰেচন সিন্ধু' আৰম্ভ কৰিছে।


'অপাৰেচন সিন্ধু'ৰ অধীনত এই পৰ্যন্ত প্ৰায় ২,২৬৫ জন লোক ঘৰলৈ উভতি আহিছে। কিন্তু, ইফালে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এজন ছাত্ৰই ইৰানৰ পৰা উভতি আহিবলৈ অস্বীকাৰ কৰি এতিয়াও ইৰানতে আছে। তেওঁ ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰাৰ পিছত তেওঁলোকৰ পৰিয়াল অতিশয় চিন্তিত হৈ পৰিছে।


ইৰান-ইজৰাইলৰ যুদ্ধৰ সময়ত ইৰানত আবদ্ধ হৈ থকা মধ্যপ্ৰদেশৰ ভূপালৰ ৩০ বছৰীয়া আব্ৰাৰ আলীয়ে ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে। আব্ৰাৰে কয় যে তেওঁ যোৱা চাৰি বছৰ ধৰি ইৰানতেই বাস কৰি আহিছে আৰু বেয়া সময়ত ইৰান এৰি ঘৰলৈ যাব নোৱাৰে।


আব্ৰাৰৰ মাতৃ শ্বাহনূৰ বেগমে কয়, "মোৰ ল'ৰা আব্ৰাৰ আলী ইৰানত আবদ্ধ হৈ আছে। যোৱা চাৰি বছৰ ধৰি তেওঁ তাত পঢ়ি আছে, কিন্তু এই সংঘাত আৰম্ভ হোৱাৰ পিছত আমি যেতিয়া তেওঁক ঘূৰি আহিবলৈ ক'লোঁ, তেতিয়া তেওঁ কৈছিল যে তেওঁ এতিয়াই ঘূৰি আহিব নিবিচাৰে, এনে যুদ্ধৰ পৰিস্থিতিত ইয়াৰ পৰা গুচি গ'লে ইৰানৰ জনসাধাৰণে তেওঁৰ বিষয়ে কি ভাবিব?'


আব্ৰাৰৰ মাতৃয়ে কয় যে, "আব্ৰাৰে কৈছে যে মই ইৰানৰ নিমখ খাইছো।বিপদৰ সময়ত মই দেশখনক এনেকৈ এৰি নাযাওঁ। কিন্তু মই মাতৃ হিচাপে চিন্তিত হৈ পৰিছোঁ। মই তেওঁৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰি আছো। আব্ৰাৰে কৈছে যে তেওঁৰ ঠাইখন নিৰাপদ আৰু বিস্ফোৰণস্থলীৰ পৰা বহু দূৰত।" 


আব্ৰাৰে পাঁচ বছৰীয়া পাঠ্যক্ৰম এটা কৰিবলৈ ইৰাণলৈ গৈছিল। চাৰিটা বছৰ পঢ়া-শুনা সম্পূৰ্ণ হৈছে আৰু এটা বছৰহে বাকী আছে।


ইফালে আব্ৰাৰ আলীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক জনাইছে বিশেষ আহ্বান। আব্ৰাৰে কয়, "মই ভাৰত চৰকাৰক আহ্বান জনাইছো যে প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বত যথেষ্ট প্ৰভাৱ আছে। তেওঁ সমগ্ৰ বিশ্বতে বিখ্যাত। এনে পৰিস্থিতিত যদি তেওঁ বিচাৰে তেন্তে এই যুদ্ধ বন্ধ কৰিব পাৰে। সেয়েহে মই প্ৰধানমন্ত্ৰী মোদীক যিকোনো উপায়েৰে এই যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছো।"




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ