--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই বিশাল শোভাযাত্রাত গোর্খা ডেকাসকলে খুকুৰি, মিচিং ডেকাসকলে অক্সা, বড়োসকলে দাও আৰু আদিবাসী ডেকাসকলে হাতত ধনুকাঁড় লৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্রহণ কৰে।

ডিজিটেল ডেস্ক : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত এক অভিনৱ কাৰ্যসূচীৰে উদযাপন কৰা হয় লাচিত দিৱস। এই উদ্দেশ্যে পুৱাই 'জয় আই অসম, আছে হেংদান লোৱা নাই, ল'লে হেংদান ৰক্ষা নাই' ধ্বনিৰে জামুগুৰিহাটৰ আকাশ-বতাহ কঁপাই তোলে নদুৱাৰ সমষ্টিৰ এহেজাৰ তিনিশ পাহোৱাল অসমীয়া ডেকাই।


প্রথমে চতিয়াৰ ভূমিধৰ বৰদলৈ ষ্টেডিয়ামত আয়োজিত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে অঞ্চলটোৰ কেইবাগৰাকীও বর্ষীয়ান নাগৰিকৰ হাতেৰে হেংদাংসমূহ পাহোৱাল ডেকাসকলৰ মাজত বিতৰণ কৰা হয়। ইয়াৰ পাছতে ষ্টেডিয়ামখনৰ পৰা এক বিশাল সু-সজ্জিত প্রতীকী নাও আৰু দুশখন ট্ৰেক্টৰত উঠি তেৰশ যুৱকে হাতে হাতে হেংদাং লৈ প্রায় ১৫ কিঃমিঃ পথ অতিক্রম কৰি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্থলী পকামূৰা পথাৰত সমৱেত হয়।


এই বিশাল শোভাযাত্রাত গোর্খা ডেকাসকলে খুকুৰি, মিচিং ডেকাসকলে অক্সা, বড়োসকলে দাও আৰু আদিবাসী ডেকাসকলে হাতত ধনুকাঁড় লৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্রহণ কৰে। পকামূৰা পথাৰত উপস্থিত হৈ হাতত হেংদাং লোৱা যুৱকসকলে 'জয় আই অসম' ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰে। এই লাচিত দিৱসৰ কাৰ্যসূচীত শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা, বিজিত গগৈ, পংকজ বৰা আৰু মহিলা ক্রিকেট খেলুৱৈ উমা চেত্রীক অভিনন্দন জ্ঞাপন কৰে কন্যকা পৰিয়ালে।


ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ উদ্যোগত আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সুপুত্ৰ নিৰজ নিশিম হাজৰিকাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসূচীয়ে অসম বুক অব্ ৰেকৰ্ডছত স্থান পোৱা বুলি ঘোষণা কৰে অসম বুক্‌ অব্ ৰেকৰ্ড কর্তৃপক্ষই। উক্ত অনুষ্ঠানতে খেলুৱৈ উমা চেত্ৰীক কন্যকাৰ তৰফৰ পৰা বিধায়ক পদ্ম হাজৰিকাই বিপুল সম্বর্ধনা জ্ঞাপন কৰি নামেৰী চাহ উদ্যোগৰ তৰফৰ পৰা নগদ পাঁচ লাখ টকাৰ চে'ক্‌ উপহাৰ হিচাপে প্রদান কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন