--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রী শ্বেহবাজৰ কাৰ্যালয়ে প্রকাশ কৰা মতে, আছিম মুনিৰে এতিয়াৰ পৰা চীফ অব দ্য আর্মি ষ্টাফ (চি অ'এ এছ) আৰু চীফ অব ডিফেন্স ফর্চেছ (চি ডি এফ) দুয়োটা পদতে কাৰ্যনিৰ্বাহ কৰিব।

ডিজিটেল ডেস্ক : পাকিস্তানৰ সামৰিক বাহিনীৰ ইতিহাসত নতুন অধ্যায়ৰ সৃষ্টি কৰি শ্বেহবাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰখনে ফিল্ড মাৰ্শ্বাল আছিম মুনিৰক দেশখনৰ প্ৰথমজন 'চীফ অব্ ডিফেন্স ফর্চেছ (চি ডি এফ)' হিচাপে আনুষ্ঠানিকভাৱে শুকুৰবাৰে নিযুক্তি দিয়ে। পাৰমাণৱিক শক্তিধৰ দেশখনত এইটো হৈছে নতুনকৈ সৃষ্টি কৰা ক্ষমতাশালী সামৰিক পদ। পাঁচ বছৰৰ বাবে পাকিস্তানৰ তিনিওটা সামৰিক সেৱাৰ মুৰব্বী হ'ব এই আছিম মুনিৰ। 


প্রধানমন্ত্রী শ্বেহবাজৰ কাৰ্যালয়ে প্রকাশ কৰা মতে, আছিম মুনিৰে এতিয়াৰ পৰা চীফ অব দ্য আর্মি ষ্টাফ (চি অ'এ এছ) আৰু চীফ অব ডিফেন্স ফর্চেছ (চি ডি এফ) দুয়োটা পদতে কাৰ্যনিৰ্বাহ কৰিব। আনহাতে, পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্ডাৰীয়েও এই বিষয়ত অনুমোদন দিয়ে। লক্ষণীয় বিষয়টো হ'ল, চি ডি এফ পদটোত কাৰ্যনিৰ্বাহ কৰা ব্যক্তিজন কেৱল তিনিওটা বাহিনীৰ (সেনা, বায়ুসেনা, নৌ সেনা) দায়িত্বত থকাই নহয়, তেওঁ ৰাষ্ট্ৰীয় কৌশলগত বিষয়ৰো কমাণ্ডোত থাকিব। 


এই ৰাষ্ট্ৰীয় কৌশলগত বিষয়ৰ ভিতৰত দেশখনৰ পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্র পদ্ধতিও আছে। সেইবাবে আছিম মুনিৰে এতিয়াৰ পৰা পাকিস্তানৰ পাৰমাণৱিক বুটাম নিয়ন্ত্ৰণ কৰাৰ বাবে সক্ষমতা অৰ্জন কৰিলে। আনহাতে, আইনগতভাৱে বিতর্কিত আছিম মুনিৰ এতিয়া দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সম-পৰ্যায়ৰ ক্ষমতাশালী পদত অধিষ্ঠিত হ'ল। উল্লেখযোগ্য যে পাকিস্তানৰ সংবিধান সংশোধন কৰি আছিম মুনিৰক এই ক্ষমতা প্রদান কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ