--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই বিশাল শোভাযাত্রাত গোর্খা ডেকাসকলে খুকুৰি, মিচিং ডেকাসকলে অক্সা, বড়োসকলে দাও আৰু আদিবাসী ডেকাসকলে হাতত ধনুকাঁড় লৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্রহণ কৰে।

ডিজিটেল ডেস্ক : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত এক অভিনৱ কাৰ্যসূচীৰে উদযাপন কৰা হয় লাচিত দিৱস। এই উদ্দেশ্যে পুৱাই 'জয় আই অসম, আছে হেংদান লোৱা নাই, ল'লে হেংদান ৰক্ষা নাই' ধ্বনিৰে জামুগুৰিহাটৰ আকাশ-বতাহ কঁপাই তোলে নদুৱাৰ সমষ্টিৰ এহেজাৰ তিনিশ পাহোৱাল অসমীয়া ডেকাই।


প্রথমে চতিয়াৰ ভূমিধৰ বৰদলৈ ষ্টেডিয়ামত আয়োজিত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে অঞ্চলটোৰ কেইবাগৰাকীও বর্ষীয়ান নাগৰিকৰ হাতেৰে হেংদাংসমূহ পাহোৱাল ডেকাসকলৰ মাজত বিতৰণ কৰা হয়। ইয়াৰ পাছতে ষ্টেডিয়ামখনৰ পৰা এক বিশাল সু-সজ্জিত প্রতীকী নাও আৰু দুশখন ট্ৰেক্টৰত উঠি তেৰশ যুৱকে হাতে হাতে হেংদাং লৈ প্রায় ১৫ কিঃমিঃ পথ অতিক্রম কৰি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্থলী পকামূৰা পথাৰত সমৱেত হয়।


এই বিশাল শোভাযাত্রাত গোর্খা ডেকাসকলে খুকুৰি, মিচিং ডেকাসকলে অক্সা, বড়োসকলে দাও আৰু আদিবাসী ডেকাসকলে হাতত ধনুকাঁড় লৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্রহণ কৰে। পকামূৰা পথাৰত উপস্থিত হৈ হাতত হেংদাং লোৱা যুৱকসকলে 'জয় আই অসম' ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰে। এই লাচিত দিৱসৰ কাৰ্যসূচীত শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা, বিজিত গগৈ, পংকজ বৰা আৰু মহিলা ক্রিকেট খেলুৱৈ উমা চেত্রীক অভিনন্দন জ্ঞাপন কৰে কন্যকা পৰিয়ালে।


ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ উদ্যোগত আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সুপুত্ৰ নিৰজ নিশিম হাজৰিকাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসূচীয়ে অসম বুক অব্ ৰেকৰ্ডছত স্থান পোৱা বুলি ঘোষণা কৰে অসম বুক্‌ অব্ ৰেকৰ্ড কর্তৃপক্ষই। উক্ত অনুষ্ঠানতে খেলুৱৈ উমা চেত্ৰীক কন্যকাৰ তৰফৰ পৰা বিধায়ক পদ্ম হাজৰিকাই বিপুল সম্বর্ধনা জ্ঞাপন কৰি নামেৰী চাহ উদ্যোগৰ তৰফৰ পৰা নগদ পাঁচ লাখ টকাৰ চে'ক্‌ উপহাৰ হিচাপে প্রদান কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভুৱা কৃষকে সৰকালে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনিৰ ৫৬৭ কোটি টকা
ছট্টিশগড়ত ৪১ মাওবাদী সদস্যৰ অস্ত্ৰ-সম্বৰণ
দেশৰ বৈচিত্র্যৰ মাজত সংবিধানখনে একতাৰ আদর্শ দেখুৱাই আহিছেঃ মমতা বেনাৰ্জী
শ্বেয়াৰ বজাৰৰ উত্থান, ৬ লাখ কোটি টকা লাভ বিনিয়োগকাৰীৰ
UPI পেমেণ্টত প্ৰাথমিক বেংক একাউণ্ট ব্যৱহাৰে বৃদ্ধি কৰে ডিজিটেল জালিয়াতিৰ আশংকা : গোপাল ভিট্টাল
কাৰাগাৰত ইমৰান খানক 'হত্যা'ৰ বাতৰিক লৈ উত্তাল পাকিস্তান
পানীত তিয়াই থোৱা কিচমিচৰ আছে অনেক চমৎকাৰী গুণ! আপুনি বাৰু এনেকৈ খায়নে?
বাংলাদেশত ভূমিকম্পত ৬জনৰ মৃত্যু; অসম,পশ্চিমবংগকো গ'ল জোকাৰি
হাছিনাক ভাৰতৰ পৰা প্ৰত্যর্পণৰ বাবে সহায় ল'ব ইণ্টাৰপলৰ
দিল্লী বিস্ফোৰণৰ গোচৰত বিস্ফোৰক তথ্য ; আটা প্ৰস্তুত কৰা মেচিনেৰে তৈয়াৰ কৰা হৈছিল বোমা
ভাৰতীয় মহিলাক জিহাদী প্ৰশিক্ষণৰ বাবে জৈছৰ অনলাইন পাঠ্যক্রম, পোহৰলৈ আহিছে পাকিস্তানী সন্ত্রাসবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ
তিতাবৰৰ ভগনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ; এপে'ৰ খুন্দাত মৃত্যু এজন লোকৰ
জলবায়ু পৰিৱৰ্তনে বিপদ মাতিছে অসমলৈ, ২৭৩ দিনৰ ভিতৰত ১১৩ দিনেই সম্মুখীন হৈছে চৰম দুৰ্যোগৰ
হঠাৎ কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল তেজছ যুঁজাৰু বিমান ?