--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি বিগত প্ৰায় কিছুদিন ধৰি উক্ত অঞ্চলটোত নতুনকৈ ঘৰ সাজি উজ্জ্বলা সৰকাৰ নামৰ এগৰাকী মহিলাই চলাই গৈছিল নাৰী দেহৰ ব্যৱসায়৷

ডিজিটেল ডেস্ক: জাগীৰোডৰ মইনাজান কৃষ্ণ নগৰত নাৰী দেহ ব্যৱসায়ী ঘাটি উৎখাত৷ স্থানীয় মহিলাই হাতে-লোটে ধৰে তিনি মহিলাসহ দুজন যুৱকক৷ আটাইকে উত্তম-মধ্যম সোধাই স্থানীয় মহিলাই চমজালে জাগীৰোড আৰক্ষীক৷ ঘটনাস্থলীৰ পৰা পলায়ন কৰা আন তিনি যুৱককো পৰৱৰ্তী সময়ত আটক কৰে স্থানীয় লোকে৷ 


অভিযোগ অনুসৰি বিগত প্ৰায় কিছুদিন ধৰি উক্ত অঞ্চলটোত নতুনকৈ ঘৰ সাজি উজ্জ্বলা সৰকাৰ নামৰ এগৰাকী মহিলাই চলাই গৈছিল নাৰী দেহৰ ব্যৱসায়৷ দৈনিক উক্ত বিশেষ ঘৰটোলৈ বিভিন্ন স্থানৰ পৰা আগমন ঘটে অচিনাকি তথা সন্দেহজনক পুৰুষ-মহিলাৰ৷ দিনৰ পোহৰতে অনৈতিক কাৰ্যকলাপেৰে বিনষ্ট কৰিছিল সামাজিক বাতাবৰণ৷ 


স্থানীয় লোকে উজ্জ্বলা সৰকাৰ নামৰ মহিলাগৰাকীক সতৰ্ক কৰি দিছিল যদিও তেওঁ কোনো ভ্ৰূক্ষেপ কৰা নাছিল৷ অৱশেষত শুক্ৰবাৰে স্থানীয় একাংশ মহিলাই অতৰ্কিতে অভিযান চলাই অসংযত অৱস্থাত উদ্ধাৰ কৰে দুগৰাকী দেহ ব্যৱসায়ী মহিলাক৷ আনহাতে ঝাৰগাঁও চিধাগুৰীৰ হেতুল আৰু ৰচিদুল নামৰ দুই যুৱকক আটক কৰি চমজাই দিয়ে আৰক্ষীক৷ 


ঘটনাস্থলীৰ পৰা পলায়ন কৰা পালিগুৰিৰ ৰুকমান আলী, ধানশালিৰ আজাৰুল সহ মুঠ তিনিজন যুৱকক পৰৱৰ্তী সময়ত পুনৰ আটক কৰি আৰক্ষীক চমজাই দিয়ে স্থানীয় লোকে৷ উজ্জলা সৰকাৰ নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ ইফালে যুৱক কেইজনে লৈ অহা এখন ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা বাহনৰ লগতে জব্দ কৰে এখন মটৰচাইকেল আৰু কেইবাটাও মোবাইল ফোন৷ অতি শীঘ্ৰে এই নাৰী দেহ ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে ব্যৱস্থা ল’ব বুলিও সকিয়াই দিয়ে স্থানীয় লোকে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন