--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিয়াৰ ভোজ খোৱাৰ পিছতে ৮০ জনতকৈও অধিক লোক একেলগে অসুস্থ হৈ পৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসকে এই ঘটনাক 'সমূহীয়া খাদ্য বিষক্ৰিয়া' বুলি সন্দেহ কৰিছে।

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছিহোৰ জিলাৰ এখন গাঁৱত এক বিবাহ অনুষ্ঠানৰ আনন্দ হঠাতে বিষাদলৈ পৰিৱৰ্তিত হয়।



জানিব পৰা মতে, বিয়াৰ ভোজ খোৱাৰ পিছতে ৮০ জনতকৈও অধিক লোক একেলগে অসুস্থ হৈ পৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসকে এই ঘটনাক 'সমূহীয়া খাদ্য বিষক্ৰিয়া' বুলি সন্দেহ কৰিছে।



জিলাখনৰ বাবদিয়া নোৱাবাদ গাঁৱত বুধবাৰে নিশা এখন বিয়াৰ অভ্যৰ্থনা আয়োজন কৰা হৈছিল। ভোজ খোৱাৰ কিছু সময় পিছৰে পৰা অতিথিৰ মাজত বমি, পেটৰ বিষ আৰু ডায়েৰিয়াৰ দৰে লক্ষণ দেখা দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰথমতে কেইজনমান লোকে অস্বস্তি অনুভৱ কৰিছিল যদিও অতি কম সময়ৰ ভিতৰতে অসুস্থ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে।


চিকিৎসালয়ত হাহাকাৰ


পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰে যে নিশাৰ ভিতৰতে ইছাৱৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ ৰোগীৰে ভৰি পৰে। হাস্পতালখনত অতিৰিক্ত চিকিৎসক আৰু নাৰ্ছৰ দল নিয়োগ কৰিবলগীয়া হয়। আনকি ৰোগীৰ সংখ্যা অধিক হোৱাৰ বাবে বহুতক কৰিডৰ আৰু ষ্ট্ৰেচাৰতে চিকিৎসা আগবঢ়োৱা হয়।


ছিহোৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ সুধীৰ দেহৰিয়াই সংবাদ মাধ্যমক জনাই যে,"৮০ গৰাকী ৰোগীক হাস্পতালত ভৰ্তি কৰা হৈছে। তেওঁলোকৰ সকলোৰে বমি আৰু পেটৰ অসুখৰ লক্ষণ আছিল। বৰ্তমান কাৰো অৱস্থা অতি সংকটজনক নহয় আৰু অধিকাংশকে বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত ডিচচাৰ্জ কৰা হ’ব।"


গাঁওবাসীৰ অভিযোগ অনুসৰি, বিয়াত পৰিৱেশন কৰা মিঠাই, বিশেষকৈ গোলাপ জামুন খোৱাৰ পিছতেই লোকসকল অসুস্থ হৈ পৰে। সন্দেহ কৰা হৈছে যে মিঠাই প্ৰস্তুত কৰোঁতে নিম্ন মানদণ্ডৰ বাবে ম্যাদ উকলি যোৱা মাৱা ব্যৱহাৰ কৰা হৈছিল।


ঘটনাৰ খবৰ পোৱাৰ পিছতে স্বাস্থ্য বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। বিভাগীয় কৰ্তৃপক্ষই বিয়াত ব্যৱহৃত খাদ্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে খাদ্যত বিষক্ৰিয়া হোৱাৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ