--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাকিস্তান তেহৰিক-ই-ইনছাফে (পি টি আই) ইমৰান খানৰ ভগ্নীৰ উদ্ধৃতিৰে এটা বিবৃতিত কয় যে ৰাৱালপিণ্ডিৰ আদিৱালা জেলত ইমৰান খানৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছে।

ডিজিটেল ডেস্ক: পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ হত্যাৰ বাতৰিক লৈ সমগ্র দেশখনত উত্তেজনা চলি থকাৰ মাজতে মঙলবাৰে তেওঁক বন্দী কৰি ৰখা জেললৈ যাবৰ বাবে অনুমতি দিয়া হয় ইমৰান খানৰ ভগ্নী ড° উজমা খাতুনক। ৰাৱালপিণ্ডিৰ আদিয়ালা জেলত জ্যেষ্ঠ ভাতৃ ইমৰানৰ সৈতে ২০ মিনিট জোৰা সাক্ষাতৰ পাছত উজমা খাতুনে মঙলবাৰে বিয়লি কয় যে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খান জীৱিত অৱস্থাত আছে, কিন্তু তেওঁক ব্যাপক হাৰত মানসিক নির্যাতন চলোৱা হৈছে।


পাকিস্তান তেহৰিক-ই-ইনছাফে (পি টি আই) ইমৰান খানৰ ভগ্নীৰ উদ্ধৃতিৰে এটা বিবৃতিত কয় যে ৰাৱালপিণ্ডিৰ আদিৱালা জেলত ইমৰান খানৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছে। পি টি আয়ে কয় যে দেশখনৰ সামৰিক প্রশাসনে প্রাক্তন প্রধানমন্ত্রীজনক হত্যাৰ পৰিকল্পনা কৰিছে। আছিম মুনিৰৰ সামৰিক বাহিনীয়ে তেওঁক এটা অকলশৰীয়া অন্ধকাৰ কোঠাত পর্যাপ্ত খাদ্য, বিজুলিৰ পোহৰ, ঔষধ নোহোৱাকৈ বন্দী কৰি থৈছে।


মৌলিক সুবিধাৰ পৰাও তেওঁক বঞ্চিত কৰা হৈছে বুলি পি টি আয়ে বিবৃতিটোত প্রকাশ কৰে। আনহাতে, জ্যেষ্ঠ ভাতৃক সাক্ষাত কৰাৰ পাছত ভগ্নী ড° খাতুনে সাংবাদিকক কয় যে ইমৰান খান ঠিকে আছে, কিন্তু তেওঁক অমানুষিক মানসিক নির্যাতন চলোৱা হৈছে। সকলো সময়তে তেওঁক কাৰাগাৰৰ কুঠৰীত বন্দী কৰি ৰখা হয় আৰু কাৰো সৈতে যোগাযোগ কৰিবলৈ দিয়া নহয়।


খাতুনে অভিযোগ কৰে যে পাকিস্তানত এতিয়া সবাতোকৈ শক্তিশালী হৈ পৰা জেনেৰেল আছিম মুনিৰে এতিয়া সমগ্র দেশখনত সামৰিক আৰু সংবিধানৰ দায়িত্ব লৈছে। দেশখনত অধিক ক্ষমতাশালী হ'বলৈ আছিম মুনিবে ইমৰান খানক অধিক মানসিক নির্যাতন চলাই আছে বুলি ভগ্নী উজুমা খাতুনে অভিযোগ কৰে। ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত ইমৰান খানৰ নেতৃত্বাধীন দল, পি টি আইৰ সমর্থকে প্রতিবাদ সাব্যস্ত কৰাৰ পাছতেই কাৰাবন্দী নেতাজনক সাক্ষাতৰ অনুমতি দিয়ে চৰকাৰী কৰ্তৃপক্ষই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ