--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেৱল অনলাইন গেমৰ নিচাই নহয়, বৰঞ্চ ঘৰুৱা কন্দল আৰু আৰ্থিক অনটনেও এই শোকাৱহ পৰিণতিৰ দিশে ঠেলি দিছিল কিশোৰীকেইগৰাকীক।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটা বিলাসী ফ্লেটৰ ৯ মহলাৰ পৰা জপিয়াই তিনিগৰাকী কিশোৰী ভগ্নীয়ে কৰা আত্মহত্যাৰ ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে। 


আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে এই ঘটনাৰ আঁৰত থকা কেবাটাও জটিল আৰু ৰহস্যজনক কাৰণ উন্মোচিত হৈছে। কেৱল অনলাইন গেমৰ নিচাই নহয়, বৰঞ্চ ঘৰুৱা কন্দল আৰু আৰ্থিক অনটনেও এই শোকাৱহ পৰিণতিৰ দিশে ঠেলি দিছিল কিশোৰীকেইগৰাকীক।


অনলাইন আসক্তি আৰু কোৰিয়ান সংস্কৃতিৰ প্ৰভাৱ


তদন্তত পোহৰলৈ আহিছে যে নিংশিকা (১৬), প্ৰাচী (১৪) আৰু পাখি (১২) নামৰ তিনিগৰাকী ভগ্নী অনলাইন কোৰিয়ান গেম আৰু কোৰিয়ান ড্ৰামাৰ (K-Drama) প্ৰতি সাংঘাটিক ধৰণে আসক্ত আছিল। তেওঁলোকৰ এটা ব্যক্তিগত ডায়েৰীত লিখা আছিল— "কোৰিয়ান সংস্কৃতি আমাৰ বাবে সকলো ।" কিশোৰীকেইগৰাকীয়ে দক্ষিণ কোৰিয়ালৈ যাবলৈ জেদ ধৰিছিল, যাৰ বাবে ঘৰত প্ৰায়ে অশান্তিৰ সৃষ্টি হৈছিল।



ঘটনাৰ প্ৰায় ১০ দিন পূৰ্বে তেওঁলোকৰ পিতৃ চেতন কুমাৰে অতিমাত্ৰা আসক্তি দেখি তিনিওৰে ম'বাইল কাঢ়ি লৈছিল আৰু ছচিয়েল মিডিয়া একাউণ্টসমূহ ডিলিট কৰি দিছিল। এই ঘটনাই কিশোৰীকেইগৰাকীক মানসিকভাৱে ভাঙি পেলাইছিল। ডায়েৰীত তেওঁলোকে লিখিছিল যে মৰম নোহোৱা জীৱনটো জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয়।



আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চেতন কুমাৰৰ দুগৰাকী পত্নী। আচৰিত কথাটো হ’ল, তেওঁৰ দুই পত্নী আছিল সৰু-বৰ দুই ভগ্নী। প্ৰথম পত্নীৰ সন্তান নোহোৱাৰ বাবে তেওঁৰ সন্মতি মৰ্মেই চেতনে নিজৰ খুলশালীয়েকক দ্বিতীয় বিবাহ কৰাইছিল। বৰ্তমান এই দুই পত্নীৰ সৈতে তেওঁৰ পাঁচটা সন্তান আছিল। পৰিয়ালটোৰ এই অস্বাভাৱিক গাঁথনিয়েও কিশোৰীসকলৰ মনত নেতিবাচক প্ৰভাৱ পেলাইছিল নেকি, সেই দিশটো আৰক্ষীয়ে খতিয়ান চাইছে।



আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল পৰিয়ালটোৰ শোচনীয় আৰ্থিক অৱস্থা। চেতন কুমাৰে শ্বেয়াৰ বজাৰত প্ৰায় ২ কোটি টকা লোকচান ভৰিছিল। অৱস্থা ইমানেই বেয়া হৈছিল যে ঘৰৰ বিজুলী বিল পৰিশোধ কৰিবলৈ তেওঁ নিজৰ ম'বাইল ফোনটো পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল। আৰ্থিক নাটনিৰ বাবে কিশোৰীকেইগৰাকীয়ে যোৱা দুবছৰ ধৰি বিদ্যালয়লৈ যাব পৰা নাছিল, যিয়ে তেওঁলোকক সামাজিকভাৱে সংকুচিত কৰি তুলিছিল।



আত্মহত্যাৰ অন্তিম পত্ৰ


মৃত্যুৰ পূৰ্বে কিশোৰীকেইগৰাকীয়ে লিখি থৈ যোৱা টোকাত তেওঁলোকৰ চৰম হতাশা প্ৰকাশ পাইছে। তেওঁলোকে লিখিছে— "পাপা, আমাক ক্ষমা কৰিব। আপোনাৰ হাতৰ মাৰ খোৱাতকৈ আমাৰ বাবে মৃত্যুৱেই ভাল।"



গাজিয়াবাদ আৰক্ষীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষা আৰু উদ্ধাৰ হোৱা ডায়েৰীৰ তথ্যৰ ভিত্তিত তদন্ত চলাই থকা হৈছে। বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য আৰু ডিজিটেল আসক্তিৰ ভয়াৱহতা এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ