--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি কালি মহানগৰীৰ নমাইলস্থিত 'আনিয়া এডিছন'ত অনুষ্ঠিত ২০২৬ বৰ্ষৰ 'প্রাগ প্ৰেৰণা সন্মান' অনুষ্ঠান

ডিজিটেল ডেস্ক: 'প্রতিগৰাকী মহিলাই আত্মবিশ্বাস আৰু পৰিশ্ৰমৰ মাজেৰে আগবাঢ়ি যাব লাগিব। সমাজ, ৰাষ্ট্ৰ, মানুহৰ প্ৰগতিৰ বাবে মহিলাৰ যোগদান যথেষ্ট গুৰুত্বপূৰ্ণ আৰু অমূল্য। আমাৰ ইতিহাসত অসংখ্য মহিলাই তেওঁলোকৰ জ্ঞানৰ শক্তিৰে সমাজক নতুন দিশৰ সন্ধান দিছে।'- এই মন্তব্য অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ। 


আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি কালি মহানগৰীৰ নমাইলস্থিত 'আনিয়া এডিছন'ত অনুষ্ঠিত ২০২৬ বৰ্ষৰ 'প্রাগ প্ৰেৰণা সন্মান' অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে কয়- 'প্রাগ প্ৰেৰণা সন্মান' অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁ লগতে কয় যে এই সন্মানে সকলো মহিলাক অনুপ্রাণিত কৰিব। প্রতিভাক সন্মান কৰাটো সমাজৰ দায়িত্ব। প্রতিভাই ৰাষ্ট্ৰ নিৰ্মাণত বিশেষভাৱে সহায় আগবঢ়ায়। মনত উদ্যম আৰু বিশ্বাস থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। শিক্ষা, ৰাজনীতি বিজ্ঞান, প্রশাসন, উদ্যমিতা আদি সকলো ক্ষেত্রতে আমাৰ দেশৰ মহিলাই অসম্ভৱকো সম্ভৱ কৰি তুলিছে। সেয়েহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আধুনিক মহিলাসকলক বিকশিত ভাৰতৰ আধাৰশিলা বুলি অভিহিত কৰিছে বুলিও ভাষণ প্রসংগত তেওঁ কয়। 


অনুষ্ঠানত আদৰণী ভাষণ প্রদান কৰি এ এম টেলিভিছনৰ পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে কয়-'আজিৰ মহিলাসকল কোনো কাৰণতে ৰৈ নাথাকে। বিভিন্ন ক্ষেত্ৰত মহিলাসকল দোপতদোপে আগবাঢ়ি গৈছে। আমি অসমৰ চুকে-কোণে সমাজৰ বাবে ভাল কাম কৰি থকা মহিলাসকলক বিচাৰি আনি এই সন্মান প্রদান কৰোঁ। ইতিমধ্যে 'প্রাগ প্ৰেৰণা সন্মান' আগবঢ়োৱা মহিলাসকলৰ মাজৰ পৰা ৯ গৰাকীয়ে পদ্মশ্রী সন্মান লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ কথা।' 


আনহাতে, ২৫ বছৰ পূৰ্বে মাত্র এটা কেমেৰাৰে আৰম্ভ কৰা প্ৰাগ নিউজৰ যাত্ৰাই এতিয়া বৃহৎ পৰিসৰেৰে ৰাইজৰ সেৱা আগবঢ়াই আছে বুলি উল্লেখ কৰি তেওঁ কয়, 'প্রাগ নিউজৰ লগতে প্রাগ পৰিয়ালৰ সদস্য 'দৈনিক জনমভূমি'য়েও এতিয়া এক শক্তিশালী ৰূপত আগবাঢ়ি অসমৰ এখন শীর্ষস্থানীয় কাকত হিচাপে গতি লাভ কৰি বৃহৎ পৰিসৰত আগবাঢ়িছে। আমি এটা এফ এম ৰেডিঅ' ষ্টেছন মুকলি কৰাৰ বাবেও কাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে ৫২খন অসমীয়া ছবি নির্মাণ কৰা হৈছে আৰু ১০০ খন ছবি নিৰ্মাণৰ বাবে সংকল্প লৈছোঁ। আমি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱৰ জীৱনভিত্তিক চিনেমা বনাইছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাক লৈ নিৰ্মাণ কৰা এখন ছবি ছেপ্টেম্বৰত মুক্তি লাভ কৰাৰ কথা।' আজি এগৰাকী নহয়, হাজাৰজনী মা মোৰ লগত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজৰ প্ৰতিগৰাকী মহিলাই যাতে অনুপ্ৰেৰণা লাভ কৰিব পাৰে, সেই উদ্দেশ্য লৈয়েই এই সন্মান দিয়া হৈছে। 


অনুষ্ঠানৰ মাজতে ড° সঞ্জীৱ নাৰায়ণে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বিষয়ত প্রকাশ কৰা বিশেষ গ্ৰন্থখন ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক উপহাৰ দিয়ে। 


উল্লেখযোগ্য যে সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা নাৰীক স্বীকৃতি দিয়াৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি 'প্রাগ নিউজ'ৰ বৰ্ণাঢ্য আয়োজন 'প্রাগ প্ৰেৰণা এৱাৰ্ডছ- ২০২৬' অনুষ্ঠানত স্ব-প্রতিভা, কর্ম আৰু অৱদানেৰে জ্যোতিষ্মান হৈ উঠা ৰাজ্যখনৰ ৯গৰাকী মহীয়সী নাৰীলৈ ২০২৬ বৰ্ষৰ 'প্রাগ প্ৰেৰণা সন্মান' আগবঢ়োৱা হয়। সেই অনুসৰি প্ৰকৃতিৰ পৰা বিলুপ্ত হ'ব খোজা বিভিন্ন প্ৰজাতিৰ শগুন নিজৰ বাৰীত সংৰক্ষণত অনন্য নিদর্শন দাঙি ধৰা লখিমপুৰৰ মহীয়সী নাৰী ফুলেশ্বৰী দত্ত, অসমৰ পৰা গৈ মায়ানগৰী মুম্বাইত প্রতিষ্ঠা লাভ কৰা বিশিষ্ট অভিনেত্রী পৰিণীতা বৰঠাকুৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টি কৰাৰ লগতে বীৰুবালা ৰাভাৰ পদাংক অনুসৰণ কৰি মানুহক ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ দিবলৈ উদ্বুদ্ধ কৰা সমাজহিতৈষী গোৱালপাৰাৰ মামণি শইকীয়া, অসমৰ সংগীত জগতলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট কণ্ঠশিল্পী গুৱাহাটীৰ হাছিনা হাজৰিকা, যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকর্মী ড° চাহনাজ আহমেদ, হাতীবন্ধু খ্যাত নগাঁৱৰ বিশিষ্ট প্রকৃতিপ্রেমী মেঘনা ময়ূৰ হাজৰিকা, পদপথৰ কুকুৰক বুটলি নি নতুন জীৱন প্ৰদান কৰা গোলাঘাটৰ প্ৰাপ্তি ফাউণ্ডেশ্যনৰ গৰ গৰাকী ড° প্রাপ্তি ঠাকুৰ, লোকসংগীতৰ বিশেষজ্ঞ, বিশ্বৰ ভিন্ন প্রান্তত অসমৰ কলা-সংস্কৃতি উজলাই তোলা বিশিষ্ট গৱেষক শ্রেয়া পূজাৰী আৰু অসমৰ বিশিষ্ট শিল্পী পাহাৰী দাসক ২০২৬ বৰ্ষৰ 'প্রাগ প্ৰেৰণা সন্মান' প্রদান কৰা হয়। 


ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, এ এম টেলিভিছনৰ পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণ, এ এম টেলিভিছনৰ সঞ্চালক মেঘালী নাৰায়ণ, প্রাগ নিউজৰ গ্ৰুপ প্রেছিডেন্ট ডাঃ অক্ষতা নাৰায়ণ, প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৰ লগতে বিশিষ্ট ব্যক্তিসকলে তেওঁলোকক এই সন্মান প্রদান কৰে। এই সন্মানত আছে এটা ট্রফী, চেলেং, অসমীয়া সংস্কৃতিৰ পৰিচায়ক এটা বানকাঁহী, অসমীয়া গহনাৰ ছেট আৰু মানপত্র। 


অনুষ্ঠানত এ এম টেলিভিছন আৰু প্ৰাগ নিউজৰ গ্ৰুপ প্রেছিডেন্ট ডাঃ অক্ষতা নাৰায়ণে ধন্যবাদসূচক মন্তব্য আগবঢ়াই কালিৰ সম্পূৰ্ণ অনুষ্ঠানটো আয়োজন কৰাৰ আঁৰত ৯০ শতাংশই মহিলা শক্তি জড়িত থকা বুলি উল্লেখ কৰি গৰ্ব অনুভৱ কৰে। তেওঁ এইবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ থিম 'Give to Gain' বুলি উল্লেখ কৰি কয় 'এই বিষয়বস্তুৱে সমাজলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। যেতিয়া সমাজে নাৰীক সমান সুযোগ, সন্মান, শিক্ষা আৰু সমর্থন দিয়ে তেতিয়া তেওঁলোকৰ প্ৰগতি আৰু নেতৃত্বৰ পৰা সকলো লাভৱান হয়। আনহাতে, মহিলাসকলৰ সবলীকৰণৰ ফলত পৰিয়ালো শক্তিশালী হয়। আনহাতে, আমাৰ প্রতিষ্ঠানে এইটো সদায়ে বিশ্বাস কৰে যে আমি য'ত কাম কৰি আছোঁ তাত অসমৰ লোকসকলক যাতে কিবা দিব পাৰোঁ বুলি উল্লেখ কৰি তেওঁ পিতৃৰ পৰামৰ্শ অনুসৰি সদায়েই সকলো সমাজৰ বাবে বিলাই যাম বুলি মন্তব্য কৰে। 


উল্লেখযোগ্য যে, অসমৰ প্ৰথমটো নিউজ চেনেল প্রাগ নিউজে ২০১৬ বৰ্ষৰ পৰাই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা নাৰীসকলক সন্মান জনাই 'প্রাগ প্ৰেৰণা সন্মান' প্রদান কৰি আহিছে। প্ৰাগ প্ৰেৰণা সন্মান অনুষ্ঠানত ইতিপূর্বে স্বনামধন্য শিল্পী ঊষা মংগেশকাৰ, ঊষা উথুপ, শর্মিলা ঠাকুৰ, সাধনা স্বৰগম, কবিতা কৃষ্ণমূর্তি আৰু অনুৰাধা পড়োৱালক সন্মান জনাইছিল। 


লক্ষণীয়ভাৱে কালিৰ অনুষ্ঠানতে ত্ৰিপুৰাৰ শিল্পীসকলৰ থলুৱা নৃত্য আৰু কণ্ঠশিল্পী মর্মিতা মিত্র, ৰাহিনী কাভেতথেকাৰৰ সংগীতানুষ্ঠানে সকলোকে আপ্লুত কৰে। কালিৰ অনুষ্ঠানটোত দেশ-বিদেশৰ বহুসংখ্যক ব্যক্তিয়ে অংশগ্রহণ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement