--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালি অসম বহু বিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫ সম্পর্কত হোৱা বিতৰ্কৰ উত্তৰ দি অসম বিধানসভাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

ডিজিটেল ডেস্ক : 'মই প্রতিশ্রুতি দিছোঁ যে যদি মই ২০২৬ চনত মুখ্যমন্ত্রী হৈ উভতি আহোঁ তেনেহ'লে বিধানসভাৰ প্ৰথমখন অধিবেশনতে উমৈহতীয়াভাৱে নাগৰিক সংহিতা (ইউ চি চি) আনিম। বিৰোধীয়ে পাৰে যদি আমাক নির্বাচনত ৰখাওক। কিন্তু যদি উভতি আহোঁ আৰু মই মুখ্যমন্ত্রী হওঁ তেনেহ'লে অসমত ইউ চি চি আনিমেই। সেইটো খাটাং কথা।' কালি অসম বহু বিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫ সম্পর্কত হোৱা বিতৰ্কৰ উত্তৰ দি অসম বিধানসভাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 


Arranged Marriages in India | Anthroholic


তেওঁ লগতে কয় যে এতিয়াৰ পৰা বিৰোধীৰ, বিশেষকৈ অখিল গগৈৰ দায়িত্ব বাঢ়িল বিধানসভাৰ নিৰ্বাচনত বিজেপি আৰু মুখ্যমন্ত্রীজনক প্ৰতিৰোধ কৰাত। কাৰণ বিজেপিৰ নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি বাল্য বিবাহ, বহু বিবাহ বন্ধ হ'ল। গতিকে, অহাবাৰ বিজেপি শাসনলৈ আহিলে লাভজেহাদ, 'নিকা হালালা' আদি বন্ধ কৰাৰ লগতে মহিলাৰ বিবাহৰ বয়স ন্যূনতম ১৮ বছৰৰ পৰিৱৰ্তে ২১ বছৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীজনে বিধানসভাত ঘোষণা কৰে। 

Assam government tables anti-polygamy Bill, proposes up to 10-year jail for  second marriage - The Hindu

উল্লেখযোগ্য যে কালি সদনত অসম বহু বিবাহ প্রতিৰোধী আইন ২০২৫খন সর্বসম্মতিক্রমে গৃহীত হয় আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ পাছতেই অসমত এইখন আইনত পৰিণত হ'ব। মুখ্যমন্ত্রীজনে কয় যে ভাৰতৰ সংবিধানে ৬ষ্ঠ অনুসূচিত এলেকাৰ স্বায়ত্তশাসিত পৰিষদ আৰু বি টি চিক বিধান পৰিষদীয় ক্ষমতা প্রদান কৰাৰ পৰিপ্ৰেক্ষিতত এই এলেকাসমূহত বহু বিবাহ প্রতিৰোধী আইনখন প্রণয়ন কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ নাই। সেয়েহে, তেওঁ বি টি চি প্রশাসনৰ লগতে কাৰ্বি আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক নিজাকৈ এনে আইন প্রণয়ন কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়।



কালি বিধানসভাত মুখ্যমন্ত্রীজনে ৰাজ্যৰ মুছলমান সমাজক ধন্যবাদ কয় যে বহু বিবাহ প্রতিৰোধী আইনখন প্রস্তুত কৰাৰ বাবে ২০২৩ চনৰ ১২ মে'ত ন্যায়াধীশ কর্মী ফুকনৰ নেতৃত্বত আৰু নেকিবুৰ জামান, মহাধিবক্তা দেৱজিত শইকীয়াকে ধৰি কেইবাজনো সদস্যৰে যিখন সমিতি গঠন কৰি দিছিল সেই সমিতিৰ আগত বহু বিবাহৰ সমর্থনত মাত্র দুখন আবেদন পৰিছিল আৰু বাকী সকলো আৱেদন আছিল বহু বিবাহৰ বিপক্ষে। 


উল্লেখযোগ্য যে এই সমিতিখনে মুছলিম সমাজৰ বহু বিবাহৰ ক্ষেত্ৰত ৰাজহুৱা শুনানি গ্রহণ কৰিছিল। উল্লেখযোগ্য যে কালি বিধানসভাত বহুকেইজন বিৰোধী পক্ষৰ সদস্যই হিন্দু, খ্রীষ্টান আদি ধৰ্মতো বিহু বিবাহৰ প্ৰচলন থকাৰ পাছতো মুখ্যমন্ত্রীজনে কেবল অসমৰ মুছলমান সমাজক টার্গেট কৰিয়েই এই আইনখন আনিছে বুলি অভিযোগ কৰে। 


ইয়াৰ উত্তৰত ড° হিমন্ত বিশ্ব শর্মাই কয় যে হিন্দু ধর্মতো বহু বিবাহ বিক্ষিপ্ত ৰূপত আছে যদিও এই আইনখনে সকলো ধর্মতে বহু বিবাহ বন্ধ কৰিব। সামগ্রিকভাৱে মুখ্যমন্ত্রীজনে নিপীড়িত, নির্যাতিত মহিলাসকলৰ বাবে বহু বিবাহ প্ৰতিৰোধী আইনখন এক শ্রদ্ধাঞ্জলি বুলি তেওঁৰ ভাষণত মন্তব্য কৰে। ইফালে, আইনখনত বহু বিবাহত জড়িত পুৰুষ-মহিলাৰ লগতে তেওঁলোকৰ অভিভাৱককো কঠোৰ শাস্তি বিহাৰ যি ব্যৱস্থা আছে তাৰ প্ৰতিবাদ কৰি অধিকাংশ বিৰোধী বিধায়কেই এই আইনখনৰ জৰিয়তে আৰক্ষীক অধিক ক্ষমতা প্রদান কৰা হৈছে বুলি অভিযোগ কৰি কয় যে আৰক্ষীয়ে এই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ পূৰ্ণ আশংকা আছে। 


ইয়াৰ উত্তৰ দি মুখ্যমন্ত্রীজনে কয় যে যিসকল অভিভাৱক তেওঁলোকৰ সন্তানৰ বহু বিবাহৰ ষড়যন্ত্ৰত জড়িত থাকে তেনে অভিভাৱকৰ বিৰুদ্ধেহে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব আৰু বহু বিবাহৰ গোচৰত আৰক্ষীৰ পৰিৱৰ্তে ক্ষমতা থাকিব নিম্ন আদালতসমূহৰহে। এই বিতৰ্কত অংশগ্রহণ কৰি মুখ্যমন্ত্রীজনে আন এক তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে অসমৰ মুছলমানসকলৰ ওপৰত অসমৰ পৱিত্ৰ মাটিৰ ইমানেই বেছি প্রভাব আছে যে পশ্চিম বংগত কৰিব নোৱাৰা বহু কাম অসমত কৰিব পৰা যায়। কালি বিধানসভাত অসম বহু বিবাহ প্ৰতিৰোধী বিল ২০২৫ সম্পর্কীয় দীর্ঘ বিতর্কত আব্দুল ৰছিদ মণ্ডল, সুমন হৰিপ্রিয়া, আমিনুল ইছলাম, আশ্রাফুল হুছেইন, নীহাৰ ৰঞ্জন দাস, জাকিৰ হুছেইন শিকদাৰ, মনোৰঞ্জন তালুকদাৰ, অখিল গগৈকে ধৰি কেইবাজনো সদস্যই অংশগ্ৰহণ কৰে। 


অখিল গগৈয়ে এই আইনখন সমৰ্থন কৰি কয় যে বহু বিবাহ সভ্য সমাজৰ বাবে এক অভিশাপ আৰু চেতনা থকা কোনো ব্যক্তিয়ে বহু বিবাহ সমর্থন কৰিব নোৱাৰে। বহু বিবাহ প্ৰতিৰোধী আইনখনৰ মতে, এজন ব্যক্তিয়ে জীৱিত পত্নী থকা অৱস্থাত আইন মতে পত্নীৰ পৰা পৃথক নোহোৱালৈকে আৰু সম্পূর্ণ বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে আন বিহু বিবাহ কৰিব নোৱাৰিব। যদিহে কোনো লোকে এই আইন ভংগ কৰে তেনেহ'লে তেনে লোকে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে জৰিমনাৰ সন্মুখীন হ'ব লাগিব। আনহাতে, কাৰাবাস খাটি আহিও কোনো লোকে যদি পুনৰ বহু বিবাহত লিপ্ত হয় তেনেহ'লে তেনে ব্যক্তিৰ শাস্তি দুগুণ হ'ব। 


আনহাতে, অবৈধভাবে বহু বিবাহৰ তথ্য লুকুৱাই ৰখা গাঁওবুঢ়া, গাঁৱৰ মুৰব্বী, কাজি আৰু বিবাহত জড়িত থকা পুৰুষ-মহিলাৰ অভিভাৱকে ২ বছৰ জে'ল আৰু জৰিমনাৰ সন্মুখীন হ'ব লাগিব। কোনো পুৰোহিত বা কাজিয়ে যদি জানি-বুজি বহু বিবাহ সম্পন্ন কৰে তেনেহ'লে তেনে পুৰোহিত বা কাজিও এই আইনৰ অধীনত শাস্তিৰ সন্মুখীন হ'ব। এনে ধৰণে বহু কঠোৰ ব্যৱস্থাৰে বহু বিবাহ অসমত প্ৰতিৰোধ কৰা হ'ব এই আইনৰ জৰিয়তে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?