--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হোজাই জিলাৰ কেন্দুগুৰিৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত শেহতীয়াকৈ সংঘটিত এক আজৱ কাণ্ডই সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ চৰকাৰে যিমানেই আস্ফালন নকৰক কিয়, এতিয়াও একাংশ বিদ্যালয়ৰ চৰম দায়িত্বহীনতাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলি থকাৰ তথ্য পোহৰলৈ আহিছে।


হোজাই জিলাৰ কেন্দুগুৰিৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত শেহতীয়াকৈ সংঘটিত এক আজৱ কাণ্ডই সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।



প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে আগবেলাৰ ভাগত বিদ্যালয়খনত সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত সময়ত পৰীক্ষা দিবলৈ আহিছিল যদিও তেওঁলোকক জনোৱা হয় যে পৰীক্ষাৰ বাবে কোনো প্ৰশ্নকাকত বিদ্যালয়লৈ অহা নাই। ফলত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ বাৰাণ্ডাতে অনাই-বনাই ঘূৰি ফুৰিবলৈ এৰি দিয়া হয়।


আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল যে এনে এক গুৰুতৰ পৰিস্থিতিৰ পিছতো বিদ্যালয়ত উপস্থিত থকা শিক্ষকসকলে সমস্যাটো সমাধানৰ বাবে কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন নকৰিলে।


এই বিশৃংখলতাৰ আঁৰত বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া প্ৰশাসনিক বিফলতা নিহিত হৈ থকা বুলি অভিযোগ উঠিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইন্দ্ৰপাল গোৱালা কিছুদিন পূৰ্বে দুৰ্নীতিৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছিল। জেললৈ যোৱাৰ পিছত তেওঁক নিলম্বন কৰা হৈছিল যদিও অভিযোগ অনুসৰি তেওঁ এতিয়ালৈকে কোনো শিক্ষক বা বিদ্যালয় পৰিদৰ্শকক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰা নাই। মুৰব্বীহীন বিদ্যালয়খনত বৰ্তমানৰ শিক্ষকসকলে নিয়াৰিকৈ কাম-কাজ চলোৱাত ব্যৰ্থ হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত পৰিছে।


বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডজ্ঞানহীন কৰ্মক লৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্ন হয়, বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? ছাত্ৰ-ছাত্ৰীৰ হেৰুওৱা সময় আৰু মানসিক চাপৰ দায়িত্ব কোনে ল’ব? স্থানীয় ৰাইজে শিক্ষা বিভাগক এই বিষয়ত তৎকালীনভাৱে হস্তক্ষেপ কৰিবলৈ আৰু দোষী শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন