--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাকিস্তান তেহৰিক-ই-ইনছাফে (পি টি আই) ইমৰান খানৰ ভগ্নীৰ উদ্ধৃতিৰে এটা বিবৃতিত কয় যে ৰাৱালপিণ্ডিৰ আদিৱালা জেলত ইমৰান খানৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছে।

ডিজিটেল ডেস্ক: পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ হত্যাৰ বাতৰিক লৈ সমগ্র দেশখনত উত্তেজনা চলি থকাৰ মাজতে মঙলবাৰে তেওঁক বন্দী কৰি ৰখা জেললৈ যাবৰ বাবে অনুমতি দিয়া হয় ইমৰান খানৰ ভগ্নী ড° উজমা খাতুনক। ৰাৱালপিণ্ডিৰ আদিয়ালা জেলত জ্যেষ্ঠ ভাতৃ ইমৰানৰ সৈতে ২০ মিনিট জোৰা সাক্ষাতৰ পাছত উজমা খাতুনে মঙলবাৰে বিয়লি কয় যে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খান জীৱিত অৱস্থাত আছে, কিন্তু তেওঁক ব্যাপক হাৰত মানসিক নির্যাতন চলোৱা হৈছে।


পাকিস্তান তেহৰিক-ই-ইনছাফে (পি টি আই) ইমৰান খানৰ ভগ্নীৰ উদ্ধৃতিৰে এটা বিবৃতিত কয় যে ৰাৱালপিণ্ডিৰ আদিৱালা জেলত ইমৰান খানৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছে। পি টি আয়ে কয় যে দেশখনৰ সামৰিক প্রশাসনে প্রাক্তন প্রধানমন্ত্রীজনক হত্যাৰ পৰিকল্পনা কৰিছে। আছিম মুনিৰৰ সামৰিক বাহিনীয়ে তেওঁক এটা অকলশৰীয়া অন্ধকাৰ কোঠাত পর্যাপ্ত খাদ্য, বিজুলিৰ পোহৰ, ঔষধ নোহোৱাকৈ বন্দী কৰি থৈছে।


মৌলিক সুবিধাৰ পৰাও তেওঁক বঞ্চিত কৰা হৈছে বুলি পি টি আয়ে বিবৃতিটোত প্রকাশ কৰে। আনহাতে, জ্যেষ্ঠ ভাতৃক সাক্ষাত কৰাৰ পাছত ভগ্নী ড° খাতুনে সাংবাদিকক কয় যে ইমৰান খান ঠিকে আছে, কিন্তু তেওঁক অমানুষিক মানসিক নির্যাতন চলোৱা হৈছে। সকলো সময়তে তেওঁক কাৰাগাৰৰ কুঠৰীত বন্দী কৰি ৰখা হয় আৰু কাৰো সৈতে যোগাযোগ কৰিবলৈ দিয়া নহয়।


খাতুনে অভিযোগ কৰে যে পাকিস্তানত এতিয়া সবাতোকৈ শক্তিশালী হৈ পৰা জেনেৰেল আছিম মুনিৰে এতিয়া সমগ্র দেশখনত সামৰিক আৰু সংবিধানৰ দায়িত্ব লৈছে। দেশখনত অধিক ক্ষমতাশালী হ'বলৈ আছিম মুনিবে ইমৰান খানক অধিক মানসিক নির্যাতন চলাই আছে বুলি ভগ্নী উজুমা খাতুনে অভিযোগ কৰে। ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত ইমৰান খানৰ নেতৃত্বাধীন দল, পি টি আইৰ সমর্থকে প্রতিবাদ সাব্যস্ত কৰাৰ পাছতেই কাৰাবন্দী নেতাজনক সাক্ষাতৰ অনুমতি দিয়ে চৰকাৰী কৰ্তৃপক্ষই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু