--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৱশেষত প্রতীক্ষাৰ অৱসান। মুকলি হ'ল নতুন অসমীয়া ছবি “যৌৱনে আমনি কৰে-২”ৰ গীত আৰু পোষ্টাৰ ।

ডিজিটেল ডেস্কঃ অৱশেষত প্রতীক্ষাৰ অৱসান। মুকলি হ'ল নতুন অসমীয়া ছবি “যৌৱনে আমনি কৰে-২”ৰ গীত আৰু পোষ্টাৰ । জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ছবিখনৰ পোষ্টাৰৰ লগতে প্ৰথমটো গীত উন্মোচন।


সংগীত পৰিচালক পলাশ সূর্য গগৈয়ে ৰচনা আৰু সুৰাৰোপ কৰা "ৰহেদৈ ৰচকী” শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে দীক্ষু আৰু চয়নিকাই।


লক্ষ্মী নাৰায়ণ ফিল্মছৰ বেনাৰত অশোক কুমাৰ বিষয়া আৰু হেপীমণি বিষয়াই প্রযোজনা কৰা "যৌৱনে আমনি কৰে-২” অহা ১০ অক্টোবৰত অসমৰ সকলো চিত্ৰগৃহত মুক্তিলাভ কৰিব।


ছবিখনৰ পৰিচালক অশোক কুমাৰ বিষয়া আৰু সহযোগী পৰিচালক বৰষাৰাণী বিষয়া।চিত্রনাট্য আৰু সংলাপ প্ৰণৱ কুমাৰ বৰুৱা আৰু বৰষাৰাণী বিষয়াৰ।ছবিখনৰ কাৰ্যবাহী প্রযোজক ভাস্কৰ বৰুৱা। ১৯৯৮ চনত মুক্তিলাভ কৰা "যৌৱনে আমনি কৰে” আছিল অসমৰ সর্বকালৰ ব্যৱসায় সফল ছবি ।সেইখন ছবিৰ মুক্তিৰ ২৭ বছৰ পিছত পুনৰ পৰিচালক অশোক কুমাৰ বিষয়াই সাজু কৰি তুলিছে "যৌৱনে আমনি কৰে”ৰ ছিকুৱেল।


পূৰ্বৰ ছবিখনত অভিনয় কৰা প্রাঞ্জল শইকীয়া, নিকুমণি বৰুৱা, বৰষাৰাণী বিষয়া, বৰ্ণালী পূজাৰী, ইনু বৰুৱা, অংকুৰ বিষয়া, নিলয় গুপ্ত, নীৰেন শৰ্মা, অসীম বৈশ্য, উদয় শংকৰ আদিৰ লগতে নতুনকৈ অৱতোষ ভূঞা, পুণ্যদা হাজৰিকা, ভাৰ্গৰ গগৈ, পূজা ডেকা, সুদীপ্ত গোস্বামী, প্রত্যুষ প্লাবন, নীলিম কাঞ্চন চেতিয়া, ইভান শইকীয়া, ৰকিবুল আহমেদ, ৰিয়া বৰা, মিমাংশী বৰুৱা আদিকো দেখা যাব ছিকুৱেলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ