--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিয়াৰ ভোজ খোৱাৰ পিছতে ৮০ জনতকৈও অধিক লোক একেলগে অসুস্থ হৈ পৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসকে এই ঘটনাক 'সমূহীয়া খাদ্য বিষক্ৰিয়া' বুলি সন্দেহ কৰিছে।

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছিহোৰ জিলাৰ এখন গাঁৱত এক বিবাহ অনুষ্ঠানৰ আনন্দ হঠাতে বিষাদলৈ পৰিৱৰ্তিত হয়।



জানিব পৰা মতে, বিয়াৰ ভোজ খোৱাৰ পিছতে ৮০ জনতকৈও অধিক লোক একেলগে অসুস্থ হৈ পৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসকে এই ঘটনাক 'সমূহীয়া খাদ্য বিষক্ৰিয়া' বুলি সন্দেহ কৰিছে।



জিলাখনৰ বাবদিয়া নোৱাবাদ গাঁৱত বুধবাৰে নিশা এখন বিয়াৰ অভ্যৰ্থনা আয়োজন কৰা হৈছিল। ভোজ খোৱাৰ কিছু সময় পিছৰে পৰা অতিথিৰ মাজত বমি, পেটৰ বিষ আৰু ডায়েৰিয়াৰ দৰে লক্ষণ দেখা দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰথমতে কেইজনমান লোকে অস্বস্তি অনুভৱ কৰিছিল যদিও অতি কম সময়ৰ ভিতৰতে অসুস্থ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে।


চিকিৎসালয়ত হাহাকাৰ


পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰে যে নিশাৰ ভিতৰতে ইছাৱৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ ৰোগীৰে ভৰি পৰে। হাস্পতালখনত অতিৰিক্ত চিকিৎসক আৰু নাৰ্ছৰ দল নিয়োগ কৰিবলগীয়া হয়। আনকি ৰোগীৰ সংখ্যা অধিক হোৱাৰ বাবে বহুতক কৰিডৰ আৰু ষ্ট্ৰেচাৰতে চিকিৎসা আগবঢ়োৱা হয়।


ছিহোৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ সুধীৰ দেহৰিয়াই সংবাদ মাধ্যমক জনাই যে,"৮০ গৰাকী ৰোগীক হাস্পতালত ভৰ্তি কৰা হৈছে। তেওঁলোকৰ সকলোৰে বমি আৰু পেটৰ অসুখৰ লক্ষণ আছিল। বৰ্তমান কাৰো অৱস্থা অতি সংকটজনক নহয় আৰু অধিকাংশকে বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত ডিচচাৰ্জ কৰা হ’ব।"


গাঁওবাসীৰ অভিযোগ অনুসৰি, বিয়াত পৰিৱেশন কৰা মিঠাই, বিশেষকৈ গোলাপ জামুন খোৱাৰ পিছতেই লোকসকল অসুস্থ হৈ পৰে। সন্দেহ কৰা হৈছে যে মিঠাই প্ৰস্তুত কৰোঁতে নিম্ন মানদণ্ডৰ বাবে ম্যাদ উকলি যোৱা মাৱা ব্যৱহাৰ কৰা হৈছিল।


ঘটনাৰ খবৰ পোৱাৰ পিছতে স্বাস্থ্য বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। বিভাগীয় কৰ্তৃপক্ষই বিয়াত ব্যৱহৃত খাদ্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে খাদ্যত বিষক্ৰিয়া হোৱাৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু