--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অপাৰেচন সিন্ধুৰ অধীনত এই পৰ্যন্ত প্ৰায় ২,২৬৫ জন লোক ঘৰলৈ উভতি আহিছে। কিন্তু, ইফালে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এজন ছাত্ৰই ইৰানৰ পৰা উভতি আহিবলৈ অস্বীকাৰ কৰি এতিয়াও ইৰানতে আছে।

ডিজিটেল ডেস্কঃ ইৰান-ইজৰাইল সংঘাতৰ সময়ত ইৰানত আবদ্ধ হৈ আছে বহু ভাৰতীয় নাগৰিক। ইয়াৰ ভিতৰত ভাৰতৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আৰু তীৰ্থযাত্ৰীসকলো আছে। দুয়োখন দেশৰ মাজত সংঘাতৰ মাজতে ভাৰতে নাগৰিকসকলৰ নিৰাপদে উভতি অহাৰ বাবে 'অপাৰেচন সিন্ধু' আৰম্ভ কৰিছে।


'অপাৰেচন সিন্ধু'ৰ অধীনত এই পৰ্যন্ত প্ৰায় ২,২৬৫ জন লোক ঘৰলৈ উভতি আহিছে। কিন্তু, ইফালে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এজন ছাত্ৰই ইৰানৰ পৰা উভতি আহিবলৈ অস্বীকাৰ কৰি এতিয়াও ইৰানতে আছে। তেওঁ ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰাৰ পিছত তেওঁলোকৰ পৰিয়াল অতিশয় চিন্তিত হৈ পৰিছে।


ইৰান-ইজৰাইলৰ যুদ্ধৰ সময়ত ইৰানত আবদ্ধ হৈ থকা মধ্যপ্ৰদেশৰ ভূপালৰ ৩০ বছৰীয়া আব্ৰাৰ আলীয়ে ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে। আব্ৰাৰে কয় যে তেওঁ যোৱা চাৰি বছৰ ধৰি ইৰানতেই বাস কৰি আহিছে আৰু বেয়া সময়ত ইৰান এৰি ঘৰলৈ যাব নোৱাৰে।


আব্ৰাৰৰ মাতৃ শ্বাহনূৰ বেগমে কয়, "মোৰ ল'ৰা আব্ৰাৰ আলী ইৰানত আবদ্ধ হৈ আছে। যোৱা চাৰি বছৰ ধৰি তেওঁ তাত পঢ়ি আছে, কিন্তু এই সংঘাত আৰম্ভ হোৱাৰ পিছত আমি যেতিয়া তেওঁক ঘূৰি আহিবলৈ ক'লোঁ, তেতিয়া তেওঁ কৈছিল যে তেওঁ এতিয়াই ঘূৰি আহিব নিবিচাৰে, এনে যুদ্ধৰ পৰিস্থিতিত ইয়াৰ পৰা গুচি গ'লে ইৰানৰ জনসাধাৰণে তেওঁৰ বিষয়ে কি ভাবিব?'


আব্ৰাৰৰ মাতৃয়ে কয় যে, "আব্ৰাৰে কৈছে যে মই ইৰানৰ নিমখ খাইছো।বিপদৰ সময়ত মই দেশখনক এনেকৈ এৰি নাযাওঁ। কিন্তু মই মাতৃ হিচাপে চিন্তিত হৈ পৰিছোঁ। মই তেওঁৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰি আছো। আব্ৰাৰে কৈছে যে তেওঁৰ ঠাইখন নিৰাপদ আৰু বিস্ফোৰণস্থলীৰ পৰা বহু দূৰত।" 


আব্ৰাৰে পাঁচ বছৰীয়া পাঠ্যক্ৰম এটা কৰিবলৈ ইৰাণলৈ গৈছিল। চাৰিটা বছৰ পঢ়া-শুনা সম্পূৰ্ণ হৈছে আৰু এটা বছৰহে বাকী আছে।


ইফালে আব্ৰাৰ আলীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক জনাইছে বিশেষ আহ্বান। আব্ৰাৰে কয়, "মই ভাৰত চৰকাৰক আহ্বান জনাইছো যে প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বত যথেষ্ট প্ৰভাৱ আছে। তেওঁ সমগ্ৰ বিশ্বতে বিখ্যাত। এনে পৰিস্থিতিত যদি তেওঁ বিচাৰে তেন্তে এই যুদ্ধ বন্ধ কৰিব পাৰে। সেয়েহে মই প্ৰধানমন্ত্ৰী মোদীক যিকোনো উপায়েৰে এই যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছো।"




FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ