--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৱশেষত প্রতীক্ষাৰ অৱসান। মুকলি হ'ল নতুন অসমীয়া ছবি “যৌৱনে আমনি কৰে-২”ৰ গীত আৰু পোষ্টাৰ ।

ডিজিটেল ডেস্কঃ অৱশেষত প্রতীক্ষাৰ অৱসান। মুকলি হ'ল নতুন অসমীয়া ছবি “যৌৱনে আমনি কৰে-২”ৰ গীত আৰু পোষ্টাৰ । জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ছবিখনৰ পোষ্টাৰৰ লগতে প্ৰথমটো গীত উন্মোচন।


সংগীত পৰিচালক পলাশ সূর্য গগৈয়ে ৰচনা আৰু সুৰাৰোপ কৰা "ৰহেদৈ ৰচকী” শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে দীক্ষু আৰু চয়নিকাই।


লক্ষ্মী নাৰায়ণ ফিল্মছৰ বেনাৰত অশোক কুমাৰ বিষয়া আৰু হেপীমণি বিষয়াই প্রযোজনা কৰা "যৌৱনে আমনি কৰে-২” অহা ১০ অক্টোবৰত অসমৰ সকলো চিত্ৰগৃহত মুক্তিলাভ কৰিব।


ছবিখনৰ পৰিচালক অশোক কুমাৰ বিষয়া আৰু সহযোগী পৰিচালক বৰষাৰাণী বিষয়া।চিত্রনাট্য আৰু সংলাপ প্ৰণৱ কুমাৰ বৰুৱা আৰু বৰষাৰাণী বিষয়াৰ।ছবিখনৰ কাৰ্যবাহী প্রযোজক ভাস্কৰ বৰুৱা। ১৯৯৮ চনত মুক্তিলাভ কৰা "যৌৱনে আমনি কৰে” আছিল অসমৰ সর্বকালৰ ব্যৱসায় সফল ছবি ।সেইখন ছবিৰ মুক্তিৰ ২৭ বছৰ পিছত পুনৰ পৰিচালক অশোক কুমাৰ বিষয়াই সাজু কৰি তুলিছে "যৌৱনে আমনি কৰে”ৰ ছিকুৱেল।


পূৰ্বৰ ছবিখনত অভিনয় কৰা প্রাঞ্জল শইকীয়া, নিকুমণি বৰুৱা, বৰষাৰাণী বিষয়া, বৰ্ণালী পূজাৰী, ইনু বৰুৱা, অংকুৰ বিষয়া, নিলয় গুপ্ত, নীৰেন শৰ্মা, অসীম বৈশ্য, উদয় শংকৰ আদিৰ লগতে নতুনকৈ অৱতোষ ভূঞা, পুণ্যদা হাজৰিকা, ভাৰ্গৰ গগৈ, পূজা ডেকা, সুদীপ্ত গোস্বামী, প্রত্যুষ প্লাবন, নীলিম কাঞ্চন চেতিয়া, ইভান শইকীয়া, ৰকিবুল আহমেদ, ৰিয়া বৰা, মিমাংশী বৰুৱা আদিকো দেখা যাব ছিকুৱেলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু