--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সন্ত্রাসবাদৰ পৃষ্ঠপোষক আৰু সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথাও মোদীয়ে কয়

ডিজিটেল ডেস্ক : সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি দোহাৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি কাৰ্যব্যৱস্থা বৃদ্ধি কৰিবলৈ জি-৭-ৰ নেতাসকলক আহ্বান জনায়।


তদুপৰি, সন্ত্রাসবাদৰ পৃষ্ঠপোষক আৰু সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথাও মোদীয়ে কয়। মঙলবাৰে কানাডাত জি-৭-ৰ আউটৰীছ ছেছনত মোদীয়ে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশবোৰক জবাবদিহি কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। প্রধানমন্ত্রী মোদীয়ে কয়, 'বিশ্বৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আমাৰ চিন্তা আৰু নীতি স্পষ্ট হোৱা দৰকাৰ। যদি কোনো দেশে


সন্ত্রাসবাদক সমর্থন কৰে, সেই দেশে তাৰ মূল্য ভৰিব লাগিব।' পৰোক্ষভাৱে পাকিস্তানৰ কথাকে কৈ মোদীয়ে কয়, 'এহাতে আমি আমাৰ নিজৰ অগ্ৰাধিকাৰৰ ভিত্তিত তৎক্ষণাৎ সকলো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰোঁ। আনহাতে, যিবোৰ দেশে মুকলিভাৱেই সন্ত্রাসবাদৰ সমর্থন কৰে তেনে দেশক পুৰস্কৃত কৰোঁ।' উল্লেখযোগ্য যে কানাডাত অনুষ্ঠিত জি-৭ শীর্ষ সন্মিলনত উপস্থিত থকাকে ধৰি প্রধানমন্ত্রী মোদীয়ে ত্রিদেশীয় ভ্রমণসূচীৰে যোৱা দেওবাৰে ভাৰতৰ পৰা ৰাওনা হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক