ডিজিটেল ডেস্কঃ নিশা নাজিৰা সমজিলা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি নামতি চাৰি আলিত তিনিটা ড্ৰাগ্চ সৰৱৰাহকাৰী সহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে ৷
নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাইৰ সবল নেতৃত্বত নাজিৰা আৰু নামতি আৰক্ষীৰ সহযোগত আমগুৰি দিশৰ পৰা আহি থকা এখন "টয়টা গ্লেঞ্জা" বাহন নামতি চাৰি আলিত তালাচী চলোৱাত ধৰা পৰে বৃহৎ পৰিমাণৰ হেৰ'ইন সহ তিনিটা ড্ৰাগ্চ সৰৱৰাহকাৰী । জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS 03 AK 2942 । 'টয়টা গ্লেঞ্জা' বাহনখনৰ গোপন স্থানত লুকুৱাই আনিছিল ১৯টা কন্টেনাৰত হেৰ'ইনখিনি ৷
বাহন খনত সন্দেহজনক হেৰ'ইন কঢ়িয়াই অনা তিনিজন যুৱক ক্ৰমে, সন্দীপ সিং, ৰবিন্দ্ৰ সিং আৰু অমৃত কৰ্মকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে l আৰক্ষীয়ে যুৱক কেইজনৰ পৰা নগদ ধন আৰু তিনিটাকৈ মোবাইল জব্দ কৰে । ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত নামতি আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে ।